Logo
image

আমাৰ পথাৰ, আমাৰ বজাৰ

চাকৰিমুখী প্ৰৱণতাই গ্ৰাস কৰা নতুন প্ৰজন্মৰ মাজত সম্প্ৰতি চৰ্চিত শ্লোগান হৈছে  আমাৰ পথাৰ, আমাৰ বজাৰ৷ প্ৰশ্ন উঠিছে– আমাৰ নহয় কিয়? কৃষিকৰ্মৰ প্ৰতি নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ নিধি আঁচনিৰ পৰা আৰম্ভ কৰি বহু অভিলাষী আঁচনি ৰূপায়ণ কৰিছে৷  কৃষিৰ মাধ্যমেৰে স্ব-নিৰ্ভৰশীল হ’বলৈ যুগুত কৰা আঁচনিয়ে অসমৰ উঠি অহা প্ৰজন্মক কিমান আকৰ্ষিত কৰিছে সেয়া সকলোৰে চকুৰ আগত৷ য’ত নাঙলৰ সীৰলুত প্ৰতিফলিত হয় অসমীয়া স্বাভিমান-জাতীয়তাবাদ, তাতেই কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰি  চাকৰিমুখী মানসিকতাত  আক্ৰান্ত  হৈছে নৱপ্ৰজন্ম৷

নৱপ্ৰজন্মৰ অৰ্থ আৰু সম্পত্তি আহৰণ মূল লক্ষ্য হৈ পৰিছে৷  ‘আমাৰ পথাৰ, আমাৰ বজাৰ’ শ্লোগান দিয়াসকলৰ সৰহসংখ্যকৰ লগতে নৱপ্ৰজন্মৰ মাজত কৃষি ¸বিষয়টোক সম্পূৰ্ণ এলাগি কৰা পৰিলক্ষিত হৈছে৷ তাৰ বিপৰীতে যিটো সম্প্ৰদায়ৰ মানুহক অনাহকত তুচ্চ-তাচ্চিল্য কৰা হৈছে, সিহঁতেহে কৃষিৰে পথাৰ ওপচাই জাতীয়তাবাদৰ অস্তিত্ব কেনেকৈ ধৰি ৰাখিব পাৰি কৰ্মৰ যোগেদি দেখুৱাইছে৷ আজিকালি এনেকুৱা এচাম নেতাৰ জন্ম হৈছে, যিসকলে কেৱল জাতীয়তাবাদৰ নামত চান্দাটোক ধান্দা কৰি ব্যক্তিগত স্বাৰ্থহে পূৰণ কৰিছে৷ কৰ্মসংস্কৃতিৰ ফালে পিঠি দি নৱপ্ৰজন্মক আন্দোলনমুখী কৰি আছে৷


আনে উৎপাদন কৰি দিয়া, বহিৰাগত বণিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত বজাৰৰ পৰা সামগ্ৰী কিনি ‘আমাৰ পথাৰ, আমাৰ বজাৰ’ বুলি দিয়া শ্লোগানে অসমীয়াৰ স্বাভিমানক  কিমান দিনলৈ জীয়াই ৰাখিব?

আমি কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পথাৰবোৰত যেতিয়া কাম কৰি শাক-পাচলিৰ পৰা আৰম্ভ কৰি শস্য উৎপাদন কৰি নিজৰ অভাৱ পূৰণৰ লগতে আনৰো অভাৱ কিছু পূৰণ কৰিম,  তেতিয়াহে পথাৰৰ লগতে বজাৰো আমাৰ হ’ব৷ নহ’লে ‘আমাৰ পথাৰ, আমাৰ বজাৰ’ আমাৰ নহয় কিয় বুলি প্ৰশ্নই হৈ থাকিব৷ আজিৰ সৰহভাগ নৱপ্ৰজন্মই কৃষিকৰ্মৰ লগত নিজকে জড়িত কৰি তাৰ শাক-পাচলি-শস্য বজাৰত বিক্ৰী কৰিবলৈ লাজ কৰা হৈছে৷ 

পথাৰবোৰ আমাৰ, বজাৰবোৰ বণিয়াৰ বুলি ৰাজপথত চিঞৰিলেই নহয়, দেহৰ তেজ পানী কৰি, শৰীৰৰ ঘাম মাটিত পেলাই কাম কৰিলেহেবজাৰো আমাৰ হ’ব৷ অনা অসমীয়াক অসমীয়াৰ বৰঘৰত ঢাঁৰি-পাটী পাৰি দিয়াসকল কোন বাৰু? আত্মসমালোচনা নকৰি, কৰ্মসংস্কৃতিৰ ফালে পিঠি দি ‘আমাৰ পথাৰ আমাৰ বজাৰ’ বুলি শ্লোগান দিলেই অসমীয়াৰ অস্তিত্ব বজাই ৰাখিব পাৰিবনে?