Logo
image

ছিংগল ছীট, ভাৰা ডাব্‌ল!

◾বাছভাৰাৰ ব্যাপক বৃদ্ধি

◾৫০% মনা নাই, ভাৰাও ২০০%

আমাৰ অসম, ২৪ এপ্ৰিলঃ ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে ৰাজহুৱা পৰিবহণৰ অধীনস্থ বাছ, চিটীবাছ তথা আন্তঃজিলা ট্ৰেভেলাৰ আদিত ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব বুলি নতুন এছ অ’ পি জাৰি কৰাৰ পাছতে বাছ ভাৰা ব্যাপক হাৰক বৃদ্ধি পাইছে৷ গুৱাহাটীৰ খানাপাৰাৰ দূৰণিবটীয়া বাছৰ উঠা স্থানত এতিয়া এটা শ্লোগান বেচ জনপ্ৰিয় হৈছে৷ সেইটো হৈছে– ‘ছিংগল ছীট, ভাৰা ডাব্‌ল৷ কিন্তু ভাৰা ডাব্‌লেই নহয় বহুতে ২০০ শতাংশ পৰ্যন্ত ভাৰা  দাবী কৰিছে যাত্ৰীক৷ ইয়াকে লৈ বাছ কতৃৰ্পক্ষ আৰু যাত্ৰীৰ মাজত খকা-খুন্দাও লাগিছে৷ জানিব পৰা মতে এতিয়া গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাওঁতে এজন যাত্ৰীয়ে এখন নন এচি ছুপাৰ বাছত ভৰিব লগা হৈছে ৬০০ টকা ভাৰা৷ ইয়াৰ বিপৰীতে গুৱাহাটীৰ পৰা তেজপুৰলৈ যাওঁতে এজন যাত্ৰীয়ে ভৰিব লগা হৈছে ৫০০ টকা ভাৰা৷ উল্লেখ্য যে, বৃহস্পতিবাৰে সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ সচিবপ্ৰধান প্ৰদীপ দাসে এক বিবৃতি জাৰি কৰি উল্লেখ কৰিছে যে ৫০ শতাংশ যাত্ৰীৰে গাড়ী চলাব নোৱাৰি৷ ভাৰা বঢ়াবই লাগিব৷ ক’ভিডৰ দ্বিতীয় লহৰ ৰোধ কৰিবৰ বাবে চৰকাৰে ৫০ শতাংশ যাত্ৰীৰে গাড়ী চলোৱাৰ বাবে যি নিৰ্দেশনা দিছে ইয়াক আখৰে আখৰে পালন কৰিব বুলি উল্লেখ কৰি বিবৃতিত দাসে কয় যে ৫০ শতাংশ যাত্ৰীৰে পুৰণা ভাৰাত গাড়ী চলালে ইন্ধন, কৰ্মচাৰীৰ দা-দৰমহা, গাড়ীৰ মেৰামতি আৰু টোলগেটকে ধৰি অন্যান্য কৰ-কাটলৰ ধন কোনোমতে জোৰা মাৰিব নোৱাৰে গাড়ীৰ মালিকে৷ এনে পৰিস্থিতিত গাড়ী ভাৰা বৃদ্ধি নহ’লে গাড়ী বন্ধ কৰিব লাগিব বুলিও হুংকাৰ দিছে পৰিবহণ সংস্থাই৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনি ৰোধৰ বাবে জিলা প্ৰশাসনৰ টাস্ক ফৰ্চ গঠন

ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে যাতে সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ অজুহাতত গ্ৰাহকৰ পৰা অধিক মুনাফা আদায় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে কামৰূপ [ম] জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ সভাত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ী সন্থা, আলু-পিয়াজৰ পাইকাৰী ব্যৱসায়ী সন্থা, শাক-পাচলিৰ ব্যৱসায়ী সন্থা আৰু কণীৰ পাইকাৰী ব্যৱসায়ী সন্থাৰ প্ৰতিনিধি বৰ্গৰ লগতে কামৰূপ [ম]হানগৰ জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়াবৰ্গৰ সৈতে কামৰূপ [ম] জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত নৰেণ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা আৰু দৰৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়৷ বৈঠকত ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আলু-পিয়াজ, শাক-পাচলি, কণী আদি পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি জানিবলৈ দিয়ে৷ তেল, দাইল জাতীয় সামগ্ৰী আৰু কণীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱসায়ী সন্থাই জনায় যে উৎসতে মূল্যবৃদ্ধি হোৱাৰ বাবে জিলাখনতো কিছু কিছু প্ৰভাৱ পৰিছে৷ সভাত আলোচনামৰ্মে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেই অনুসৰি এতিয়াৰে পৰা কামৰূপ [ম] জিলাৰ ফাঁচী বজাৰ এলেকাৰ যোগান বিষয়াই প্ৰত্যেকদিনাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত আৰু মূল্য তদাৰক কৰি উদ্ধৰ্তম কতৃৰ্পক্ষক অৱগত কৰিব লাগিব৷ কামৰূপ [ম] জিলাৰ সকলো যোগান বিষয়াই নিজ নিজ এলেকা সমূহত নিয়মীয়া তদাৰক কৰিব৷ আনহাতে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা মহানগৰৰ বজাৰসমূহ তদাৰক কৰাৰ বাবে কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত চাৰিটাকৈ টাস্ক ফৰ্চ গঠন কৰা হৈছে৷ টাস্ক ফৰ্চসমূহে দৈনিক গুৱাহাটী মহানগৰৰ এলেকাৰ বজাৰসমূহ পৰিদৰ্শন  কৰিব আৰু প্ৰয়োজনত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব৷