
টিহুত প্লাষ্টিকৰ প্ৰদূষণৰোধ আৰু বৰ্জিত পদাৰ্থৰ ব্যৱস্থাপনাৰ ওপৰত সজাগতা সভা
'আমাৰ অসম'ৰ টিহুৰ প্ৰতিবেদক, ৫ জুনঃ অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, কামৰূপৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বিভাগটোৰ পঞ্চাছ বছৰীয়া সোণালী জয়ন্তী উপলক্ষে টিহু পৌৰসভাৰ সহযোগত আৰু দ্যা গ্ৰীণ গ্লোবৰ (The Green Globe ) সৌজন্যত ৩ জুনত টিহু ছোৱালী হাইস্কুলত প্লাষ্টিকৰ প্ৰদূষণৰোধ আৰু বৰ্জিত পদাৰ্থৰ ব্যৱস্থাপনা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে দ্যা গ্ৰীণ গ্লোবৰ সভাপতি বিশ্বজিত শৰ্মাই আঁত ধৰা উক্ত সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰে প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰিবলৈ সমাজৰ সকলো স্তৰতে সামূহিক পদক্ষেপৰ প্ৰয়োজন বুলি মন্তব্য কৰে । উল্লেখ্য যে সভাত আন এগৰাকী সমল ব্যক্তি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, কামৰূপ আঞ্চলিক কাৰ্যালয়ৰ কাৰ্য্যবাহী অভিযন্তা মামনী গোস্বামীয়ে প্লাষ্টিক প্ৰদূষণে পৃথিৱীক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰি তেওঁ প্লাষ্টিক প্ৰদূষণে আমাৰ খাদ্য শৃংখলতো প্ৰৱেশ কৰি মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰে ।
আনহাতে বিশিষ্ট পৰিৱেশকৰ্মী তথা দ্যা গ্ৰীণ গ্লোবৰ সম্পাদক ৰাজেশ দত্ত বৰুৱাই সভাত আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ সাধ্যানুসৰি কম ব্যৱহাৰ কৰিবলৈ মুকলি আহ্বান জনাই লগতে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতেই প্লাষ্টিকৰ প্ৰদূষণ সম্পৰ্কে বহুল প্ৰচাৰৰ প্ৰয়োজন বুলি মন্তব্য কৰে । পৰিৱেশ কৰ্মী গৰাকীয়ে লগতে কয় যে ''সুস্থ সবল পৰিৱেশ নাথাকিলে পৃথিৱী জীয়াই নাথাকে''। আনহাতে সভাত টিহু ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী লাৱন্য ডেকাই শলাগৰ শৰাই আগবঢ়াই ছাত্ৰীসকলক একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰমুক্ত পৰিৱেশৰ সূচনা কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে নৱম শ্ৰেণীৰ ছাত্ৰী শ্ৰুতিস্মিতা শৰ্মাই সভাত উপস্থিত থকা ছাত্ৰীসকলক একক ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ সীমিত ব্যৱহাৰ কৰা আৰু পৰিৱেশৰ বাবে জীৱন শৈলীক সমৰ্থন কৰাৰ লগতে প্ৰকৃতি পৰিৱেশৰ প্ৰতি আৰু অধিক দায়িত্বশীল হব বুলি শপত বাক্য পাঠ কৰোৱায় । উক্ত সভাত সহকাৰী অভিযন্তা সঞ্জীৱ কাকতি ,টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া ভাস্কৰ কলিতা, তুলিকা হালৈ ,লৱ কুমাৰ ডেকা, হিতেশ ডেকা, কিশোৰ কুমাৰ শৰ্মা, বিমান কলিতা, কিশোৰ লহকৰ, জিতুমণি কলিতা, লভিতা ডেকা , হীৰকজ্যোতি ঠাকুৰীয়া আদি ব্যক্তিসকলে অংশগ্ৰহণ কৰে।সভাৰ পূৰ্বে ছাত্ৰীসকলে এটি সৰস্বতী বন্দনা পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ।