Logo
image

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক হত্যাৰ ভাবুকি!

◾জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক হত্যাৰ ভাবুকি।

◾ছ'চিয়েল মিডিয়াযোগে কণ্ঠশিল্পীগৰাকীলৈ আহিছে এই ভাবুকি।

◾প্ৰিয়ংকা কাশ্যপ দত্ত নামৰ এটা ফেচবুক একাউণ্টত গায়িকাগৰাকীক ভাবুকি দিয়া হৈছে।

◾উক্ত একাউণ্টটোৰ টাইমলাইনত আছে বহুকেইটা ভাবুকিভৰা প'ষ্ট।

◾পোষ্টকেইটাত গায়িকাগৰাকীক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে।

◾ভাবুকিৰ পোষ্টকেইটাত আছে হত্যাৰ নিৰ্দিষ্ট সময়সীমা।

◾আজি নিশা ১১ৰ পৰা ১২ বজাৰ ভিতৰত গুলীয়াই হত্যা কৰাৰ ভাবুকি দীপলিনা ডেকাক।

◾অৱশ্যে ফেচবুক একাউণ্টটো ভুৱা নে সচাঁ সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

◾আনহাতে এই সন্দৰ্ভত গায়িকাগৰাকীয়ে পানবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

◾এই এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজো কৰিছে।

◾আৰক্ষীৰ সঠিক তদন্ততহে সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ সম্ভাৱনা।