
মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পুনৰ অসাৰ, নিশাৰ অন্ধকাৰত কাটিছে দীঘলীপুখুৰী অঞ্চলৰ গছ
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ আজি মাজনিশা লুকাই-চুৰকৈ আহি প্ৰশাসনে দীঘলীপুখুৰী অঞ্চলৰ ৰবীন্দ্ৰভৱন-জিলা-পুথিভঁৰালৰ ফালে থকা বহু কেইডাল গছ কাটিবলৈ আৰম্ভ কৰে৷ খবৰটো জনাৰ লগে লগে যথেষ্ট সংখ্যক লোক ওলাই আহি গছ কটা সম্পৰ্কে প্ৰশ্ন কৰে আৰু গছ কটাত বাধা প্ৰদান কৰে৷ উল্লেখযোগ্য যে গুৱাহাটীৰ সুদীৰ্ঘ ঐতিহ্যৰ সৈতে জড়িত দীঘলীপুখুৰী অঞ্চলৰ গছবোৰ ৰক্ষাৰ দাবীত যোৱা বছৰৰ (২০২৪) চনৰ ২৯ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ প্ৰকৃতি প্ৰেমীসকলে এক স্বতঃস্ফূৰ্ত আন্দোলনত প্ৰবৃত্ত হৈছিল লগতে নিশা গছবোৰ পহৰা দিয়া হৈছিল৷ আনহাতে দীঘলীপুখুৰী অঞ্চলৰ স্থানীয় বাসিন্দা আৰু গুৱাহাটীৰ প্ৰকৃতি প্ৰেমীসকলৰ অভূতপূৰ্ব আন্দোলনৰ হেঁচাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা দীঘলীপুখুৰী অঞ্চল পৰিভ্ৰমণ কৰি গুৱাহাটীবাসীক প্ৰতিশ্ৰুতি দিছিল যে দীঘলীপুখুৰী অঞ্চলৰ এডালো গছ কটা নহয়৷ গুৱাহাটী উচ্চ ন্যায়লয়ত ৰুজু হোৱা এক জনস্বাৰ্থ জড়িত আবেদনৰ প্ৰত্যুত্তৰত ৰাজ্যচৰকাৰ শপতনামাৰ জৰিয়তে আদালতক জনাইছিল যে দীঘলীপুখুৰী অঞ্চলৰ এডালো গছ কটা নহয় ৷
কিন্তু আজি মাজনিশা লুকাই-চুৰকৈ গছ কাটি ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে গুৱাহাটীৰ জনসাধাৰণ আৰু বিশেষকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ক শপতনামাৰ জৰিয়তে প্ৰদান কৰা প্ৰতিশ্ৰুতি ভঙ্গ কৰিলে৷ এতিয়া গুৱাহাটীবাসীয়ে নিজে সিদ্ধান্ত লব লাগিব কি কৰা উচিত৷