
ৰাজ্যসভাৰ আসনত মনোজ শইকীয়াক বিচাৰিছে জালুকবাৰী সমষ্টিবাসীয়ে
'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদক, ২ জুনঃ ৰাজ্যসভাৰ খালী হোৱা দুখন আসনৰ এখনত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াক মনোনীত কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনাইছে অসম গণ পৰিষদ দলৰ জালুকবাৰী সমষ্টিবাসীয়ে। দলৰ জটিল সময়ত দক্ষতাৰে নেতৃত্ব প্ৰদান কৰা আৰু দলৰ সদস্য সকলৰ লগতে জনসাধাৰণৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰা মনোজ শইকীয়াক দলটোৰ বাবে উপযুক্ত প্ৰাৰ্থী বুলি মতপোষণ কৰিছে জালুকবাৰী সমষ্টি সমিতিৰ প্ৰতিজন সদস্যই। উল্লেখযোগ্য যে দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট ত্যাগ স্বীকাৰ কৰা বুলি উল্লেখ কৰি সমিতিয়ে লগতে উল্লেখ কৰে যে বিগত সাতাইশটা বছৰে দলক নিঃস্বাৰ্থ ভাৱে সেৱা কৰি অহা মনোজ শইকীয়াক ৰাজ্য সভাৰ প্ৰাৰ্থী হ'লে দলীয় সদস্যসকলৰ লগতে নিঃসন্দেহে নতুন প্ৰজন্মও উৎসাহিত হ'ব ।
আনহাতে জালুকবাৰী সমষ্টিৰ অগপৰ সভাপতি শংকৰ কুমাৰ দাস, সম্পাদক বিশ্বজিত বৰুৱা, দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ নাথ, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য গনেশ দাসে কয় যে, দলৰ বেয়া দিনত মনোজ শইকীয়াই দলটোৰ প্ৰতি থকা দায়িত্ববোধ পালন কৰি যথেষ্ট সংখ্যক যুৱ প্ৰজন্মক দলটোলৈ আনি দলটোক এক গতি প্ৰদান কৰাত যথেষ্ট ভুমিকা পালন কৰিছিল । উল্লেখ্য যে সামাজিক ভাৱে অতি সক্ৰিয় মনোজ শইকীয়াক ৰাজ্য সভাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে অগপ দলৰ প্ৰতি নতুন প্ৰজন্মৰ বিশ্বাস যোগ্যতাৰ লগতে দলটোও শক্তিশালী হোৱাৰ থল আছে। ইফালে ,অসম গণ পৰিষদ দলৰ উত্তৰ গুৱাহাটী নগৰ সমিতিৰ সভাপতি চন্দন বৰুৱা, সম্পাদক দেৱজিত ৰাজবংশী, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মাধুৰ্য্য বড়া, অসম মহিলা পৰিষদ, অসম ছাত্ৰ পৰিষদৰ জালুকবাৰী সমষ্টি সমিতিয়েও যুৱ নেতা মনোজ শইকীয়াক ৰাজ্যসভাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে বিচাৰি অগপ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত আহ্বান জনাইছে ।