
বাঘবৰ-বহৰি সংযোগী মথাউৰিৰ পাহাৰপুৰ-হাবিদংৰাত অৰ্ধেকাংশ খহাই নিলে ব্ৰহ্মপুত্ৰই, আতংকিত শ শ পৰিয়াল
বামুণদংৰাৰ পৰা 'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদকঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাহাৰপুৰ কাতুলি অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই । উল্লেখযোগ্য যে চলিত বৰ্ষৰ প্ৰথমটো বাৰিষাতে সমষ্টিটোৰ বামুণদংৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত পাহাৰপুৰ আৰু কাতুলি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৰুদ্ৰ-মূৰ্ত্তি ধাৰণ কৰাত প্ৰায় অৰ্ধ শতাধিক পৰিয়াল গৃহহীন হয়। আনহাতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বাঘবৰ-বহৰি ই এণ্ড ডি মথাউৰিলৈ ভাবুকি কঢ়িয়াই অনাত সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় ৫০ বছৰ পুৰণি মথাউৰিটো ছিঙিলে মথাউৰিটোৰ উত্তৰ দিশৰ প্ৰায় অৰ্ধ শতাধিক সৰু ডাঙৰ গাঁও ক্ষতিগ্ৰস্ত হব। এনে পৰিস্থিতিত উক্ত অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে জিলা আয়ুক্তৰ তৎপৰতাত জলসম্পদ বিভাগে তাৎক্ষণিকভাৱে জিঅ'বেগৰ বান্ধৰ কাম আৰম্ভ কৰে। উল্লেখ্য যে দৈনিক ১০ খনকৈ নাও ব্যৱহাৰ কৰি জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ নিৰীক্ষণত জিঅ'বেগৰ বান্ধৰ কাম চলি থকাৰ মাজতে ব্ৰহ্মপুত্ৰৰ পানী কিছু হ্ৰাস পোৱাত গৰাখহনীয়াৰ প্ৰকোপো কিছু হ্ৰাস পায়। যাৰ বাবে ঠিকাদাৰে ১০ খন নাওৰ পৰিৱৰ্ত্তে ২-৩ খন নাও ব্যৱহাৰ কৰি বান্ধৰ কাম চলাই নিয়ে।
উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ এনে হেমাহিৰ ফল ভোগ কৰিব লগীয়া হৈছে অঞ্চলবাসীয়ে। জানিব পৰা মতে, যোৱা নিশা পাহাৰপুৰ-হাবিদংৰাৰ সংযোগস্থলীত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত হঠাৎ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পূৰ্বে বাঘবৰ-বহৰি সংযোগী মথাউৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ দূৰত্ব ১০-১৫ ফুট আছিল যদিও গৰাখহনীয়াই ৰুদ্ৰ-মূৰ্ত্তি লোৱাত নিশা মথাউৰিটোৰ অধিকাংশ ইতিমধ্যে খহাই নিছে। যোৱা নিশা প্ৰৱল বৰষুণৰ মাজতে মথাউৰিটোৰ বহল ভাগৰ অধিকাংশ খহাই নিয়াত হাহাকাৰ লাগে অঞ্চলটোত। মথাউৰিটোৰ আধা অংশ খহাই নিয়াত নিশাই জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে শ্ৰমিক লগাই জিঅ'বেগ পেলাই খহনীয়া প্ৰতিৰোধৰ লগতে মথাউৰিটো ৰক্ষা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে স্থানীয় লোকে জনোৱা মতে, বাঘবৰ-বহৰি ই এণ্ড ডি মথাউৰিটোৰ পাহাৰপুৰ-হাবিদংৰাৰ অংশটো সম্পূৰ্ণৰূপে ছিঙিলে মথাউৰিটোৰ উত্তৰ দিশৰ প্ৰায় অৰ্ধ শতাধিক সৰু বৰ গাঁও ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত। স্থানীয় লোকে ব্যক্ত কৰা মতে, মথাউৰিটো ছিঙিলে বামুণদংৰা, হাবিদংৰা, মন্দিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতিখন গাঁও, চুবুৰী প্ৰভাৱিত হব । কেইবা হাজাৰ পৰিয়ালৰ ঘৰ-দুৱাৰ উছন হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে । যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ অৰ্ধ লক্ষাধিক পৰিয়াল আতংকিত হৈ পৰিছে । জানিব পৰা মতে, খহনীয়া সৃষ্ট স্থানত পেলোৱা জিঅ'বেগ ব্ৰহ্মপুত্ৰৰ কৰাল সোঁতে উটুৱাই নিয়াত নিশাটোৰ ভিতৰতে বাঘবৰ-বহৰি ই এণ্ড ডি মথাউৰিৰ অধিকাংশ খহাই নিছে । অৱশ্যে জলসম্পদ বিভাগে অতি ক্ষিপ্ৰতাৰে মথাউৰিটোৰ খহাই নিয়া অংশত এক্সেভেটৰেৰে মাটি পেলাই সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। ব্ৰহ্মপুত্ৰৰ এনে বিধ্বংসী খহনীয়াত আতংকিত হৈ বহু পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি স্থানান্তৰিত হোৱা দেখা গৈছে।