Logo
image

পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান

'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ  শেহতীয়াকৈ ভাৰত চৰকাৰে অসমীয়াকে ধৰি আন ৪টা প্ৰাচীন ভাষাৰ লগতে পালি ভাষাকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। যিহেতু বৌদ্ধ সন্ন্যাসীসকলৰ মাজত পালি ভাষা অতি জনপ্ৰিয়, সেয়েহে শ্ৰীলংকাত ইয়াৰ বিশেষ মৰ্যাদা আছে। উল্লেখযোগ্য যে  শেহতীয়াকৈ ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই দ্বাদশ শতিকাৰ জয়দেৱৰ দ্বাৰা ৰচিত গীত গোবিন্দৰ অনুবাদিত পালি সংস্কৰণ এটা অনুষ্ঠানত পৰিবেশন কৰে। আনহাতে কেন্দ্ৰটোৱে কলম্বোত ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰে য'ত পৰিষদৰ প্ৰাক্তন ছাত্ৰ আৰু শ্ৰীলংকাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ড° হৰিণী অমৰসূৰ্য্যই মুখ্য অতিথি হিচাপে শোভা বঢ়ায়। এই অনুষ্ঠানত ভাৰতত নৱ নিযুক্ত শ্ৰীলংকাৰ উচ্চায়ুক্ত মহিষিনী কলন্নে আৰু তিনিজন উপাচাৰ্যও ভাৰতত অধ্যয়নৰ অভিজ্ঞতা ব্যক্ত কৰে। ভাৰতত অধ্যয়ন কৰা ৩০০ৰো অধিক অধ্যাপক আৰু শিক্ষাবিদে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। 


উল্লেখ্য যে  এই বছৰৰ এপ্ৰিল মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকা ভ্ৰমণ কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল গীতগোবিন্দৰ দশৱতাৰ স্তূত্ৰৰ এই পালি অনুবাদ। ৩০ মে তাৰিখে কলম্বোত অনুষ্ঠিত ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ প্ৰতিষ্ঠা দিৱসত প্ৰথমবাৰৰ বাবে এই পালি অনুবাদ সংস্কৰণটো অশিথ আট্টাপট্টুৰ নেতৃত্বত ভাৰতীয় বিশ্ববিদ্যালয়ৰ পুৰণি ছাত্ৰ-ছাত্ৰীৰ এটা দলে পৰিবেশন কৰে।  তদুপৰি প্ৰকল্পটোৰ ধাৰণা আৰু পৰিচালনা আছিল স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ পৰিচালক অধ্যাপক অংকুৰণ দত্তৰ। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীলংকাৰ ভাৰতীয় উচ্চায়ুক্তই কালি এই পৰিৱেশন ৰাজহুৱা কৰি কয় যে এই কমটিয়ে ভাৰত আৰু শ্ৰীলংকাৰ পালি ঐতিহ্যক সুন্দৰ ভাৱে প্ৰতিফলিত কৰিছে।