Logo
image

প্লাষ্টিকবিহীন ধৰাৰ সপোন

শেহতীয়াকৈ বিশ্বব্যাপী  প্ৰদূষণ ৰোধ কৰি আমি বাস কৰা গ্ৰহটোক সুৰক্ষিত কৰাৰ প্ৰচেষ্টা দ্ৰুতগতিত চলা দেখা গৈছে৷ প্ৰতিবছৰৰ ৫ জুনত উদ্‌যাপন কৰা বিশ্ব পৰিৱেশ দিৱস এনে নিৰলস প্ৰচেষ্টাত জনতাক ব্যাপকভাৱে জড়িত কৰোৱাৰ অন্যতম মাধ্যম৷ এই প্ৰচেষ্টা আন্তঃৰাষ্ট্ৰীয়ভাৱে আৰম্ভ হৈছিল ১৯৬৮ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে পৰিৱেশৰ সমস্যা, সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ লগত জড়িত বিষয়সমূহ জনগণৰ ওচৰলৈ লৈ যোৱা আৰু প্ৰয়োজনীয় নীতি-নিৰ্ধাৰণ কৰাৰ বাবে এখন আন্তৰ্জাতিক আলোচনা-চক্ৰ পতাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে৷ একে বছৰৰে ৩ ডিচেম্বৰত  ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাৱত অনুমোদন জনায়৷ ইয়াৰ অংশস্বৰূপে ১৯৭২ চনৰ ৫-১৬ জুনলৈকে সুদীৰ্ঘ ১২ দিন ধৰি নৰৱে’ৰ ৰাজধানী ষ্টকহ’মত ‘ইউনাইটেড নেচন্‌ছ কনফাৰেন্স অন দ্য হিউমেন এনভাইৰনমেণ্ট’ শীৰ্ষক বিশ্বৰ প্ৰথমখন পৰিৱেশ সম্পৰ্কীয় আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷ পৃথিৱীৰ ২৮খন দেশৰ অভিজ্ঞ প্ৰতিনিধিৰ উপস্থিতিত এই সন্মিলনত মানৱীয় পৰিৱেশৰ লগত সম্পৰ্কিত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ আলোকপাত কৰি কৰ্মসূচী প্ৰস্তুত কৰে৷ পৰৱৰ্তী সময়ত ১৯৭২ চনৰ ১৬ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াৰ ২৯৯৪ [XXVII] নম্বৰ সিদ্ধান্তমৰ্মে ৫ জুন দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে ঘোষণা কৰে৷ বিশ্ব পৰিৱেশ দিৱস হিচাপে সেই দিনটো নিৰ্বাচনৰ কাৰণ হ’ল– মানৱ পাৰিপাশ্বিৰ্কতা সম্পৰ্কীয় সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথমখন অধিৱেশন সেই দিনটোতে আৰম্ভ হৈছিল৷ এই সন্মিলনৰ আলমতে পিছলৈ ‘ইউনাইটেড নেচন্‌ছ এনভাইৰনমেণ্ট প্ৰগেম’’ প্ৰতিষ্ঠা হয়৷ এই প্ৰচেষ্টাৰ পাছৰ দুটা দশকত পৰিৱেশ সুৰক্ষাৰ দিশত বিশেষ অগ্ৰগতি লাভ কৰা নাছিল৷ কিন্তু ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় অধিৱেশনত বিশ্বৰ বহুতো দেশে ষ্টকহ’ম অধিৱেশনৰ প্ৰস্তাৱ আৰু সিদ্ধান্ত  পৰ্যালোচনা কৰাৰ লগতে ইয়াক ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লয়৷ এনে প্ৰচেষ্টাই অধিক গতি লাভ কৰে ১৯৯৭ চনত জাপানৰ কিয়’টাত অনুষ্ঠিত গ্ল’বেল ৱাৰ্মিং সম্পৰ্কীয় সন্মিলনৰ যোগেদি, য’ত সুৰক্ষিত পৃথিৱীৰ বাবে সেউজ গৃহ গেছৰ পৰিমাণ সুস্থিৰ কৰাৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

পৰম্পৰাগত জ্ঞান আৰু আধুনিক শাসন প্ৰণালীৰ সংমিশ্ৰণৰ যোগেদি ভাৰতে পৰিৱেশ-তন্ত্ৰ সংৰক্ষণৰ দিশত প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ১৯৭৬ চনত গৃহীত ভাৰতৰ সংবিধানৰ ৪২সংখ্যক সংশোধনী এই ক্ষেত্ৰত মন কৰিবলগীয়া৷  ভাৰতীয় সংবিধানৰ চতুৰ্থ আৰু চতুৰ্থ[ক] অংশ ক্ৰমে–‘ৰাজকাৰ্যৰ বাবে নীতি-নিৰ্দেশনা’ আৰু ‘নাগৰিকৰ মৌলিক অধিকাৰ’ অধ্যায় দুটাৰ অনুচ্ছেদ ৪৮[ক] আৰু ৫১[ক]ত ৰাষ্ট্ৰৰ পৰিৱেশ সংৰক্ষণ নীতি আৰু এই ক্ষেত্ৰত নাগৰিকৰ কৰণীয় নিৰ্দেশাৱলী সন্নিৱিষ্ট কৰা হৈছে৷ এই সাংবিধানিক ব্যৱস্থাই দেশৰ পৰিৱেশ প্ৰশাসনৰ পৰিকাঠামো বৃদ্ধি কৰিছিল৷ একেটা সংশোধনীত বিশ্বব্যাপী ৫ জুনত পালন কৰা বিশ্ব পৰিৱেশ দিৱস, ভাৰততো পালন কৰাৰ কথা সন্নিবিষ্ট কৰা হয়৷ ১৯৭৪ চনৰ পৰাই ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিৱসৰ একো-একোটা থিম্‌ বা মূল বিষয় ঘোষণা কৰি আহিছে৷ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে– ‘বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ সমাপ্তি’৷ কোৰিয়া গণৰাজ্য এই বছৰৰ এই উদ্‌যাপনৰ আয়োজক দেশ৷ 

প্লাষ্টিকবিহীন পৃথিৱী বাস্তৱিকো নহয়,  আকাংক্ষিতও নহয়৷ কিন্তু প্লাষ্টিক প্ৰদূষণ বৰ্তমান বিশ্ববাসীৰ সমুখত দেখা দিয়া এক ডাঙৰ বিপদ৷ ইয়াৰ ব্যাপক ব্যৱহাৰ আৰু মন্থৰ অৱক্ষয়ে পৰিৱেশ-তন্ত্ৰ আৰু মানৱ সমাজৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ অনুপযুক্ত নিষ্পত্তিৰ ফলত সৃষ্টি হোৱা ব্যাপক প্লাষ্টিক প্ৰদূষণে ভূমি, জলপথ আৰু মহাসাগৰ দূষিত কৰাৰ উপৰি বন্যপ্ৰাণী আৰু সামুদ্ৰিক জীৱন বিপদাপন্ন কৰি তোলে৷


সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত প্লাষ্টিকজনিত পৰিৱেশগত সমস্যাৰ মূল কাৰক হৈছে মাইক্ৰ’প্লাষ্টিক আৰু নেন’প্লাষ্টিক৷ সাধাৰণতে মাইক্ৰ’প্লাষ্টিকৰ আকাৰ মাইক্ৰনৰ [১ মাইক্ৰন ১০-৬ মিটাৰ]  ১ পৰা ৫ মিলিমিটাৰমান৷ এই সংক্ৰান্তত বিভিন্ন গৱেষণা পত্ৰিকাত প্ৰকাশিত তথ্যমতে মাইক্ৰ’প্লাষ্টিক খাদ্য শৃংখলাত  প্ৰৱেশ কৰাৰ ফলত জনস্বাস্থ্যৰ অভাৱনীয় ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু অতি উদ্বেগৰ বিষয়– অদৃশ্য নেন’প্লাষ্টিক৷ ইয়াৰ আকাৰ ১০০ নেন’মিটাৰ  [১ নেন’মিটাৰ ১০-৯ মিটাৰ] ১ পৰা ১ মাইক্ৰনপৰ্যন্ত হয়৷ এনে প্লাষ্টিক প্ৰাকৃতিকভাৱেও সৃষ্টি হ’ব পাৰে বা চিকিৎসা সঁজুলি, বস্ত্ৰ আৰু আৱৰণকে ধৰি বিভিন্ন প্ৰয়োগৰ বাবে ইচ্ছাকৃতভাৱেও নিৰ্মাণ কৰা হয়৷ আকাৰত অত্যন্ত সৰু হোৱা বাবে নেন’প্লাষ্টিকে জৈৱিক প্ৰণালী আৰু পৰিৱেশত প্ৰভাৱ পেলাব পাৰে৷ নেন’প্লাষ্টিকৰ পৰিৱেশ আৰু জনস্বাস্থ্যৰ ওপৰত পৰিব পৰা সম্ভাব্য প্ৰভাৱৰ বিষয়ত শেহতীয়াকৈ প্ৰকাশ হোৱা গৱেষণা সিদ্ধান্তসমূহ অতিশয় চিন্তা উদ্ৰেগকাৰী৷ নেন’প্লাষ্টিক তিনিটা প্ৰধান পথেৰে মানৱ শৰীৰত প্ৰৱেশ কৰিব পাৰে– মুখেৰে, শ্বাস-প্ৰশ্বাস আৰু ছালৰ জৰিয়তে৷ মৌখিক পথটো আটাইতকৈ সহজ আৰু সাধাৰণ পথ, যিহেতু আমি খোৱা পানী আৰু খাদ্যত নেন’প্লাষ্টিক মিহলি হৈ থাকে৷ পানীৰ বটল, পাইপ আৰু পেকেজিঙত থকা প্লাষ্টিকবোৰে নেন’প্লাষ্টিক মুকলি কৰিব পাৰে, যি পানী আৰু আন খাদ্যসামগ্ৰীৰ জৰিয়তে প্ৰাণীদেহত প্ৰৱেশ কৰে৷ শ্বাস-প্ৰশ্বাস হৈছে আন এক পথ, য’ত টায়াৰ ছিঙি যোৱাৰ দৰে উৎসৰ পৰা অহা আৰু বায়ুত মিহলি হৈ থকা নেন’প্লাষ্টিক আমাৰ হাঁওফাঁওলৈ উশাহৰ দ্বাৰা প্ৰৱেশ কৰে৷ বাহিৰৰ বায়ুৰ তুলনাত ঘৰৰ ভিতৰৰ বতাহত প্ৰায়ে এই কণাবোৰৰ উচ্চ মাত্ৰা থাকে৷ কাৰণ সংশ্লেষিত বস্ত্ৰ, কাৰ্পেট আৰু পৰিষ্কাৰ কৰা সামগ্ৰীৰ দৰে দৈনন্দিন ব্যৱহৃত সামগ্ৰীয়ে উচ্চ পৰিমাণৰ নেন’প্লাষ্টিক উৎপন্ন কৰে৷ গৰম কৰা, শীতল কৰা প্ৰণালী আৰু ৰন্ধা-বঢ়া আৰু ভেকুৱামিঙৰ দৰে কাৰ্যকলাপেও নেন’প্লাষ্টিক মুকলি কৰে, যাৰ ফলত ঘৰৰ ভিতৰৰ ইয়াৰ ঘনত্ব অধিক হয়৷ দুৰ্বল বায়ু সঞ্চালনে এই কণাবোৰক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখে৷ ছালৰ জৰিয়তেও নেন’প্লাষ্টিকে শৰীৰত প্ৰৱেশ কৰে, বিশেষকৈ ৪০ নেন’মিটাৰতকৈ সৰু কণাবোৰ৷ নেন’প্লাষ্টিকৰ দ্বাৰা উদ্ভৱ হোৱা স্বাস্থ্যৰ বিপদাশংকাৰ মূল্যায়ন আৰু হ্ৰাস কৰিবলৈ এই সংস্পৰ্শৰ পথবোৰ বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ৷ 

নেন’প্লাষ্টিকৰ বিষয়ত শেহতীয়াকৈ প্ৰকাশিত গৱেষণা পত্ৰিকাৰ তথ্য অনুসৰি কোষ আৰু অংগসমূহত প্ৰৱেশ কৰাৰ ক্ষমতাৰ বাবে নেন’প্লাষ্টিকে গুৰুত্বপূৰ্ণ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি কৰে, যাৰ ফলত শৰীৰত বিভিন্ন প্ৰতিকূল প্ৰভাৱৰ সম্ভাৱনা থাকে৷ এবাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত এই কণাবোৰে অক্সিডেটিভ চাপ সৃষ্টি কৰিব পাৰে, যাৰ ফলত কোষৰ ক্ষতি হয় আৰু হৃদযন্ত্ৰৰ ৰোগ, নিউৰ’ডিজেনেৰেটিভ ৰোগ আৰু কৰ্কট ৰোগৰ দৰে সমস্যাৰ আশংকা বৃদ্ধি পায়৷ নেন’প্লাষ্টিক যকৃত, বৃক্ক আৰু মগজুৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহত জমা হ’ব পাৰে, যাৰ ফলত এই অংগসমূহৰ স্বাভাৱিক কাৰ্যত ব্যাঘাত জন্মে আৰু দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ মস্তিষ্কত নেন’প্লাষ্টিকে নিউৰ’টক্সিচিটিৰ সৃষ্টি কৰিব পাৰে, কিয়নো ইতিমধ্যে ধাতু আৰু ধাতু-অক্সাইড নেন’কণা যেনে সোণ আৰু টাইটানিয়াম-ডাই-অক্সাইড আদিয়ে স্নায়ৱিক কলাবোৰত ক্ষতিকাৰক প্ৰভাৱ পেলোৱা বুলি প্ৰমাণ হৈছে৷ নেন’প্লাষ্টিকৰ সংস্পৰ্শলৈ অহাৰ ফলত নিউৰ’ট্ৰান্সমিটাৰৰ স্তৰ সলনি হ’ব পাৰে, যাৰ ফলত আচৰণগত পৰিৱৰ্তন আৰু প্ৰজ্ঞাৰ দুৰ্বলতাৰ সম্ভাৱনা থাকে৷ ইয়াৰ উপৰি নেন’প্লাষ্টিকে ৰোগ প্ৰতিৰোধ প্ৰণালীত হস্তক্ষেপ কৰিব পাৰে, ফলত শৰীৰৰ সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস পায়৷ একেদৰে নেন’প্লাষ্টিকে শ্বাস-প্ৰশ্বাসৰ সমস্যা সৃষ্টি কৰিব পাৰে, ফলত হাপানি আৰু ব্ৰংকাইটিছৰ দৰে ৰোগ হ’ব পাৰে৷ পৰিৱেশত নেন’প্লাষ্টিকৰ ব্যাপক উপস্থিতি আৰু মানৱ শৰীৰত সেইবোৰ জমা হোৱাৰ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যত ইয়াৰ প্ৰভাৱ বুজি পোৱা আৰু সংস্পৰ্শ হ্ৰাস কৰাৰ বাবে পদক্ষেপ লোৱাটো অতি গুৰুত্বপূৰ্ণ৷ সজাগতা, নীতি আৰু উদ্ভাৱনৰ সংমিশ্ৰণৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি৷ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক হ্ৰাস কৰা, পুনৰ ব্যৱহাৰযোগ্য বিকল্পৰ প্ৰচাৰ কৰা আৰু আৱৰ্জনা পৃথকীকৰণ উন্নত কৰাৰ দৰে পদক্ষেপ এইক্ষেত্ৰত ফলপ্ৰসূ হ’ব পাৰে৷ জৈৱ-বিঘটনশীল প্লাষ্টিক আৰু প্লাষ্টিকক ইন্ধনলৈ ৰূপান্তৰিত কৰাৰ প্ৰযুক্তিৰ দৰে উদ্ভাৱনে দীৰ্ঘম্যাদী সমাধান প্ৰদানৰ থল আছে৷