
গোসাঁই গাঁৱত একে দিনাই চাৰিখন সভা বিজেপি দলৰ
'আমাৰ অসম'ৰ গোসাঁই গাঁৱৰ প্ৰতিবেদকঃ বিজেপি দলৰ লক্ষ্য বিটিচি। বিটিচি নিৰ্বাচনত বিজেপি দলে যাতে ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে বিভিন্ন কৌশল প্ৰস্তুত কৰি প্ৰচাৰ কাৰ্যত জড়িত হৈ পৰিছে। উল্লেখযোগ্য যে জিলা, মণ্ডল, বুথ সমিতিৰ উপৰি দলৰ শীৰ্ষ কাৰ্যকৰ্তা সকলে প্ৰচাৰ চলাই থকাৰ সমান্তৰাল কৈ ৰাজ্যিক পৰ্যায়ৰ নেতা আহিছে। আনহাতে বিটিচি নিৰ্বাচনৰ বাবে কোকৰাঝাৰ জিলাৰ তত্বাবধায়ক তথা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক আৰু বিধায়ক ডিপ্লো ৰঞ্জন শৰ্মা কালি গোসাঁই গাঁৱত উপস্থিত হয়। গোসাঁই গাঁও মহকুমাৰ কচুগাঁও, যম দুৱাৰ, গুমা আৰু শ্ৰী ৰামপুৰ মণ্ডলৰ কাৰ্য কৰ্তা সকলৰ সৈতে পৃথকে পৃথকে বহি সভা অনুষ্ঠিত কৰে।
উল্লেখ্য যে অহা বিটিচি নিৰ্বাচনত বিজেপি দলে কি পন্থা লৈ আগুৱাই যাব আৰু দলৰ ভেটি সন্দৰ্ভত আলোচনা কৰি বুজ লয়। উক্ত সভাত জিলা , মণ্ডল আৰু বুথ পৰ্যায়ৰ কৰ্মী সকলে উপস্থিত থাকি দলৰ বৰ্তমান ভেটিৰ ওপৰত বক্তব্য আগবঢ়াই। আনহাতে অহা বিটিচি নিৰ্বাচনত অধিক সক্রিয় আৰু নিষ্ঠাৰে কাম কৰি দলক আগুৱাই নিয়াৰ বাবে পৰামৰ্শ আগবঢ়াই তত্বাবধায়ক গৰাকীয়ে। বিজেপি দলৰ সকলো কাৰ্যকৰ্তাক নিৰ্বাচনৰ বাবে সাজু হৈ প্ৰচাৰত জড়িত হোৱাৰ পৰামৰ্শ আগবঢ়াই। বিটিচি নিৰ্বাচনৰ পূৰ্বে বিধায়ক, মন্ত্ৰী, শীৰ্ষ নেতা কৰ্মীৰ আগমন ঘটিছে বিটিচিলৈ । ইয়াক লৈ অন্যান্য ৰাজনৈতিক দলৰ নেতা কৰ্মী এক প্ৰকাৰৰ শংকিত হব বুলি আন এক চৰ্চা চলি আছে।