
ডেক্স বেঞ্চৰ অভাৱত বস্তাত বহি পাঠ গ্ৰহণ কৰিছে পেঙেৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে
'আমাৰ অসম'ৰ লিডুৰ প্ৰতিবেদকঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমোল পৰিৱৰ্তন হোৱা বুলি ঢাক ঢোল বজাই থকাৰ সময়ত অসম চৰকাৰে চাহ বাগিচা সমূহত প্ৰতিষ্ঠা কৰা আদৰ্শ বিদ্যালয়ত দেখিব পোৱা গৈছে এক শিক্ষা বিভাগৰ পয়ালগা ছবি। উল্লেখযোগ্য যে অসম চৰকাৰে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে ২০২২ চনত প্ৰতিষ্ঠা কৰিছিল পেঙেৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়। দুজন শিক্ষক থকা আদৰ্শ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ৩৫০ গৰাকী।আনহাতে ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ আচবাব ডেক্স-বেঞ্চৰ অভাৱত ঘৰৰ পৰা বস্তা আনি গ্ৰহণ কৰিব লগীয়া হৈছে পাঠদান। উল্লেখ্য যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ,পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে শিক্ষা বিভাগে বিদ্যালয় নিৰ্মাণৰ নামত কোটি কোটি খৰচ কৰাৰ বিপৰীতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ দিব পৰা নাই লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ আচবাব পত্ৰ ডেক্স বেঞ্চ ইত্যাদি।
শিক্ষা বিভাগৰ এনে পয়ালগা অৱস্থা কথা জানিব পাৰি ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ,পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতি। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতত শিক্ষক আৰু আচবাব পত্ৰ যোগান ধৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ,পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে । আনহাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি শিক্ষা বিভাগক হেতালি খেলা কাৰবাৰ বন্ধ নকৰিলে শিক্ষা বিভাগৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। তদুপৰি বিদ্যালয়খনৰ ভৱনৰ নিৰ্মাণ কাৰ্য আসোঁৱাহ পূৰ্ণ বুলিও অভিযোগ কৰে সংগঠন টোৱে। উল্লেখযোগ্য যে পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে বিদ্যালয়খনৰ পৰিবেশ দেখাৰ পাছতে এনেদৰে দাবী জনায়।