Logo
image

আজি পুৱাই কামাখ্যা মন্দিৰ দৰ্শন গৌতম গম্ভীৰৰ

'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ  ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আজি (সোমবাৰ)পুৱাই গুৱাহাটীত উপস্থিত হয়। উল্লেখযোগ্য যে গুৱাহাটীত উপস্থিত হৈয়ে প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰে । জানিব পৰা মতে গৌতম গম্ভীৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পোনে পোনে আহি মা কামাখ্যাৰ আশিস লয়। কটকটীয়া নিৰাপত্তাৰ মাজেৰে নীলাচলৰ বুকুত উপস্থিত হৈ মা কামাখ্যাক পূজা অৰ্চনা কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।অৱশ্যে কামাখ্যা দৰ্শনৰ সময়ত গৌতম গম্ভীৰে সংবাদ মাধ্যমৰ সন্মুখত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে । ইফালে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক দেখাৰ লগে লগে অনুৰাগীসকলৰ মাজত ব্যাপক উছাহ দেখা যায়। আনহাতে বিভিন্নজনে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ সৈতে ছেলফি তোলাৰ বাবে হেতা-ওপৰা লগায় । উল্লেখ্য যে পুৱাই গৌতম গম্ভীৰৰ কামাখ্যা মন্দিৰ দৰ্শনৰ সন্দৰ্ভত কামাখ্যা মন্দিৰৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কয় যে, "আজি পুৱাই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে কামাখ্যা মন্দিৰ দৰ্শন কৰে । সম্পূৰ্ণ ৰীতি-নিয়মেৰে মন্দিৰ দৰ্শন আৰু পূজা সম্পন্ন কৰোৱা হয় । মা কামাখ্যাৰ আশিস লৈ তেওঁ কামাখ্যা মন্দিৰৰ পৰা বিদায় লয় । ভগৱতীৰ ওচৰত এয়াই প্ৰাৰ্থনা যাতে তেওঁ ভাৰতীয় ক্ৰিকেট দলক আৰু আগুৱাই নিব পাৰে । লগতে তেওঁৰ নেতৃত্বত ভাৰতীয় দলে যাতে আৰু সুনাম অৰ্জন কৰিব পাৰে তাৰেই আশীৰ্বাদ জনাইছো ।" লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল ।


উল্লেখ্য যে অহা ২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলা আৰম্ভ হ'ব । ইতিমধ্যে ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে শুভমন গিলক দলটোৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে । দলটোত কেইবাগৰাকী নৱাগতক স্থান দিয়া হৈছে । তেনে পৰিস্থিতিত ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে ভাৰতৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হ'ব । তাৰ পূৰ্বে ভাৰতীয় দলৰ সফলতা কামনা কৰি দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে । জানিব পৰা মতে গৌতম গম্ভীৰে কামাখ্যা মন্দিৰৰ পৰা গুৱাহাটীৰ ৰেডিচন ব্লু হোটেললৈ যায় । তাৰ পৰা তেওঁ দুপৰীয়া বিমানযোগে গুৱাহাটীৰ পৰা উৰা মাৰিব ।