
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফল মেধাৱী ছাত্ৰ-ছাত্ৰীক মিচিং জনগোষ্ঠীৰ তিনি জাতীয় সংগঠনৰ দ্বাৰা সম্বৰ্ধনা
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ জোনাই সমজিলাৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত দেওবাৰে TMPK চিগা আঞ্চলিক সমিতিৰ উদ্যোগত MMK আৰু TMMKৰ সহযোগত সদ্য ঘোষিত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেয়ে উপস্থিত থাকি শিক্ষাৰ জড়িয়তে কেনেকৈ মানৱ সম্পদ গঢ়িব পৰা যায় আৰু ছাত্ৰ জীৱনৰ লক্ষ্যৰ লগতে ভৱিষ্যত সময়ত নিজৰ সমাজখনক এজন সচেতন নাগৰিক হিচাপে প্ৰতিনিধিত্ব কৰি আগুৱাই নিয়াৰ ওপৰতো ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত এক সাৰুৱা মন্তব্য প্ৰদান কৰে। আনহাতে TMPKৰ জোনাই জিলা সমিতিৰ শিক্ষা সম্পাদক মিন্টু পেগুৱে কয় যে, বিজ্ঞান আৰু প্ৰযুক্তিৰ যোগত শিক্ষা আৰু ক্ৰীড়াৰ জড়িয়তেহে এখন সুস্থ আৰু স্বচ্ছ সমাজ গঢ় দিব পাৰি। লগতে বিশ্বৰ বুকুত জাতিটোক আগুৱাই নিবলৈ হ'লে আমি সকলোৱে জ্ঞানৰ পোহৰ বিচাৰি যাব লাগিব।
উল্লেখ্য যে জোনাইৰ লগতে বৃহত্তৰ চিগা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা প্ৰথম বিভাগত উত্তীৰ্ণ প্ৰতিজন মেধাৱী ছাত্ৰ-ছাত্ৰীক মিচিং জনগোষ্ঠীটোৰ তিনি জাতীয় সংগঠনটোৱে একোখনকৈ মানপত্ৰৰ লগতে মিচিং জনগোষ্ঠীৰ স্বাভিমান এৰক 'কেৰে সম্বৰ্ধনা জনায় । তাৰোপৰি উক্ত অনুষ্ঠানত মধ্য জোনাই জিলা পৰিষদৰ সদস্য মুন্না দলে পাতিৰ,TMPKৰ জোনাই জিলা সমিতিৰ শিক্ষা সম্পাদক মিন্টু পেগু, চিগা আঞ্চলিক সমিতিৰ সভাপতি কৃষ্ণকান্ত দলে, সম্পাদক চিত্ৰৰঞ্জন পেগু, MMK সভাপতি যদুৰাম কুটুম, সম্পাদক গৌতম দলে,TMMK সভানেত্ৰী সোনপাহি পাতিৰৰ লগতে প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থাকে ।