Logo
image

বৰপেটা জিলা প্ৰশাসনৰ অৱহেলাত, বাঘবৰ বৈঠাপুতা সত্ৰ আৰু খিলঞ্জীয়াৰ ভেটি নৈত জাহ যোৱাৰ উপক্ৰম

'আমাৰ অসম'ৰ হাউলী প্ৰতিবেদক,৪ জুনঃ  জাতি-মাটি-ভেটি আৰু অসমীয়া সভ্যতা-সংস্কৃতি ৰক্ষাৰ শ্লোগান আওৰাই থকা চৰকাৰৰ সদিচ্ছাৰ অভাৱতে নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে মাধৱদেৱ স্থাপিত বৈঠাপুতা সত্ৰ তথা সত্ৰ কেন্দ্ৰিক  ত্ৰিশটাকৈ থলুৱা খিলঞ্জীয়া পৰিয়াল। অতি সম্প্ৰতি বৰপেটা জিলা প্ৰশাসনৰ চৰম অৱহেলা আৰু অনীহাৰ বাবে সত্ৰখনৰ লগতে পূৰ্বপুৰুষৰ দিনৰ পৰা বাস কৰি থকা নিজ গাওঁ নৈৰ বুকুত বিলীন হোৱাৰ পিছত  স্থানীয় লোকে সংবাদ মাধ্যম যোগে কৰা আশংকাত অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।  উল্লেখযোগ্য যে অসম সত্ৰ মহা সভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক  সম্পাদক তথা জিলা সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়ন আৰু বৰপেটা জিলা সমিতিৰ সম্পাদক দিলীপ কুমাৰ মেধিয়ে এই সন্দৰ্ভত এটা বিবৃতিত কয় যে, বৰ্তমানে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ ফলত নৈৰ বুকুত ঐতিহাসিক সত্ৰখন  জাহ যাবলৈ মাত্ৰ ৩ মিটাৰ মানহে  বাকী আছে। আনহাতে স্থানীয় সত্ৰ কেন্দ্ৰিক গাৱঁখনৰ অৱশিষ্ট থলুৱা  লোকসকলে আজি কেইবা দিন ধৰি বৰপেটা জিলা প্ৰশাসন আৰু জল সম্পদ বিভাগক পথটো মেৰামতি কৰাৰ লগতে ব্ৰহ্মপুত্ৰ নৈৰ তীব্ৰ খহনীয়া ৰোধ কৰিবলৈ আহ্বান জনাই আহিছে যদিও জিলা প্ৰশাসন বা জল সম্পদ বিভাগৰ কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই । 


উল্লেখ্য যে যোৱা ২ জুনত জল সম্পদ বিভাগৰ এগৰাকী শাখা বিষয়াই অঞ্চলটো পৰিদৰ্শন কৰে যদিও কাৰ্যবাহী অভিযন্তাৰ অনুমোদন নোহোৱাকৈ কোনো পদক্ষেপ ল'ব নোৱাৰে বুলি ৰাইজক অৱগত কৰে। তদুপৰি এনে পৰিস্থিতিত সত্ৰ  কেন্দ্ৰিক  এই ত্ৰিশটা  থলুৱা পৰিয়ালে মাধৱ দেৱ স্থাপিত সত্ৰখন চিৰ দিনৰ বাবে হেৰাই জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে গাৱঁখনৰ পৰা আঁতৰি আহিবলগীয়া সিদ্ধান্ত অতি চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে । জিলা প্ৰশাসনে তৎকালীন ভাৱে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে মাধৱ দেৱ স্মৃতি বিজড়িত এই ঐতিহাসিক সত্ৰ খনো হেৰাই যাব । আনহাতে অসম সত্ৰ মহা সভাৰ বৰপেটা জিলা সমিতিয়ে এই  ক্ষেত্ৰত তাৎক্ষণিক ভাৱে অসমৰ  মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।