২২ জুনৰ পৰা অম্বুবাচী মেলা, প্ৰস্তুতি সম্পৰ্কত পৰ্যটন মন্ত্ৰী ৰণজিৎ দাসৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক
'আমাৰ অসম'ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ আগন্তুক অম্বুবাচী মহাযোগ-২০২৫ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে আজি গুৱাহাটীৰ পানবজাৰস্থিত পৰ্যটন সঞ্চালকালয়ৰ সভাকক্ষত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত প্ৰস্তুতি পৰ্বৰ লগত জড়িত কামৰূপ মহানগৰ জিলা প্ৰশাসনকে ধৰি ২৪ টা বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়। এই বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰী দাসে আধ্যাত্মিকতাৰে সংপৃক্ত এই অম্বুবাচী মহাযোগ -২০২৫ ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰাৰ দিশত দলীয় মানসিকতাৰে কাম কৰাৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক আজিৰ এই বৈঠকতে নিৰ্দেশ দিয়ে।
উল্লেখ্য যে এইবাৰৰ এই অম্বুবাচী মহাযোগ-২০২৫ অহা ২২ জুনৰ পৰা প্ৰবৃত্তিৰে আৰম্ভ হৈ অহা ২৬ জুনত নিবৃত্তিৰে সমাপ্ত হ’ব। এই মহাযোগৰ আধ্যাত্মিকতাৰ প্ৰতি লক্ষ্য ৰাখি এয়া যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় এই ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা লোৱাৰ বাবে প্ৰত্যেকটো বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্ব দায়বদ্ধতাৰে সম্পাদন কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ বাবে স্বেচ্ছাসেৱককে ধৰি যাৱতীয় সকলো ব্যৱস্থা লোৱাৰ বাবে তেওঁ কয়। তেওঁ লগতে বাহিৰৰ পৰা অহা প্ৰতিগৰাকী ভক্ত তথা পৰ্যটকক অসমলৈ উষ্মভাৱে স্বাগতম জনোৱাৰ দিহা কৰিবলৈও সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত স্বেচ্ছাসেৱক সকলৰ মাজত এক সচেতনতাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও তেওঁ জিলা প্ৰশাসনক উদ্যোগ ল'বলৈ কয়।
অম্বুবাচী মহাযোগ- ২০২৫ যিহেতু এক আধ্যাত্মিকতাৰ অনুস্থান, সেয়েহে কোনো কাৰণতে যাতে ইয়াৰ শান্তিপূৰ্ণ পৰিৱেশ বিনস্ত নহয় সেই দিশত সচেষ্ট হোৱাৰ বাবেও তেওঁ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। পৰিস্কাৰ পৰিচ্ছন্নতা, যাতায়ত, সমাগম নিয়ন্ত্ৰণ, পানী যোগান, উপযুক্ত পোহৰ ইত্যাদিকে ধৰি সকলো ব্যৱস্থা যাতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে সম্পন্ন কৰা হয় তাৰ বাবেও ব্যৱস্থা ল'বলৈ তেওঁ কয়। উল্লেখ্য যে ২০২৪-২৫ বৰ্ষৰ অম্বুবাচী মহাযোগত বহু কেইগৰাকী বিদেশী পৰ্যটককে ধৰি প্ৰায় ৭ লাখ ৫০ হাজাৰ ভক্ত তথা পৰ্যটকে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল।
অহা ৯ জুনত কামাখ্যা মন্দিৰ প্ৰাংগনত এই প্ৰস্তুতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুতি পৰ্বৰ চূড়ান্ত ৰূপ দিয়াৰ বাবে আজিৰ বৈঠকতে মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। আজিৰ এই বৈঠকত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সট্টাৱান, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, কামাখ্যা মন্দিৰৰ বৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা, সৰু দলৈ হিমাদ্ৰী শৰ্মা, মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জ্ঞাননাথ শৰ্মাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন, আৰক্ষী বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, পৌৰনিগম আদি ২৪ টা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে ।






