Logo
image

নলবাৰীৰ লিটিল ফ্লাৱাৰ্ছ স্কুলত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

'আমাৰ অসম'ৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদক,৪ জুনঃ  সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। নলবাৰী লিটিল ফ্লাৱাৰ্ছ স্কুলত শিক্ষা গ্ৰহণ কৰি JEE এডভান্স ২০২৫ চনত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৰ্তৃত্ব অৰ্জন কৰা দুগৰাকী কৃতী শিক্ষাৰ্থী খঞ্জন বৈশ্য (মৰোৱা গাঁও) আৰু ডোনা দাস হাজৰিকা (জাপাৰকুছি)ক কালি বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হয়।


 উল্লেখযোগ্য যে লিটিল ফ্লৱাৰ্ছ স্কুলৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে JEE পৰীক্ষাত অৱতীৰ্ণ হৈছিল।  ইয়াৰে দুগৰাকী আই আই টিৰ বাবে মনোনীত হোৱাৰ বিপৰীতে ৩ গৰাকীয়ে এন আই টি আৰু আন ৩ গৰাকীয়ে অসম CEEৰ জৰিয়তে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তিৰ সুবিধা লাভ কৰিছে। উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰফেছাৰ যজ্ঞেশ্বৰ বুজৰবৰুৱা, অধ্যক্ষ বিভা বৰুৱাবুজৰ , জ্যেষ্ঠ শাখাৰ উপাধ্যক্ষ কবিতা শৰ্মা, কণিষ্ঠ শাখাৰ উপাধ্যক্ষ কাবেৰী‌ বুজৰবৰুৱা, শৈক্ষিক বিষয়া অসীম কুমাৰ কাজি , অভিভাৱক ৰমেশ বৈশ্য, দীপা ৰাণী হাজৰিকা, ফেকাল্টি আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। আনহাতে ঘৰত থাকি নিজৰ অঞ্চলৰ শিক্ষানুষ্ঠান অধ্যয়ন কৰিও যে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰি সেয়া লিটিল ফ্লাৱাৰ্ছ স্কুলে সম্ভৱ কৰি তুলিছে বুলি কেইবাগৰাকী অভিভাৱকে মন্তব্য কৰিছে। সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন 'সংবাদ‌ মেল'ৰো আয়োজন কৰা হয়।