
চানমাৰিত 'পদপথত আবেলিৰ কবিতা'ৰ কবি সন্মিলন
'আমাৰ অসম'ৰ মহানগৰৰ প্ৰতিবেদক, ৯জুনঃ পদপথত আবেলিৰ কবিতা' কাব্যানুষ্ঠানৰ কবি সন্মিলনখন দেওবাৰে গুৱাহাটীৰ চানমাৰিৰ 'জয়ন্ত হাজৰিকা স্মৃতি উদ্যান'ত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাব্যানুষ্ঠানৰ সভাপতি কিশোৰী মোহন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত কবি সন্মিলন ৰত্না ভট্টাচাৰ্যই পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ হয়। আনহাতে জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মূখত বন্তি প্ৰজ্জ্বলন কৰে কবি ভৱেশ চন্দ্ৰ দত্তই। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কমলাকান্ত ডেকাই আৰু প্ৰতিবেদন পাঠ কৰে সহকাৰী সম্পাদক কাবেৰী দাসে।
উল্লেখ্য যে কবি সন্মিলন উদ্বোধন কৰে কবি পমী গোস্বামীয়ে। লগতে কবিতা পাঠ কৰে নীলিমা গোস্বামী, ৰুণুমী তালুকদাৰ, মদন চন্দ্ৰ মেধি, বীণা ভূঞা কলিতা, দিপালী দাস, জেউতি শইকীয়া, দিলীপ বৰুৱা, বলভদ্ৰ নাথ, বনশ্ৰী বৰুৱা পাঠক, মিনু মহন্ত, বৃন্দালী দেৱী আৰু কাবেৰী দাসে। পাঠ কৰা কবিতাৰ পৰ্যালোচনা কৰে নৱ ডেকাই। গীত পৰিবেশন কৰে নিলোৎপল বৰা, প্ৰণীতা দেৱী, ৰীতা চৌধুৰী, মধুস্বপ্না পাঠকে। আবৃত্তি কৰে নৱ ডেকা আৰু কনমানি কৌস্তভ ডেকা আৰু কৌস্তুৰী ডেকাই।