Logo
image

গুৱাহাটীলৈ আহি গুৱাহাটীৰ বিষয়ে কি ক'লে বলীউডৰ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰে?

 'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক গুৱাহাটীঃ    গুৱাহাটীত মোহমোয়ী বলীউড অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰ। গুৱাহাটীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মোহমোয়ী বলীউড অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰে। উল্লেখযোগ্য যে  উৰ্মিলা মাটোণ্ডকাৰে  গুৱাহাটীলৈ শুকুৰবাৰে প্ৰথমবাৰলৈ আহি  শনিবাৰে  মা কামাখ্যা মন্দিৰ দৰ্শন কৰি উলুবাৰীৰ  ছ'ল এষ্টেটিক্স এণ্ড একাডেমীৰ  অত্যাধুনিক এষ্টেটিক্স  এণ্ড ৱেলনেছ ক্লিনিক  মুকলি কৰে।  আনহাতে এই ক্লিনিকখন  মুকলি কৰি সংবাদ মাধ্যমৰ আগত  বলীউডৰ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰে কয়  যে, ''মই প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছো,  গুৱাহাটীলৈ আহিবলৈ বহু আগ্ৰহী  হৈ আছিলো,  কিন্তু মই এনেকুৱা এটা দিনত গুৱাহাটীলৈ আহিছো যিদিনা গুৱাহাটীত ধাৰাষাৰ বৰষুণ দি আছিল।   প্ৰতিকুল বতৰৰ বাবে অলপ ভয় খাইছিলো! শুনিছিলো যে  মা কামাখ্যা  মন্দিৰত  ভূমিস্খলন হৈ আছে।  সকলোবোৰ মাৰ ওপৰত এৰি শনিবাৰে পুৱাই মা কামাখ্যা মন্দিৰ বৰ সুন্দৰকৈ দৰ্শন কৰিলো । দৰ্শন কৰি মোৰ ভাল অভিজ্ঞতা হৈছে।  আধ্যাত্মিক পৰিৱেশটো খুব ভাল লাগিছে।  মা কামাখ্যাই মাতিলে মই সপৰিয়ালে মন্দিৰ দৰ্শন কৰিম।   এইটো এটা অজুহাত হিচাপে লৈ মই  পুনৰ গুৱাহাটীলৈ আহিব বিচাৰিম।" 


তদুপৰি মই  আজি  এই ক্লিনিকখন  উদ্বোধনী কৰিবলৈ আহিছো । এদিন গ্ৰাহক হৈ আহিম।   তেওঁ লগতে কয় যে,  "মই ৰেডিশ্বন ব্লু হোটেলৰ পৰা আহি থাকোতে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখিছোঁ  আগন্তুক দিনত গুৱাহাটীখন আৰু ধুনীয়া হৈ উঠিব।"তেওঁ ফিটনেছ টিপছ কি বুলি সাংবাদিকে সোধাত প্ৰশ্নৰ উত্তৰত তেওঁ কয়  যে, " মোৰ ফিটনেছৰ মন্ত্ৰ নাই । ফিটনেছক লাইফ ষ্টাইল বনাব লাগে । ভাল খাদ্য খাওক , ভাল কথা ভাৱক আৰু ভাল কথা কওক।"