
শ্ৰীভুমি জিলাত ৩০০খন গাঁৱৰ ৪০ হাজাৰ লোক বানৰ কবলত
'আমাৰ অসম'ৰ ডিজি়টেল ডেস্কঃ শ্ৰীভুমি জিলাৰ পাঁচখন ৰাজহ চক্রৰ অধীনৰ ৩০০খন গাওঁ আজি পৰ্যন্ত বানৰ কবলত পৰিছে। প্ৰায় ৪০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে ২০ টাৰো অধিক আশ্ৰয় শিবিৰ খোলা হৈছে। উল্লেখযোগ্য যে কালি নিশালৈকে ১২টা আশ্ৰয় শিবিৰ খোলা হৈছিল আৰু প্ৰত্যেকটো শিবিৰত ত্ৰাণ সামগ্ৰী আবণ্টন কৰা হৈছে। বান আক্ৰান্ত লোকসকলৰ উদ্ধাৰ কাৰ্য চলি আছে। উদ্ধাৰ কৰা লোক সকল আশ্ৰয় শিবিৰ ৰখা হৈছে। আনহাতে জিলা প্ৰশাসনৰ ফালৰ পৰা আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে লগতে শিশু খাদ্য যোগান ধৰা হৈছে বুলি জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বীবেদীয়ে জানিবলৈ দিয়ে। ইপিনে জিলাৰ মন্ত্ৰী কৃষ্ণেন্দু পালে বান আক্ৰান্ত এলেকা পৰিদৰ্শন কৰি ৰাইজৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লৈছে। উল্লেখ্য যে জিলা আয়ুক্তই বান আক্ৰান্ত এলাকাৰ লগতে আশ্ৰয় শিবিৰসমুহ পৰিদৰ্শন কৰিছে লগতে ত্ৰাণ সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলে নিজ নিজ এলেকা পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্থ লোকৰ ক্ষয়-ক্ষতিৰ তালিকা প্ৰস্তুত কৰি ত্ৰাণ সামগ্ৰী আবন্টন কৰাৰ লগতে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
আনহাতে আশ্ৰয় শিবিৰ খুলি চাউল, ডাইল, তেলসহ খাদ্য সামগ্ৰী যোগান ধৰিছে। ইপিনে কুশিয়াৰা, লঙ্গাই আৰু সিংলা নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে যদিও বৰষুণ কিছু কমাত নৈ সমূহৰ পানী সমান গতিত আছে। আনহাতে বাঢ়নী পানীৰ কবলত পৰি ন ন অঞ্চল প্লাবিত হৈ আছে। ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ কুশিয়াৰা নৈৰ গৰাখহনীয়াৰ কবলত পৰাৰ বাবে শংকিত হৈ আছে ৰাইজবাসী। তদুপৰি কুশিয়াৰাৰ বাঢ়নি পানীয়ে ইতিমধ্যে বহু এলেকা প্লাবিত কৰিছে। বি এছ এফৰ চাৰিখন কৈ কেম্পত পানী উঠিছে। জগন্নাথী কেম্পৰ কাঁইটীয়া তাঁৰৰ বেৰা ক্ৰামাত খহি আছে। কৰিমগঞ্জ সদৰ চক্ৰৰ চক্ৰ বিষয়া জাগ্ৰিতি কালোৱাৰে লাট মণ্ডল ৰাজীৱ দাসক লৈ জগন্নাথী এলেকা পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰে জিলা আয়ুক্তক। কুশিয়াৰা নৈৰ পাৰৰ কাঁইটীয়া তাঁৰৰ বেৰ জাহ গ'লে সদৰ চক্ৰ এলাকাৰ বহু ৰাজহ গাঁৱৰ হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হ'ব। গতিকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আয়ুক্তক প্ৰতিবেদন দাখিল কৰে। লগতে আশ্ৰয় শিবিৰ সমুহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।`