
আমাৰ অসম কাকতৰ প্ৰবীণ সাংবাদিক,কবি,অৱসৰী শিক্ষক,প্ৰকাশক, সমাজকৰ্মী বিমল আগৰৱালাৰ দেহাৱসান
'আমাৰ অসম'ৰ নুমলীগড়ৰ প্ৰতিবেদক, ৪ জুনঃ গোলাঘাট জিলাৰ বাদুলিপাৰৰ অৱসৰী শিক্ষক , অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আমাৰ অসম,দৈনিক জনমভূমি,পূৰ্বাঞ্চল প্ৰহৰী,পূৰ্বোদয় আদি কাকতৰ প্ৰবীণ সাংবাদিক, প্ৰদীপ আলোচনীৰ প্ৰকাশক, সমাজকৰ্মী বিমল আগৰৱালাৰ হৃদজনীত ৰোগত আক্ৰান্ত হৈ যোৱা নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ ৭৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখযোগ্য যে ১৯৫০ চনত বাদুলিপাৰৰ সমীপৰ ৰঙামাটি চেউনি কমাৰগাঁৱত জন্ম লাভ কৰা প্ৰয়াত আগৰৱালা সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল ৷ অসম আন্দোলনৰ সময়ত ১৯৮৪ চনত গণ সংগ্ৰাম পৰিষদৰ বাদুলিপাৰ আঞ্চলিক সমিতিৰ সম্পাদকৰ দায়িত্ব বহন কৰাৰ লগতে নিষ্ঠাসহকাৰে পালন কৰিছিল। সেই সময়ছোৱাতে প্ৰয়াত আগৰৱালা আৰক্ষী হাতত গ্ৰেপ্তাৰ হোৱাৰ লগতে ১১দিন কাৰাবাসো খাটিব লগা হৈছিলে। উল্লেখ্য যে ১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা তেতিয়াৰ (মাধৱদেৱ উঃ মাঃ বিদ্যালয়) বৰ্তমানৰ গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক আছিল প্ৰয়াত আগৰৱালা। ১৯৭০চনত প্ৰতিষ্ঠা লাভ কৰা ৰঙামাটি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সভাপতি, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য,আঁশীৰ দশকৰ আৰম্ভণিত বনগাঁৱত অনুষ্ঠিত কেইবাখনিও শাখা সাহিত্য সভাই অনুষ্ঠিত কৰা আঞ্চলিক সাহিত্য সন্মিলনৰ এগৰাকী গুৰি ধৰোঁতা আছিল প্ৰয়াত আগৰৱালা৷ ১৯৭০চনত ভোলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰয়াত ললিত বৰুৱা,আব্দুল মালিক, ড° হেম বৰা, ড° নগেন শইকীয়া আদিৰ প্ৰচেষ্টাত জন্ম হোৱা গোলাঘাট জিলা কবি চক্ৰৰ এজন সক্ৰিয় কৰ্মী আছিল তেখেত৷ ১৯৭০চনত তেওঁ "প্ৰদীপ"নামৰ বাৰ্তা আলোচনী তেখেতৰ ব্যক্তিগত খৰচত তেখেতৰে সম্পাদনাত প্ৰকাশ কৰি কেইবা বছৰো ধৰি পঢ়ুৱৈ সমাজলৈ আগবঢ়ায় ৷ ১৯৬৭চনত সাপ্তাহিক জনমভূমিত বাতৰি লিখিবলৈ আৰম্ভ কৰি ১৯৭২ চনৰ পৰা জনমভূমি কাকত দৈনিককৈ প্ৰকাশ পোৱাত এই কাকত সংবাদ সেৱা কৰি দীৰ্ঘদিন সেৱা কৰে ৷ ইয়াৰোপৰি হিন্দী পূৰ্বোদয়,পূৰ্বাঞ্চল প্ৰহৰী,আমাৰ অসম আদি কাকতত সংবাদ সেঁৱা আগবঢ়ায় আহিছিল।
তদুপৰি ১৯৮০ চনত বাদুলিপাৰত কিতাপৰ দোকান আৰম্ভ কৰে। ইয়াৰ আগতে জন্মস্থান ৰঙামাটি চেউনি গাঁৱত কিতাপৰ দোকান চলাইছিল। গোলাঘাটৰ পৰা সেই সময়ত প্ৰকাশ পোৱা সাপ্তাহিক কাকততো সংবাদ সেৱা কৰিছিল আগৰৱালাই ৷ ইয়াৰোপৰি অসম সাহিত্য সভাৰ আজীৱন সভ্যও আছিল প্ৰয়াত আগৰৱালা৷ প্ৰয়াত আগৰৱালা আছিল বাদুলিপাৰ আঞ্চলিক সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠাকালীন উপদেষ্টা । স্কুল পুস্তক ভাণ্ডাৰ তেওঁৰ বাতৰি প্ৰতিষ্ঠান ৷ এই প্ৰতিষ্ঠানৰ পৰাই দীৰ্ঘদিনে মৰণোত্তৰ কাললৈকে বিভিন্ন বাতৰি কাকত নিয়মিতভাৱে যোগান ধৰি আহিছিল। তেওঁৰ জন্মস্থান ৰঙামাটি গাঁৱৰ পৰা আশীৰ দশকৰ আৰম্ভণিতে জন্ম হোৱা ভ্ৰাম্যমাণ নাট্যদল অগ্ৰদূত থিয়েটাৰৰ তেওঁ অন্যতম উদ্যোক্তা৷ ৰঙামাটি নাট্য মন্দিৰ, ৰঙামাটি গাঁও আৰু বহু অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত ৷ ১৯৯১ চনত প্ৰতিষ্ঠা লাভ কৰা বাদুলিপাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত ৷ বৰ্তমানৰ এই শিক্ষানুষ্ঠান জ্যেষ্ঠ মাধ্যমিক বিঃ হিচাপে আছে আৰু তেওঁ ইয়াৰ পৰিচালনা সমিতিৰ সদস্য ৷ জিলা কৃতি শিক্ষকো আছিল প্ৰয়াত আগৰৱালা৷ আজি পুৱা প্ৰয়াত আগৰৱালাৰ নশ্বৰ দেহ বাদুলিপাৰস্থিত নিজা বাসগৃহত পোৱাৰ পিছতেই অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, ৰাইজ আহি প্ৰয়াত আগৰৱালাৰ গৃহত উপস্থিত হয় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী , দুগৰাকীকৈ পুত্ৰ-বোৱাৰী , জী-জোঁৱাই , নাতি-নাতিনী আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে ৷ আগৰৱালাৰ মৃত্যুত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে সাপ্তাহিক ৰাইজৰ খবৰ, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । আগৰৱালাৰ নশ্বৰ দেহ ৰঙামাটি শাখা সাহিত্য সভাৰ কাৰ্যালয়লৈ নি প্ৰয়াত গৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ লগতে সাহিত্য সভাৰ পতাকা অৰ্ধ নিৰ্মিত কৰি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰোপৰি তেখেতৰ নশ্বৰ দেহ কৰ্মস্থলী গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ নিয়া হয়, বিদ্যালয়তো সমুহ শিক্ষক, ছাত্ৰ ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আদিয়ে প্ৰয়াত আগৰৱালাৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। পিছত অসম সাহিত্য সভা, গোলাঘাট জিলা সাহিত্য সভা, ৰঙামাটি সাহিত্য সভা, ৰঙামাটি নাট্য মন্দিৰ, গোলোক বৰবৰা উঃ মাঃ বিঃ, ৰঙামাটি বহুমুখী জাতীয় বিদ্যালয়, ৰঙামাটি ৰাজহুৱা পুথিভঁৰাল, বাদুলিপাৰ আঞ্চলিক লেখিকা সমাৰোহ সমিতি, ৰঙামাটি চেউনী অঙ্গনবাড়ী কেন্দ্ৰ, ৰঙামাটি গাঁও অঞ্চলৰ পাঁচটা নামঘৰৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিছতে বাদুলিপাৰত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাদুলিপাৰ আঞ্চলিক সাংবাদিক সংস্থা , বাদুলিপাৰ ব্যৱসায়ী সন্থা , গোলাঘাট জিলা সাংবাদিক সন্থা, খুমটাই আঞ্চলিক সাংবাদিক সন্থা, বাদুলিপাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, বাদুলিপাৰ গাঁওৰক্ষী বাহিনী, বাদুলিপাৰ বাগিচা সংঘ, বাদুলিপাৰ মুছলিম জামাদ, বাদুলিপাৰ উত্তৰণ সমন্বয় সংঘ, বাদুলিপাৰ ৰঙালী বিহু উদ্যাপন সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আপিৰাম গগৈ হাইস্কুল, বাদুলিপাৰ চি ই চি , ভোলাগুৰি লাচিত ক্লাব, বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি, সদৌ অসম কবি সন্মিলন, গোলাঘাট জিলা কবি সন্মিলন, বাদুলিপাৰ আঞ্চলিক কবি সন্মিলন, বাদুলিপাৰ শাখা সাহিত্য সভা , ৰঙামাটি সমবায় সমিতি লিমিটেড , বাদুলিপাৰ হাইস্কুলকে ধৰি কুৰিৰো অধিক অনুষ্ঠান- প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাক্তন সাংবাদিক গৰাকীৰ মৃত্যুত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন( আপকু)ৰ সম্পাদক প্ৰণৱ চক্ৰৱৰ্ত্তী, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈ , গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সভাপতি মহেন্দ্ৰ নাথ শইকীয়া, আপকু গোলাঘাট জিলাৰ সভাপতি ভৱানন্দ কলিতা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।