Logo
image

পৃথিৱীখন ঘুণীয়া কৰাৰ অধিকাৰ আমাৰ নাই

বিশ্ব পৰিৱেশ দিৱস হৈছে পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ ৰোধৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত এক গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক দিৱস৷ প্ৰতিবছৰে ৫ জুনত এই দিৱসটো বিশ্বজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়৷ ২০২৫ চনৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু ‘প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দি এটা প্ৰদূষণমুক্ত ভৱিষ্যৎ গঢ়ি তোলা’৷ এই বিষয়বস্তুটোৱে প্লাষ্টিকৰ অতিমাত্ৰা ব্যৱহাৰে সৃষ্টি কৰা ভয়াৱহ পৰিণতিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইয়াৰ সমাধানৰ বাবে বিশ্বজুৰি সজাগতা বৃদ্ধি কৰাটো লক্ষ্য কৰি লোৱা হৈছে৷  এই দিৱসত আমি আমাৰ গ্ৰহৰ সুৰক্ষাৰ বাবে একত্ৰিত হৈ প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, পুনৰ নবীকৰণ আৰু প্লাষ্টিকৰ ব্যৱহাৰৰ পুনৰ চিন্তা কৰা আৰু প্ৰতিশ্ৰুতি লোৱাৰ সময় আহি পৰিছে৷ বিশ্ব পৰিৱেশ দিৱসৰ এটা দীঘল ইতিহাস আছে৷ ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সন্মিলন ষ্টকহ’মত অনুষ্ঠিত হৈছিল৷ ইয়াতেই প্ৰথমবাৰৰ বাবে ৫ জুনক বিশ্ব পৰিৱেশ দিৱস হিচাপে ঘোষণা কৰা হয়৷ ১৯৭৪ চনৰ পৰা ইয়াক নিয়মিত পালন কৰি অহা হৈছে৷ প্ৰতিবছৰে এটা নিৰ্দিষ্ট আলোচনাৰ মুখ্য বিষয়বস্তু লৈ এই দিৱস উদ্‌যাপন কৰা হয়, যিয়ে বৰ্তমানৰ পাৰিপাশ্বিৰ্ক সংকটসমূহৰ প্ৰতি গুৰুত্ব দিয়ে৷  ২০২৫ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক বৰ্জন এটা অতি প্ৰাসংগিক বিষয়, কাৰণ প্লাষ্টিকৰ অপব্যৱহাৰ আমি প্ৰত্যেকেই কৰি আহিছোঁ আৰু পৰিৱেশ দিৱসৰ দিনা মেলে-মিটিঙে প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে টেঁটুফালি ভাষণ দিছোঁ আৰু মিটিঙৰ অন্তত প্লাষ্টিকৰ মোনাত বজাৰৰ পৰা মাছ-পুথি বা শাক-পাচলি ভৰাই ঘৰমুৱা হৈছোঁ৷ এইটোৱেই হৈছে আমাৰ চৰিত্ৰ৷ ফলত এতিয়া প্লাষ্টিক প্ৰদূষণৰ বৰ্তমান অৱস্থা অতি ভয়াৱহ৷ এই ভয়াৱহতা এনেধৰণৰ– প্ৰতিবছৰে ৪০০ মিলিয়ন টন প্লাষ্টিক উৎপাদন হয়, যাৰ মাত্ৰ ৯ শতাংশ পুনৰ্ব্যৱহাৰ কৰা হয়৷  মহাসাগৰত প্ৰতিবছৰে ৮-১২ মিলিয়ন টন প্লাষ্টিক পেলোৱা হয়৷ মাইক্ৰ’প্লাষ্টিকে [ক্ষুদ্ৰ প্লাষ্টিক কণা] মানুহৰ শৰীৰত প্ৰৱেশ কৰি স্বাস্থ্যৰ ক্ষতি কৰিছে৷ আমি খোৱা নিমখৰ পেকেট, আটা বা ময়দাৰ পেকেট, মাছ বা মাংস বজাৰৰ পৰা কঢ়িয়াই অনা প্লাষ্টিকৰ মোনা বা অনবৰতে ক’ৰবালৈ যাওঁতে লগত লৈ ফুৰা পানীৰ বটল এইবোৰৰ পৰা আমি অপ্ৰত্যক্ষভাৱে ক্ষুদ্ৰ প্লাষ্টিক কণা সেৱন কৰি আছোঁ, যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷

প্লাষ্টিকৰ প্ৰভাৱৰ ফলত জলজ উদ্ভিদ বা প্ৰাণীৰ বাবে ভয়ংকৰ বিপদ আহি পৰিছে৷ বহুতো মাছ, কাছ আৰু সাগৰীয় প্ৰাণীয়ে প্লাষ্টিক খাই মৃত্যুমুখত পৰে৷

প্লাষ্টিকে মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ লগতে প্ৰাকৃতিক গঠনো নষ্ট কৰে৷ আমি প্ৰায়েই ঘৰত জমা হৈ থকা প্লাষ্টিক জমা কৰি পুৰি পেলাওঁ, যাৰ ফলত বিষাক্ত গেছ যেনে ডাইঅক্সিন [Dioxin আৰু Furans] নিৰ্গত হয়৷ লগতে কাৰ্বন-ডাই-অক্সাইড আৰু সেউজ গৃহ গেছো নিৰ্গত হয়৷ এই নিৰ্গত হোৱা গেছ নিৰ্ভৰ কৰে প্লাষ্টিকৰ ধৰণৰ ওপৰত৷ এই সকলো গেছেই উদ্ভিদ বা প্ৰাণী– সকলোৰে বাবে মাৰাত্মক৷   প্লাষ্টিক প্ৰদূষণে আমাৰ পৰিৱেশ জীৱ-জন্তু আৰু আমাৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায়৷ প্ৰতিবছৰে প্ৰায় ১১ নিযুত টন প্লাষ্টিক আৱৰ্জনা আমাৰ জলজ পৰিৱেশত প্ৰৱেশ কৰে, আৰু মাইক্ৰ’প্লাষ্টিক আমাৰ খাদ্য, পানী আৰু শৰীৰত জমা হয়৷ ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন, জীৱ-বৈচিত্ৰ্যৰ ক্ষতি, আৰু প্ৰদূষণৰ এই ত্ৰিকোণীয়া সংকট আমাৰ কাৰণে বেছি গুৰুতৰ হৈ পৰিছে৷ 


এইবাৰ বিশ্ব পৰিবেশ দিৱস দক্ষিণ কোৰিয়াৰ জেজু দ্বীপত উদ্‌যাপন কৰা হ’ব৷ দক্ষিণ কোৰিয়াই প্লাষ্টিকৰ সম্পূৰ্ণ জীৱনচক্ৰৰ ব্যৱস্থাপনাৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে এক নেত্ৰীস্থানীয় ভূমিকা পালন কৰিছে৷ জেজু প্ৰদেশে  ২০৪০ চনৰ ভিতৰত প্লাষ্টিকমুক্ত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷   প্লাষ্টিক প্ৰদূষণৰ প্ৰভাৱ আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত দেখা যায়– যেনে জলজ জীৱ মাছ, কাছ আৰু অন্যান্য সাগৰীয় জীৱ প্লাষ্টিক খাই মৃত্যুবৰণ কৰে৷ মাইক্ৰ’প্লাষ্টিক আমাৰ খাদ্য আৰু পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি স্বাস্থ্যৰ ক্ষতি কৰে৷ প্লাষ্টিকে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা বৃদ্ধি কৰে৷ এনে পৰিস্থিতিত আমাৰো  কিছু দায়িত্ব আহি পৰে– প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আমি সকলোৱে কিছুমান সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব পাৰোঁ– যেনে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰোঁ, এককালীন ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বেগ বা বটলৰ পৰিৱৰ্তে কাপোৰৰ বেগ, ষ্টেইনলেছ ষ্টীলৰ বটল বা বাঁহৰ সৰঞ্জাম ব্যৱহাৰ কৰিব পাৰোঁ৷ মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাটো হৈছে ঘাই কাম৷ কি চৰকাৰী, কি বেচৰকাৰী সকলো সংগঠন ওলাই আহিব লাগে আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ পণ ল’ব লাগে৷ গছ-গছনিয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে৷ সেই কাৰণে গছপুলি ৰোপণ কৰিব লাগে৷ গছ কটাৰ আগতে এশবাৰ চিন্তা কৰি চাব লাগে৷ চহৰৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰণে গছ কটা কাৰ্য গৰিহণাযোগ্য৷ পৰিৱেশ সুস্থ থাকিলেহে আমি সুস্থ হৈ থাকিম৷ চহৰৰ সৌন্দৰ্যই মানুহক সুস্থ কৰি নাৰাখে, মানুহক সুস্থ আৰু উৎফুল্লিত কৰে প্ৰকৃতিয়ে৷  অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন সৰু প্ৰদেশ– ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা কাজিৰঙাৰ জীৱ-বৈচিত্ৰ্যলৈ– আমাৰ গৌৰৱ৷ কিন্তু প্লাষ্টিক প্ৰদূষণে আমাৰ নদী, হ্ৰদ আৰু বনাঞ্চলকো প্ৰভাৱিত কৰিছে৷ আমি স্থানীয়ভাৱে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি পুনঃ ব্যৱহাৰৰ উপযোগী কৰিব পৰাৰ ব্যৱস্থা হাতত ল’ব পাৰোঁ৷  বিশ্ব পৰিৱেশ দিৱস ২০২৫ আমাক সকলোকে একেলগে কাম কৰি আমাৰ গ্ৰহটোক প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্ত কৰাৰ সুযোগ দিছে৷ আমাৰ সৰু সৰু পদক্ষেপ– যেনে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা বা পুনৰ ব্যৱহাৰ উপযোগী কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে ই এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে৷ আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব যে আমি আমাৰ পৰিৱেশৰ সুৰক্ষাৰ বাবে কাম কৰিম আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে  সেউজীয়া, সুস্থ গ্ৰহ এৰি থৈ যাম৷ লেষ্টাৰ আৰ ব্ৰাউন নামৰ আমেৰিকাৰ পৰিৱেশ বিজ্ঞানীৰ এটা উক্তি আজিকালি খুব ব্যৱহূত হৈছে৷ সেইটো হ’ল– ‘ have not inherited this earth from our forefathers, we have borrowed it from our children’৷ গতিকে ধাৰলৈ লোৱা এই পৃথিৱীক আমি আমাৰ উত্তৰ পুৰুষৰ কাৰণে সুস্থ অৱস্থাত ঘূৰাই দিব লাগিব, ইয়াক ঘুণীয়া কৰাৰ অধিকাৰ আমাৰ নাই৷