Logo
image

জাপানক অতিক্ৰমি চতুৰ্থ বৃহৎ অৰ্থনীতিৰ স্বীকৃতিক লৈ বিভ্ৰান্ত ‘দৰিদ্ৰ ভাৰত’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ   পৃথিৱীৰ ক্ষুদ্ৰতম দেশৰ ম’নাকো অন্যতম৷ ইয়াৰ মাটিকালি মুঠেই ২.০৮ বৰ্গ কিলোমিটাৰ, অৰ্থাৎ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ দেশ ভেটিকানতকৈ সামান্য ডাঙৰ৷ কিন্তু এইখন দেশৰ চাৰিজন ব্যক্তিক যদি এটা শাৰীত থিয় কৰাই দিয়া যায়, তেন্তে তাৰ তিনিজনেই ‘বিলিয়নাৰ’ ওলাই পৰে৷ বিশ্বত চহকী দেশ কোন, সেই প্ৰশ্ন যেতিয়া উত্থাপন হয়, তেতিয়া বুদ্ধিদীপ্ত ব্যক্তিয়ে এনেদৰেই ম’নাকোৰ চহকী জীৱনযাত্ৰা আৰু দেশখনৰ স্বাচ্ছন্দ্যৰ বিষয়ে বৰ্ণনা কৰি তুলনা টানি আনে৷ সেই তুলনা পুনৰ উঠি আহিছে৷ কিয়নো ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ অৰ্থনীতিৰ দেশৰ  স্বীকৃতি লাভ কৰাৰ লগে লগে প্ৰশ্ন উঠিছে– ভাৰতবাসীও ম’নাকোবাসীৰ দৰে চহকী হৈ পৰিল নেকি?  অথবা জাপানৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ যি মান, ভাৰতৰ ১৪০ কোটি নাগৰিকে এতিয়াৰ পৰা সেইদৰেই  অভাৱনীয়ভাৱে উন্নতমানৰ জীৱন-ধাৰণ কৰিবলৈ সক্ষম হ’ব নেকি?  সেই উত্তৰ একেবাৰেই নেতিবাচক৷ পিছে ভাৰতে যে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশত উপনীত হৈছে তাত কোনো সন্দেহ নাই৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ জি ডি পিৰ পৰিমাণ এতিয়া ৪.১৮৭ ত্ৰিলিয়ন ডলাৰ৷ ভাৰতৰ সন্মুখত আছে তিনিখন দেশ– আমেৰিকা [৩০.৫০৭ ত্ৰিলিয়ন ডলাৰ], চীন [১৯.২৩১ ত্ৰিলিয়ন ডলাৰ] আৰু জাৰ্মানী [৪.৭৪৪ ত্ৰিলিয়ন ডলাৰ]৷ এই তথ্য দাঙি ধৰিছে নীতি আয়োগৰ চি ই অ’ ডি ভি আৰ সুব্ৰমণিয়মে৷ তেওঁ দাবী কৰা অনুসৰি অহা আঢ়ৈ-তিনি বছৰৰ ভিতৰত ভাৰতে অৱলীলাক্ৰমে জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ  তৃতীয় স্থানৰ অৰ্থনীতিৰ দেশৰ মৰ্যাদা লাভ কৰিব৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰিসংখ্যা অনুসৰিয়েই সুব্ৰমণিয়মে এই তথ্য প্ৰকাশ কৰিছে৷ তেওঁ লগতে জনায় যে ২০১৫ চনত ভাৰতৰ মুঠ জিডিপি আছিল ২.১ ত্ৰিলিয়ন ডলাৰ৷ বিগত ১০ বছৰত ভাৰতৰ অৰ্থনীতিৰ  এই উন্নয়ন সম্ভৱ হৈছে৷  স্বাভাৱিকতে ভাৰতৰ অৰ্থনীতিৰ স্বাস্থ্য অতি উন্নত অৱস্থালৈ যোৱাটোৱে দেশবাসীক আপ্লুত কৰি তুলিছে৷ বিশ্বৰ চতুৰ্থস্থানৰ অৰ্থনীতিৰ এখন দেশৰ নাগৰিক হোৱাটো স্বাভাৱিকতে সৌভাগ্যৰ বিষয়৷ প্ৰতিবেশী অথচ শত্ৰু পাকিস্তানে অৰ্থনৈতিক সংকটত ককবকাই থকাৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ এই উন্নয়ন স্বাভাৱিকতে বহুতৰ বাবেই ঈৰ্ষণীয়৷  পিছে এয়া হৈছে দেশৰ অৰ্থনীতিৰ আকাৰ অথবা আয়তনহে৷ ভাৰতৰ অৰ্থনীতিয়ে এনে বিশাল ৰূপ ধাৰণ কৰিলেও দেশৰ জনসাধাৰণৰ জনমূৰি আয় বাঢ়ি যোৱা নাই৷ সামগ্ৰিকভাৱে ভাৰতৰ অৰ্থনীতিৰ পৰিমাণ বৃহতৰ পৰা বৃহততৰ হৈ পৰিছে৷ সেয়া দেশৰ অৰ্থনীতিৰ বাবে অতি শুভ লক্ষণ৷ কিন্তু একে সময়তে এই অৰ্থনীতিৰ আকাৰ বৃদ্ধিয়ে দেশৰ জনসাধাৰণক চহকী কৰি তুলিব বুলি ভবাটো সম্পূৰ্ণ ভুল৷ কিয়নো ভাৰতৰ আৰ্থিক বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ সামগ্ৰিক জিডিপিৰ বিচাৰ কৰা হৈছে, পাৰ-কেপিটা জিডিপি অৰ্থাৎ জনমূৰি ভিত্তিত জিডিপিৰ বিচাৰ কৰা হোৱা নাই৷ সেয়ে ভাৰতৰ অৰ্থনীতিয়ে অতিকায় ৰূপ ধাৰণ কৰিলেও যিকোনো এজন ভাৰতীয় নাগৰিক বিলিয়নাৰ কিম্বা মিলিয়নাৰ হৈ পৰা নাই৷ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা প্ৰায় একেই আছে৷ তদুপৰি জাপানক ভাৰতৰ অৰ্থনীতিয়ে অতিক্ৰম কৰাৰ লগে লগে ভাৰতবাসীয়ে জাপানৰ নাগৰিকৰ দৰে উন্নতমানৰ জীৱনযাত্ৰাও লাভ কৰা নাই৷ 


প্ৰকৃততে ভাৰতত ধনিকশ্ৰেণী ধনী হৈ গৈ আছে আৰু দৰিদ্ৰ শ্ৰেণী দৰিদ্ৰ হৈ গৈ আছে৷ ভাৰতৰ মুঠ জিডিপিৰ সিংহভাগ সোমাই আছে মুষ্টিমেয় ধনাঢ্য অথবা কেইজনমান ধনকুবেৰৰ হাতত৷ তেওঁলোকৰ ধনৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগেই ভাৰতৰ সামগ্ৰিক অৰ্থনীতিৰো উন্নয়ন ঘটিছে, কিন্তু দৰিদ্ৰৰ ৰূপ দৰিদ্ৰ হৈয়ে আছে৷ অৰ্থাৎ ভাৰতত চহকী শ্ৰেণী অধিক চহকী হৈ পৰিছে আৰু দৰিদ্ৰ দিনে দিনে দাল-দৰিদ্ৰলৈ পৰ্যবসিত হৈছে৷   ভাৰতৰ এই অৰ্থনৈতিক উন্নয়নক ‘ইনইকুৱেলিটী’ অথবা অসাম্য উন্নয়ন বুলি অভিহিত কৰা হয়৷ য’ত দেশৰ এক শতাংশ ব্যক্তিৰ হাতত ভাৰতৰ সিংহভাগ ধন-সম্পদ সোমাই আছে৷ সেয়ে দেশৰ অৰ্থনীতি বিশ্বৰ চতুৰ্থ হৈ পৰিলেও ভাৰতৰ দৰিদ্ৰ শ্ৰেণীৰ জীৱন-ধাৰণৰ মান উন্নত নহয় অথবা ধনিক শ্ৰেণীয়ে সেই ধন দেশৰ দৰিদ্ৰৰ মাজত বিতৰণ কৰি নিদিয়ে৷ এনে পৰিস্থিতিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ আশী কোটি নাগৰিকক বিনামূলীয়া চাউল যোগান ধৰি থাকিবলগীয়া হৈছে৷ যদিহে ম’নাকোৰ দৰে ভাৰতৰ সকলোৰে অৰ্থনৈতিক উন্নয়ন সমানে হ’লহেঁতেন, অথবা জাপানৰ দৰে জীৱনযাত্ৰা থাকিলহেঁতেন, তেতিয়া কেন্দ্ৰীয় চৰকাৰে দেশৰ আশী কোটি নাগৰিকক মাহে মাহে প্ৰত্যেককে পাঁচ কিলোগ্ৰামকৈ চাউল যোগান ধৰি থাকিবলগীয়া নহ’লহেঁতেন৷ ঘাইকৈ অসাম্য উন্নয়নে ভাৰতৰ অৰ্থনীতিক এনে বিষম আঘাত দিছে, য’ত দেশৰ অৰ্থনীতিয়ে চাৰি ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিলেও দেশবাসীৰ সেই সংখ্যা চাই উল্লাস কৰাৰ বাহিৰে আন একো উপকাৰ নহয়৷ কোৱা বাহুল্য মাথোঁ, বিশ্ব মানৱসম্পদ উন্নয়ন সূচকত ১৯৩খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৩৪, বিশ্ব ক্ষুধা সূচকত ১২৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৫, বিশ্ব আইন লাভ সূচকত ১৯৩খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৭৯, বিশ্ব সংবাদ স্বাধীনতা সূচকত ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৬২, বিশ্ব উদ্ভাৱনী সূচকত ১৩৩খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৩৯৷  এই পৰিসংখ্যাই বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশৰ প্ৰকৃত ৰূপ প্ৰতিফলিত কৰে৷