
এখন বিধ্বস্ত দলং, ৰাইজৰ একমাত্ৰ যাতায়তৰ সম্বল
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদক, ৪ জুনঃ বিটিচিৰ চৰকাৰ পৰিৱৰ্তন হ'ল কিন্তু ৰাইজৰ দুৰ্দশাৰ অন্ত নপৰিল। নিৰ্বাচন আহিলে গাঁৱলৈ ঢাপলি মেলে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকল। ভোট বিচাৰি যোৱা নেতা কৰ্মীয়ে পিছত পাহৰি যায় ৰাইজৰ কথা। উল্লেখযোগ্য যে বিগত ৫০ বছৰে নিৰ্মাণ নহ'ল এখন দলং। এখন পকী দলং বিচাৰি ৰাইজে হাবাথুৰি খাইছে। এই দলংখনেই হৈছে গোসাঁইগাঁও মহকুমাৰ বিটিচিৰ কচুগাঁও পৰিষদীয় সমষ্টিৰ এক নম্বৰ হাতীগড়। হাতীগড় গাঁৱৰ এখন বিধস্ত কাঠৰ দলঙে ৰাইজক জলা-কলা খোৱাই আহিছে। আনহাতে দলংৰ অভাৱত গাঁৱত অহা-যোৱা কৰিব নোৱাৰে এখনো দুচকীয়া বাহন। দলঙৰ অভাৱত গাঁৱৰ লোকসকলে এখন এম্বুলেন্স সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে।
উল্লেখ্য যে প্ৰতি বছৰে বাৰিষা আহিলেই চিন্তিত হৈ পৰে এক নম্বৰ হাতীগড় গাঁৱৰ ৰাইজবাসী। কেৱল হাতীগড় গাঁৱে নহয় বিধস্ত কাঠৰ দলঙেৰে চাৰিখন গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছে। প্ৰতি বছৰেই গাঁৱৰ লোকসকলে ব্যক্তিগত ধন ব্যয় কৰি ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি নিজে পৰিশ্ৰম কৰি বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে। বাৰিষাৰ দুই তিনিটা মাহ চলাচল কৰিব পাৰে যদিও পিছত পুনৰ বিধস্ত হৈ পৰে দলংখন। উক্ত দলংখন বিচাৰি গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক, বিটিচি পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্যক অৱগত কৰিও কোনো সফলতা লাভ কৰা নাই। প্রতিটো নিৰ্বাচনত শাসক বিৰোধীয়ে গাঁৱৰ দলংখন নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দি আহিছে যদিও পিছত সেই প্ৰতিশ্ৰুতি পাহৰি যোৱাত ৰাইজে নিজেই কোনো মতে দলং নিৰ্মাণ কৰি যাতায়ত কৰি আহিছে। শেহতীয়াকৈ উক্ত দলঙৰ বহু ঠাইত বাঁহ-কাঠ নথকাত মৰণ ফান্দত পৰিণত হৈছে। যিকোনো সময়ত হ'ব পাৰে দুৰ্ঘটনা। দলং নথকা বাবে স্কুললৈ যাব নোৱাৰে গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলে। পিতৃ মাতৃয়ে হাতত ধৰি পাৰ কৰিব লাগে দলং। উল্লেখ্য যে বিটিচি অঞ্চলত আজিও যে তেনে এখন দলং আছে সেয়া দেখিলে উন্নয়নৰ কথা মনলৈ আহে। আনহাতে উন্নয়নৰ জয়গান দিয়া চৰকাৰখনৰ চকুত পৰা নাই হাতীগড় গাঁৱৰ বিধস্ত দলঙখন । বিটিচিৰ নিৰ্বাচনৰ পূৰ্বেই দলং নিৰ্মাণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব সাধাৰণ ৰাইজে। ভোটৰ মাধ্যমেৰে সঠিক উত্তৰ দিব পাঁচখন গাঁৱৰ ৰাইজে।