
বছৰৰ প্ৰথমটো বানৰ কবলত বিঘাই বিঘাই মাকৈ খেতি পচি নষ্ট
'আমাৰ অসম'ৰ খাৰুপেটীয়াৰ প্ৰতিবেদক, ২ জুনঃ দৰঙৰ কৃষকৰ মাজত হাহাকাৰ। পথাৰত পচিবলৈ ধৰিছে মাকৈ, লগতে নষ্ট হৈছে পাচলিৰ খেতিও। উপায়হীন হৈ পৰিছে চহা কৃষকসকল। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ দলগাও আৰু মঙলদৈ সমষ্টিৰ কেইবাখনো গাঁৱত বছৰৰ প্ৰথমটো বানে প্লাৱিত কৰে বিভিন্ন ধৰণৰ পাচলিৰ লগতে বিঘাই বিঘাই মাকৈ খেতি।
উল্লেখ্য যে প্ৰতি বিঘাত হাজাৰ হাজাৰ টকা খৰচ কৰি কৃষকে কৰা বিঘাই বিঘাই মাকৈ খেতি পকিবলৈ ধৰাৰ সময়তে মুষলধাৰ বৰষুণৰ ফলত নৈ-উপনৈ সমূহৰ বাঢ়নি পানীয়ে প্লাৱিত কৰে দৰঙৰ কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ বিঘা পকা মাকৈৰ খেতি । যি সময়ত প্ৰতি কুইন্টল মাকৈ দুই হাজাৰৰো অধিক দামত বিক্ৰী হৈছে তেনে সময়তে সোণালী গুটিৰ পকা মাকৈ পানীত ডুবি নষ্ট হোৱাত হতাশাত ভাগি পৰিছে মাকৈ উৎপাদকসকল। আনহাতে বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰথমটো বানে মাকৈ আৰু পাচলিৰ খেতিৰ বিস্তৰ ক্ষতি সাধন কৰাত ব্যাপক লোকচানৰ সন্মুখীন হৈ হতাশাত ভাগি পৰিছে মাকৈ উৎপাদকসকল ।