
৮ ছেপ্টেম্বৰত দৰঙলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
'আমাৰ অসম'ৰ মঙলদৈ, ৩ জুনঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ ছেপ্টেম্বৰত দৰং জিলালৈ আহিব। উল্লেখযোগ্য যে দৰং জিলাত মেডিকেল কলেজ, ৰিং ৰোড আদিৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীৰ দৰং জিলা ভ্ৰমণৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত সোমবাৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সন্দৰ্ভত সভাৰ স্থান নিৰ্ণয় কৰাৰ বাবে আলোচনা কৰা হয়। আনহাতে সাংসদ দিলীপ শইকীয়াই এখন কমিটি গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। তদুপৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ দিলীপ শইকীয়া আহ্বায়ক আৰু দৰং জিলাৰ বিধানসভা সমষ্টি কেইটাৰ উপৰিও নিকটবৰ্তী জিলাৰ সমষ্টিসমূহৰ বিধায়ক সদস্য হিচাপে উপস্থিত থাকিব। তেওঁলোকে ৭ জুনত প্ৰস্তাৱিত স্থান চূড়ান্ত কৰিবৰ বাবে পৰিদৰ্শন কৰিব। মন্ত্ৰী আৰু সাংসদ দুয়োগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলো বিভাগকে সাজু হৈ থাকিবলৈ আহ্বান জনায়। উল্লেখ্য যে ৫০০০ কোটি টকা ব্যয় সাপেক্ষে ৰিং ৰোড আৰু কুৰুৱা-নাৰেংগী দলঙৰ আধাৰ-শিলা স্থাপন কৰিব প্ৰস্তাৱিত ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পিছতেই বানপানীৰ লগত মোকাবিলা কৰাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখযোগ্য যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ দিলীপ শইকীয়াই জিলা প্ৰশাসনক পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। লগতে দুৰ্যোগ প্ৰশমন বিভাগ, জলসম্পদ বিভাগ আদিক সকলো সময়তে সাজু থাকিবলৈ কয়। আনহাতে বানপানীৰ সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত বিলম্ব নকৰি খৰটকীয়াকৈ যোগান ধৰিবৰ বাবে সঠিক ব্যৱস্থা ল'বলৈ কয়। সংশ্লিষ্ট বিভাগসমূহক বানপানীৰ সময়ত লবলগীয়া দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিবলৈ কয় লগতে সভাত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, ছিপাঝাৰ আৰু দলগাঁও সমজিলা আয়ুক্তদ্বয়, অতিৰিক্ত জিলা আয়ুক্ত, সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।