Logo
image

শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি

 'আমাৰ অসম'ৰ বেবেজীয়াৰ  প্ৰতিবেদকঃ  নগাঁও জিলাৰ শালনা চাহ বাগিচাত আজি এক উৎসৱ মুখৰ পৰিৱেশত অসম সাহিত্য সভাৰ এটি শাখা মুকলি কৰা  হয়।  শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি পুৱা  নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী, উপসভাপতি নবীন বৰঠাকুৰ, সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, সাংগঠনিক সম্পাদক দীপিকা নাথ,প্ৰকাশন সমিতিৰ আহ্বায়ক মহেশ নাথ, ঐতিহ্য ৰক্ষা সমিতিৰ উপ-সভাপতি সুৰজিৎ গোস্বামী , জিলা কাৰ্যনিৰ্বাহক সদস্য ৰাতুলেশ্বৰ গোস্বামী উপস্থিত হোৱাৰ পাচত মাদল বজাই, ঝুমুৰ নৃত্যৰ প্ৰদৰ্শণ কৰি সাহিত্য সভাৰ বিষয়ববীয়া সকলক আদৰণি জনায়। আনহাতে  জিলা সাহিত্য সভাৰ বিষয়ববীয়াই ৪ টা গছপুলি ৰোপন কৰে। উল্লেখযোগ্য যে জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰায় দুই শতাধিক চাহ জনগোষ্ঠী লোকে অংশগ্ৰহণ কৰে। চাহ জনগোষ্ঠী নেতা,প্ৰাক্তন চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি সীমাঞ্চল দীগালে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতেই জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই চাহ জনগোষ্ঠী সকলক লৈ সাহিত্য সভাৰ শাখা খোলাৰ প্ৰয়োজনীয়তা  সম্পৰ্কে বহলাই বাখ্যা কৰে।  


উল্লেখ্য যে সভাত সভাপতি ড০ বৰকটকীয়ে কয় যে চাহ জনগোষ্ঠী অসমৰ এক বৃহৎ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ সংস্কৃতিয়ে  অসমীয়া সংস্কৃতিৰ ভেটি শক্তিশালী কৰিছে। অসমীয়া সাহিত্য চহকী কৰা চাহ জনগোষ্ঠীয় সাহিত্যিক সকলৰ বিষয়ে উল্লেখ কৰি ড০ বৰকটকীয়ে কয় যে নগাঁও জিলা সাহিত্য সভাই  চাহ জনগোষ্ঠীৰ প্ৰতিভাৱান নতুন লেখক-লেখিকাৰ লেখা প্ৰকাশৰ আঁচনি হাতত লৈছে। ইয়াৰোপৰি  চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। উক্ত সভাত জিলা সাহিত্য সভাৰ উপসভাপতি নবীন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে। লগতে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকা,সম্পাদক জগত মেধিয়েও ভাগ লয়। নগাঁও জিলা চাহ জনগোষ্ঠী ছাত্ৰ সন্থা,আদিবাসী ছাত্ৰ সন্থাৰ জিলাৰ সভাপতি আৰু সম্পাদকে এই সভাত অংশগ্ৰহণ কৰাৰ লগতে সাহিত্য সভাৰ সভাপতি, সম্পাদকক আদৰণি জনায়।  উল্লেখ্য যে সভাত সৰ্ব সন্মতি ক্ৰমে মংগল নায়কক  শালনা চাহ বাগিছা শাখা সাহিত্য সভাৰ সভাপতি  আৰু  ৰাম বিকাশ তাঁতীক সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়। চাহ জনগোষ্ঠীৰ অন্যতম কবি প্ৰতিমা ৰাজৱাৰক পত্ৰিকা সম্পাদক হিচাপে নিৰ্বাচন কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতীযে শুভেচ্ছা বাণী প্ৰেৰণ কৰাৰ লগতে  চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সভাপতি গোলাপ চন্দ্ৰ তংলাই অসম সাহিত্য সভাৰ লগত সম্পৰ্ক ৰক্ষা কৰি জনগোষ্ঠীটোৰ  সাহিত্যৰ বিকাশৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে মঙ্গল নায়ক  আৰু অঞ্জনা পাহাৰীয়াই ঝুমুৰ গীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে।সভাত জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ বাবে চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালক সভাপতি আৰু উদন  চহৰীয়াক সম্পাদক হিচাপে লৈ  এখন প্ৰস্তুতি সমিতি গঠন কৰে। প্ৰতিমা ৰাজৱাৰে শলাগ শৰাই আগবঢ়াই আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলে দীপিকা নাথৰ নেতৃত্বত জাতীয় সংগীত পৰিবেশন কৰে।  উল্লেখ্য যে কলিয়াবৰ শাখা সাহিত্য সভাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস এইবাৰ শালনাত অনুষ্ঠিত কৰিব বুলি শাখা সম্পাদক জগত মেধিয়ে ঘোষণা কৰে। নগাঁও জিলা সাহিত্য সভাই  চাহ বাগিচাত শাখা মুকলি কৰি আজি এক গুৰুত্ব পূৰ্ণ পদক্ষেপ  গ্ৰহণ কৰিছে  বুলি চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালে মন্তব্য কৰে। জিলা সাহিত্য সভাৰ তৰফৰ পৰা নতুনকৈ গঠিত প্ৰতিগৰাকী চাহ বাগিছা শাখা সাহিত্য সভাৰ  বিষয়ববীয়াক একোখন কৈ গ্ৰন্থ উপহাৰ দিয়া হয়।