'গুৱাহাটীৰ বানপানী এশ শতাংশ নিৰাময় কৰাটো অসম্ভৱ'
'আমাৰ অসম'ৰ বৰভাগৰ প্ৰতিবেদকঃ কৃত্ৰিম বানত গুৱাহাটী মহানগৰবাসীয়ে নৰক যন্ত্ৰণা ভুগি অহা সন্দৰ্ভত আজি নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত কয়, USTM মাত্ৰ এটা উদাহৰণহে। গুৱাহাটীত আজিৰ বানপানীৰ ডাঙৰ অংশ হ’ল মেঘালয়ৰ পৰা নামি অহা পানী। ১০ বছৰত তাত পাহাৰ, গছ-গছনি কাটি নোহোৱা কৰি দিছে। আমি হাইৱেৰ বিভিন্ন ঠাইত কিছুমান শ্লুইচ গেট দি দিছোঁ৷ কিন্তু মেঘালয়ৰ পাহাৰৰ পৰা ইমান পানী আহিছে ৰখাব নোৱাৰি। হাইৱে পাৰহৈ আহিছে। কিন্তু জি এছ ৰোডত পানী হৈছে আধাঘণ্টা, এঘন্টাৰ ভিতৰত ওলাই গৈছে। মালিগাঁৱত পানী হৈছে দুই তিনি ঘন্টাত ওলাই গৈছে।
পানী কোনেও ৰখাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয়, অহা ২ জুনত মুখ্যমন্ত্ৰী পৰ্যায়ত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগৰ বৈঠক অনুষ্ঠিত হ'ব। দুয়োখন ৰাজ্যই এটা সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিব ৷ আজিৰ তাৰিখত আমি গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছোঁ৷ USTM ৰ হৈ ওকালতি কৰিব অহা লোকসকলক টকা-পইচাৰে হয়তো সহায় কৰে তেওঁলোকে। গুৱাহাটীৰ বানপানী ১০০% নিৰাময় কৰা সম্ভৱ নহয় বুলিও মন্ত্ৰী বৰুৱাই মত ব্যক্ত কৰে। মন্ত্ৰী বৰুৱাই লগতে ইয়াকো কয় যে, কইনাধৰাৰ পৰা গুৰুদ্বাৰ, পামহি হৈ দিপৰ বিলহৈ ব্ৰহ্মপুত্ৰ আৰু খানাপাৰাৰ পৰা জুৰি পাৰ হৈ বোন্দা জানেৰে ব্ৰহ্মপুত্ৰলৈ দুটা বৃহৎ ড্ৰেইনৰ কাম চলি আছে। এই ড্ৰেইন দুটাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'লে কৃত্ৰিম বানপানী নিৰাময় হোৱাৰ আশা কৰা হৈছে।






