Logo
image

আমিনগাঁও বান শিবিৰত সাহাৰ্য্য বিতৰণ আই আই টি গুৱাহাটীৰ

'আমাৰ অসম'ৰ প্ৰতিনিধি, আমিনগাঁও,৩ জুনঃ  ৰাজ্যত এতিয়া ভয়াবহ বানৰ বিভীষিকা। শদিয়াৰ পৰা ধুবুৰীলৈ হাজাৰ হাজাৰ লোক বানপানীৰ কবলত পৰিছে ।বানত সকলো হেৰুৱাই বিমুখ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । ইফালে কেইবাদিন ধৰি হোৱা মূষলধাৰ বৰষুণত কৃত্ৰিম বানপানীৰ কবলত পৰিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল । উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱতো কৃত্ৰিম বানপানীৰ ভয়াবহ ৰূপ। আমিনগাৱত মুকলি কৰা হৈছে আশ্ৰয় শিবিৰ । আজি পুৱাই আমিনগাও হাইস্কুল আৰু আমিনগাঁও বেংগলী স্কুলত মুকলি কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈছে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটী ।


উল্লেখ্য যে চাউল,দাইল, আলু মিঠাতেলসহ বিভিন্ন খাদ্য সামগ্ৰী লৈ আমিনগাঁও হাইস্কুলত উপস্থিত হৈছে আই আই টি গুৱাহাটীৰ সঞ্চালক, শিক্ষাৰ্থী, কৰ্মচাৰীৰ এটা দল। বানাক্ৰান্তৰ মাজত নিজ হাতেৰে সামগ্ৰীৰ টোপোলা বিতৰণ কৰিলে তেওঁলোকে। আৰ্ত জনক সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে দলটোৱে। উল্লেখ্য যে আমিনগাঁও হাইস্কুলত বন্যাৰ্ত শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে প্ৰায় পাঁচ শতাধিক লোক। আমিনগাঁৱৰ শ্ৰীনাথ পট্টী, বেক দোলকি, দয়াল নগৰ আদি অঞ্চল আক্ৰান্ত হৈছে কৃত্ৰিম বানপানীত। উক্ত বানাক্ৰান্ত অঞ্চলৰ পৰা ৪ শতাধিক লোকক  প্ৰশাসনে তৎপৰতাৰে উদ্ধাৰ কৰি তিনিদিন পূৰ্বে আশ্ৰয় শিবিৰত আশ্ৰয় প্ৰদান কৰিছিল । ইতিপূৰ্বে, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, ৰাজ্যিক কিষান মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই শিবিৰটো পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলক  সকলো ধৰণৰ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰে । ইফালে, আজি পুৱা কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি কলিতাই আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ লয় । উল্লেখ্য যে কৃত্ৰিম বানপানীৰ কবলত পৰা লোকসকল কেতিয়া নিজ নিজ ঘৰলৈ ঘূৰি যাব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।