Logo
image

দেউৰী-অসমীয়া-ইংৰাজী শব্দৰ মাজেৰে ঐতিহ্যৰ সেতুবন্ধন

'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ   অসমৰ অন্যতম জনগোষ্ঠী দেউৰী সকলৰ বাবে এটা উৎসাহ জনক খৱৰ । অস্তিত্বৰ সংকটত পৰা দেউৰী ভাষাটো যুগ যুগান্তৰলৈ সংৰক্ষিত কৰাৰ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে।  উল্লেখযোগ্য যে মৃত্যুৰ দুৱাৰ দলিৰ পৰা দেউৰী ভাষাক পুনৰুদ্ধাৰ কৰাৰ সবল প্ৰয়াস কৰিছে অসমৰ জাতীয় অনুষ্ঠান আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাই । ইতিমধ্যে উত্তৰ গুৱাহাটী ৰজাদুৱৰাস্থিত মুখ্য কাৰ্যালয়ত আৰম্ভ হৈছে "দেউৰী -অসমীয়া-ইংৰাজী" ত্ৰিভাষীক অভিধানৰ ১৯ সংখ্যক তথা শেষৰখন কৰ্মশালা ।


উল্লেখ্য যে  ২০১৩ চনত আৰম্ভ কৰা হৈছিল এই ত্ৰিপাক্ষিক অভিধান খনৰ কাম । কিন্তু বিভিন্ন কাৰণত অভিধানখন সম্পূৰ্ণ হোৱা নাছিল যদিও আবিলেকৰ বৰ্তমানৰ সঞ্চালক ড'সুদেঞ্চা ভট্টাচাৰ্যৰ উদ্যোগত ইয়াৰ শেষ পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে । আনহাতে আবিলেকৰ উত্তৰ গুৱাহাটী ৰজাদুৱাৰস্থিত মুখ্য কাৰ্যালয়ত আৰম্ভ কৰা এই কৰ্মশালাত দেউৰী সাহিত্য সভাৰ সভাপতি ড' ষড়ানন দেউৰী,  প্ৰাক্তন সভাপতি লীলাকান্ত দেউৰী,  প্ৰাক্তন প্ৰধান সম্পাদক প্ৰবীণ কুমাৰ দেউৰী,  আলোচনী সম্পাদক মনিমোহন দেউৰী, বিদ্যাসাগৰ দেউৰীকে ধৰি দেউৰী সমাজৰ  প্ৰায়  ১১ জন  সদস্যই অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে  অন্তিমখন কৰ্মশালাতে প্ৰতিটো দেউৰী শব্দৰ  উচ্চাৰণো বাণীবদ্ধ কৰাৰ কাম সমান্তৰাল ভাৱে চলি আছে ।  অভিধানখনৰ অনলাইন সংস্কৰণো প্ৰকাশ কৰাৰ উদ্যোগ লৈছে আবিলেকে। সকলো ঠিকে থাকিলে চলিত বছৰতে পাঠকে লাভ কৰিব এই অভিধানখন । আবিলেকৰ সহকাৰী অধ্যাপক ড' পলাশ কুমাৰ নাথৰ তত্বাৱধানত চলি আছে  এই কৰ্মশালাখনৰ কাম । অভিধান খনত প্ৰায়  ১০ হাজাৰ দেউৰী শব্দ সামৰি লোৱা হ'ব । উল্লেখ্য যে বৰ্তমান প্ৰায় আঢ়ৈ লাখ দেউৰী লোক  থকা জনগোষ্ঠীটোৰ বাবে এই অভিধান খনে তেওঁলোকৰ অস্তিত্ব যুগমীয়া কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।