Logo
image

আজিও হ’ব বৰষুণ, কমিব সোমবাৰৰ পৰা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ বেছিভাগ ঠাইতে কম-বেছি পৰিমাণে ধাৰাবাহিকভাবে তিনিদিন ধৰি বৰষুণ হৈ থকা বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন৷ যাৰ বাবে গ্ৰীষ্মৰ মাহ হিচাপে পৰিচিত জেঠ মাহৰ গৰমতো ৰাইজে সূৰ্য দেৱতাক আকাশত আবিৰ্ভাৱ হোৱাৰ বাবে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে বংগোপসাগৰত শেহতীয়াভাবে সৃষ্টি হোৱা গভীৰ নিম্নচাপ ২৯ মে’ত বাংলাদেশৰ আকাশৰে উত্তৰ পূবলৈ গতি কৰা আৰু তাৰ পূৰ্বে ২৭ মে’ত দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত এটা সপ্তাহ আগতীয়াকৈ প্ৰৱেশ কৰাৰ পাছৰে পৰা অশান্ত হৈ পৰিছে অসমসহ উত্তৰ পূবৰ আকাশ৷ ফলত ২৮ মে’ৰ দিনা নিশাৰে পৰা উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ৷ আনহাতে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বেচিভাগ ঠাইতে স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হোৱা বাবে শুকুৰবাৰে পুৱাৰে পৰা শনিবাৰ নিশা পৰ্যন্ত ৪০ ঘণ্টাৰো অধিক সময় ধৰি মহানগৰীৰ বহু অঞ্চল জলমগ্ন হৈ আছে৷ আনকি বহু বাট-পথ পানীৰ তলত থকাত যান-বাহনৰ চলাচলত বাধাৰ সৃষ্টি হৈছে৷ একেদৰে প্ৰায় ৫০ ঘণ্টাৰো অধিক সময় ধৰি বৰষুণ হৈ থকা বাবে ৰাজ্যৰ আন অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে৷

ইফালে ৰাজ্যৰ বেছিভাগ অঞ্চলতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে৷ উল্লেখ্য যে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়৷ অথচ গুৱাহাটী মহানগৰীত শনিবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত হোৱা গড় বৰষুণৰ পৰিমাণ আছিল ১২ চেণ্টিমিটাৰ৷ অৱশ্যে গুৱাহাটীৰ ভিতৰত পাণ্ডু অঞ্চলত মাধ্যমিক ১৮ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছিল৷ তেনেদৰে বিগত ২৪ ঘণ্টাত তেজপুৰ, উত্তৰ লখিমপুৰকে ধৰি উত্তৰ অসমৰ বেছিভাগ ঠাইতে ১৭ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷ যাৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি কেবাখনো নৈ - উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে৷ আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি গৈছে৷  ফলত ৰাইজে ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে৷  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত অসমৰ আকাশ আগন্তক ৪ জুন পৰ্যন্ত ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণ আৰু ঠাইবিশেষে গাজনি, ঢেৰেকনিৰ সৈতে প্ৰবল বৃষ্টিপাত হব৷ বিশেষকৈ চুবুৰীয়া মেঘালয়, অৰুণাচল প্ৰদেশ,  ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাঁজনী, ঢেৰেকনি, ব্ৰজপাতৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷


অৱশ্যে ইয়াৰ মাজতে বংগোপসাগৰত সাগৰীয় উপকূলত সৃষ্টি হোৱা গভীৰ নিম্নচাপ সম্প্ৰতি দুৰ্বল হৈ তাৰ প্ৰভাৱ নাইকিয়া হোৱা বাবে সোমবাৰৰ পৰা বৰষুণৰ পৰিমাণ কমি যাব৷ তাৰ পাছত লাহে লাহে বতৰ ফৰকাল হৈ পৰিব৷ আনহাতে শনিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল এনে ধৰণৰ - গুৱাহাটীত ২৭.৭ ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়ত ২৫.৮ ডিগ্ৰী চেলচিয়াছ, শিলচৰত ২৬.০ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ৩০.৩ ডিগ্ৰী চেলচিয়াছ, যোৰহাটত ৩১.৮ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰত ২৬.৬ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ৩০.৫ ডিগ্ৰী চেলচিয়াছ, মাজবাটত ২৭.৬ ডিগ্ৰী চেলচিয়াছ৷ আনহাতে উত্তৰ- পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৩.৬ ডিগ্ৰী ছেলছিয়াছ৷ তেনেদৰে শনিবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক বৰষুণ হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত৷ তাত হোৱা বৰষুণৰ পৰিমাণ আছিল ৪৭০ মিলিমিটাৰ বা ৪৭ চেণ্টিমিটাৰ৷ সেই পৰিমাণৰ বৰষুণ গুৱাহাটীটো বাদেই অসমৰ যিকোনো অঞ্চলত আহিলে কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া সহজে অনুমেয়৷ উল্লেখ্য যে ৩০ মে’ৰ দিনা গুৱাহাটীৰ কাষৰীয়া ক্ষেত্ৰী, সোণাপুৰ, যোৰাবাট, গড়ভঙা সংৰক্ষিত বনাঞ্চল,  বৰ্ণিহাট আদিত ৮ ৰ পৰা ১২ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছিল৷

সেই বৰষুণৰ পানীৰ এক বৃহৎ অংশই যোৰাবাটকে ধৰি গুৱাহাটী মহানগৰীত বান পৰিস্থিতি অধিক জটিল কৰি তুলিছিল৷ ইয়াৰ সমান্তৰালভাবে মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ভূটানত বৃহস্পতিবাৰৰ পৰা বেছিভাগ ঠাইতে বৰষুণ হোৱাত ভূটান, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পৰা অসমলৈ নামি অহা সকলো নৈ - উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় জল আয়োগৰ সূত্ৰই শনিবাৰে সদৰি কৰা অনুসৰি ভূটানৰ পৰা নামি অহা পুঠিমাৰি নৈৰ পানী শনিবাৰে ওফন্দি উঠিছে আৰু যিকোনো মুহূৰ্তত বিপদসীমা অতিক্ৰম কৰাৰ আশঙ্কা আছে৷ আনকি গোলাঘাট জিলাৰ ধনশিৰি আৰু শোণিতপুৰ জিলাত জীয়া ভৰলী নৈয়ে শনিবাৰে বিপদসীমা অতিক্ৰম কৰিছে৷ একেদৰে তিনিচুকীয়া জিলাৰ ধলাত অৰুণাচল প্ৰদেশৰ পৰা নামি অহা লোহিত নদীৰ পানীয়েও সন্ধিয়া বিপদসীমা অতিক্ৰম কৰিছে৷ এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকে তেন্তে ৰাজ্যখনৰ বহু অঞ্চল বানৰ কবলত পৰিব বুলি সতৰ্কতা জাৰি কৰিছে৷ আনহাতে সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ৰাজ্য চৰকাৰে জিলা আয়ুক্ত সকলক সেনা বাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ আদি বাহিনীৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷