Logo
image

বৃদ্ধি পাইছে তাপমাত্ৰা অস্তিত্বৰ সংকটত মানৱ সভ্যতা

তাপমাত্ৰা পৃথিৱীৰ পৰিৱেশ, জলবায়ু আৰু জীৱ-জগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এক অৱদান৷ ই আমাৰ দৈনন্দিন জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত৷ তাপমাত্ৰাৰ পৰিৱৰ্তনে আমাৰ স্বাস্থ্য, কৃষি, পৰিৱেশ আৰু অৰ্থনীতিত বিশাল প্ৰভাৱ পেলায়৷ পৃথিৱীত তাপমাত্ৰা পৰিমাপ কৰা হয় থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আৰু ইয়াক চেলছিয়াছ বা ফাৰেনহাইট স্কেলত প্ৰকাশ কৰা হয়৷ তাপমাত্ৰা জোখাৰ ইতিহাস পুৰণি হ’লেও আধুনিক বিজ্ঞানী আৰু গৱেষকসকলেহে  ইয়াক যথাযথ পৰিমাপ আৰু বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে৷ 

তাপমাত্ৰা পৰিমাপৰ যাত্ৰা আৰম্ভ হৈছিল ১৬৭০ চনত, যেতিয়া গেলিলিঅ’ গেলিলিয়ে প্ৰথম তাপমাত্ৰা জোখা যন্ত্ৰ থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল৷ অৱশ্যে, সেয়া আছিল অত্যন্ত  প্ৰাথমিক আৰু বৈজ্ঞানিকভাৱে অসম্পূৰ্ণ৷ পিছলৈ ছাৰ আইজাক নিউটন আৰু আন বিজ্ঞানীসকলে ১৬৮০ চনৰ আশে-পাশে আৰু উন্নতমানৰ থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰে, যি আজিৰ তাপমাত্ৰা পৰিমাপৰ আধুনিক প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে বিবেচিত৷ ১৮৩০ৰ দশকত পৃথিৱীৰ বিভিন্ন স্থানত প্ৰথম আধুনিক তাপমাত্ৰা পৰিমাপৰ ব্যৱস্থা আৰম্ভ হয় আৰু লাহে লাহে ই বিজ্ঞানী তথা বতৰ বিশেষজ্ঞসকলৰ ওচৰত গুৰুত্বপূৰ্ণ উপকৰণ হিচাপে বিবেচিত হয়৷

তাপমাত্ৰাই অকল যে মানুহৰ দৈনন্দিন জীৱনকে প্ৰভাৱিত কৰে তেনে নহয়, বৰং ই পৃথিৱীৰ পৰিৱেশ আৰু প্ৰকৃতিতো গভীৰ প্ৰভাৱ পেলায়৷ লগতে তাপমাত্ৰাৰ পৰিৱৰ্তনে বিশ্বৰ বিভিন্ন অঞ্চলৰ জলবায়ু আৰু বতৰৰ পৰিস্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে৷ উদাহৰণস্বৰূপে কোনো কোনো অঞ্চলত অতিৰিক্ত গৰম বা শীতৰ কাৰণে কৃষি উৎপাদন বা জলস্তৰ কমি যায়, যাৰ বাবে খাদ্য নিৰাপত্তা আৰু জনস্বাস্থ্যৰ ওপৰত ভাবুকি আহি পৰে৷ সমান্তৰালভাৱে তাপমাত্ৰা বৃদ্ধিৰ বাবে গোলকীয় উষ্ণতাৰ সমস্যাও বাঢ়িবলৈ লৈছে৷ পৃথিৱীৰ বৰ্ধিত তাপমাত্ৰাই আজি সমগ্ৰ গ্ৰহটোকে পৰিৱেশগত বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে৷

তাপমাত্ৰাৰ তীব্ৰতা বা পাৰ্থক্যই নানা প্ৰাকৃতিক বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে৷ যেনে, তীব্ৰ গৰমৰ বাবে তাপ প্ৰবাহ, খৰাং, মৰুকৰণৰ বৃদ্ধি আদি দেখা দিব পাৰে৷ যিয়ে কৃষি বা খোৱাপানী সৰবৰাহত সমস্যাৰ সৃষ্টি কৰে৷ আনহাতে, অতিৰিক্ত ঠাণ্ডাৰ কাৰণে শীতকালীন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব পাৰে৷ 

বিশ্বত তাপমাত্ৰা ৰেকৰ্ড কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছিল ১৮৩০ৰ দশকত, যেতিয়া প্ৰথম আধুনিক বতৰ পৰ্যবেক্ষণ আৰু তাপমাত্ৰা জোখাৰ ব্যৱস্থা আৰম্ভ হৈছিল৷ আৰম্ভণিতে তাপমাত্ৰা জোখাৰ কোনো নিৰ্দিষ্ট বৈশ্বিক মান নাছিল, যাৰ বাবে ১৮৬০ চনত তাপমাত্ৰা ৰেকৰ্ডিঙৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক স্থাপন কৰা হয়৷ ১৯১৫ চনত বিশ্ব বতৰ বিজ্ঞান সংস্থা গঠন হয়৷ আজিৰ দিনত নাছা, ডব্লিউ এম অ’ আদি বিভিন্ন সংস্থা আছে, যিয়ে নিয়মিত তাপমাত্ৰা পৰিমাপ আৰু পৰ্যবেক্ষণ কৰি থাকে৷ তাপমাত্ৰা বৃদ্ধি বিষয়টো আজিৰ দিনত অত্যন্ত উদ্বেগজনক৷ গোলকীয় উষ্ণতাৰ মূলতে আছে মাত্ৰাধিক গ্ৰীনহাউছ গেছৰ নিৰ্গমন৷ আজি বহু অঞ্চলত গ্ৰীষ্মকাল দীৰ্ঘ হৈছে আৰু শীতকাল সংকুচিত হৈছে৷ লগে লগে বৰষুণৰ পেটাৰ্নৰো পৰিৱৰ্তন হৈছে৷ এই পৰিৱৰ্তনবিলাকে কৃষি, পৰিৱেশ আৰু মানুহৰ জীৱনযাত্ৰাত ব্যাপক প্ৰভাৱ পেলাইছে৷ বিশ্বত তাপমাত্ৰাৰ এই বৃদ্ধি ৰোধৰ বাবে প্ৰয়োজন পৰিৱেশগত সচেতনতা আৰু শক্তিৰ সঠিক ব্যৱহাৰ৷ লগতে প্ৰয়োজন প্ৰতিখন দেশৰ সহযোগিতা আৰু দীৰ্ঘম্যাদী পৰিকল্পনা৷

 অভিলেখ ৰচা পৃথিৱীৰ সৰ্বোচ্চ তাপমাত্ৰা

পৃথিৱীত অভিলেখ গঢ়া সৰ্বোচ্চ তাপমাত্ৰাই দীৰ্ঘ সময় ধৰি গৱেষণা আৰু বিতৰ্কৰ বিষয় হৈ আহিছে৷ সাধাৰণতে বায়ু, স্থল আৰু উপগ্ৰহ প্ৰযুক্তিৰ সহায়ত তাপমাত্ৰা পৰিমাপ কৰা হয়৷ অৱশ্যে, ইয়াৰ ভিতৰত বায়ু তাপমাত্ৰাই গ্ৰহণযোগ্য বুলি ধৰা হয়৷ কিয়নো আন পদ্ধতিত বহু ত্ৰুটী দেখা যায়৷ এইপৰ্যন্ত বিশ্বৰ সৰ্বোচ্চ তাপমাত্ৰা হিচাপে ৰেকৰ্ড কৰা হৈছে ৫৬.৭ ডিগ্ৰী চেলছিয়াছ [১৩৪.১ ডিগ্ৰী ফাৰেনহাইট]৷ ১৯১৩ চনৰ ১০ জুলাইৰ দিনাখন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্নিয়াত থকা ডেথ ভেলীত এই উষ্ণতা ৰেকৰ্ড কৰা হৈছিল৷ ডেথ ভেলী পৃথিৱীৰ অন্যতম উষ্ণ আৰু শুষ্ক অঞ্চল৷ গ্ৰীষ্মৰ দিনত ইয়াৰ তাপমাত্ৰা প্ৰায়ে ৪৯ ডিগ্ৰীৰ ওপৰত থাকে৷ ইয়াৰ কাৰণ হ’ল, অঞ্চলটোৰ ভৌগোলিক অৱস্থান৷ সাগৰপৃষ্ঠৰ পৰা তলত থকা বাবে ডেথ ভেলীৰ আকৃতি হৈছে এটা বেছিনৰ লেখীয়া৷ ইয়াৰ গৰম বতাহ আৱদ্ধ হৈ থাকে বাবে তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পায়৷

 মৰুভূমিত ৰেকৰ্ডকৃত সৰ্বোচ্চ তাপমাত্ৰা

জলবায়ুৰ বৈচিত্ৰ্য পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে প্ৰকাশ পায়৷ কোনো কোনো অঞ্চল যদি বৰফেৰে ঢাক খাই থাকে, কোনো কোনো অঞ্চল আকৌ জুইৰ দৰে উত্তপ্ত হৈ থাকে৷ এনে এক প্ৰাকৃতিক বিষ্ময়কৰ নাম হ’ল লুত মৰুভূমি, যি ইৰানৰ দক্ষিণ-পূব অংশত অৱস্থিত৷ বিজ্ঞানীসকলৰ পৰ্যবেক্ষণ অনুযায়ী, এই মৰুভূমিখনকেই পৃথিৱীৰ সৰ্বাধিক উত্তপ্ত মৰুভূমি হিচাপে মানি লোৱা হয়৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ দ্বাৰা ২০০৫ চনত ইয়াত ৭০.৭ ডিগ্ৰী চেলছিয়াছ [১৫৯.৩ ডিগ্ৰী ফাৰেনহাইট] তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল৷ এয়া আছিল পৃথিৱীপৃষ্ঠৰ সৰ্বোচ্চ তাপমাত্ৰা৷ এই তাপমাত্ৰা বায়ুৰ নহয়, বৰং মৰুভূমিৰ মাটিৰ উপৰিভাগৰ তাপমাত্ৰা৷ 

লুত মৰুভূমিত বৰষুণ নহয় বুলিয়েই ক’ব পাৰি৷ পোনপটীয়াকৈ সূৰ্যৰ তাপ পৰি ই সোনকালে উত্তপ্ত হৈ উঠে৷ গছ-গছনি বা আন কোনো ছাঁ ইয়াত নাই৷ বছৰৰ পাছত বছৰ ধৰি ইয়াৰ তাপমাত্ৰা ৬৫ৰ পৰা ৭০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থকা দেখা যায়৷ লুত মৰুভূমিৰ এই চৰম তাপমাত্ৰা বিজ্ঞানীসকলৰ বাবে এক বিষ্ময়কৰ বিষয়৷ এই অঞ্চলটো পৃথিৱীৰ এনে এটা অঞ্চল য’ত বাস কৰা অসম্ভৱ৷ এক কথাত এই অঞ্চলটো হ’ল ‘পৃথিৱীৰ উত্তপ্ত মেৰু’৷

 এছিয়াৰ সৰ্বোচ্চ তাপমাত্ৰা

বিশ্বৰ জলবায়ু ব্যৱস্থাই ক্ৰমশঃ চৰম ৰূপ ধাৰণ কৰিছে৷ এছিয়াৰ অঞ্চলভেদে গ্ৰীষ্মকালত যি তাপমাত্ৰা লক্ষ্য কৰা যায়, সেয়া অস্বস্তিকৰেই নহয়, বিপজ্জনকো৷ বহু দেশত অভিলেখ পৰিমাণৰ গৰম পৰিছে, যাৰ প্ৰভাৱ পৰিছে মানুহৰ জীৱনযাত্ৰা, স্বাস্থ্য আৰু অৰ্থনীতিত৷ এছিয়া মহাদেশৰ সৰ্বোচ্ছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল ২০১৬ চনৰ ২১ জুলাইত৷ কুৱেইটৰ এখন চহৰত উক্ত দিনটোত ৰেকৰ্ড কৰা হৈছিল ৫৪ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা৷ যি অকল কুৱেইটৰে নহয়, সমগ্ৰ এছিয়া মহাদেশৰে সৰ্বাধিক তাপমাত্ৰা হিচাপে গণ্য কৰা হৈছিল৷ সেই একেটা বছৰতে ইৰাকৰ বছৰা চহৰতো ৰেকৰ্ড কৰা হৈছিল ৫৩.জ্ঝ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা৷ তদুপৰি ইৰানৰ আহভাজ চহৰত ২০১৭ চনত ৰেকৰ্ড কৰা হৈছিল ৫৩.জ্জ ডিগ্ৰী চেলছিয়াছ, যি সেই দেশখনৰ সৰ্বোচ্ছ৷ পাকিস্তানৰ তুৰবাট চহৰত ২০১৭ চনৰ মে’ত ৰেকৰ্ড কৰা হৈছিল ৫৩.৫  ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা৷ এই তাপমাত্ৰা পাকিস্তানৰ ইতিহাসৰ সৰ্বোচ্ছ বুলি ধৰা হয়৷ এই স্থানবোৰ বিশ্বৰ উষ্ণতম স্থানবোৰৰ ভিতৰত অন্যতম৷ 

 ভাৰতৰ সৰ্বোচ্চ তাপমাত্ৰা

জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ ভূমিও ক্ৰমাৎ উত্তপ্ত হ’বলৈ ধৰা দেখা গৈছে৷ ২০২৪ চনৰ মে’ৰ ২৯ তাৰিখে দিল্লীৰ মুংগেশপুৰ এলেকাত তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল ৫২.৩ ডিগ্ৰী চেলছিয়াছ [১২৬.১ ফাৰেনহাইট]৷ এই তাপমাত্ৰাই হৈছে ভাৰতৰ ইতিহাসৰ সৰ্বোচ্চ তাপমাত্ৰা৷ ইয়াৰ আগতে ২০১৬ চনৰ ১৯ মে’ৰ দিনাখন ৰাজস্থানৰ ফালোডি অঞ্চলত তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল ৫১ ডিগ্ৰী চেলছিয়াছ৷ গছ-গছনি কাটি চৌদিশে কংক্ৰিটৰ অৰণ্য গঢ়ি তোলাৰ বাবে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰা দেখা গৈছে৷ যি অতি ভয়ংকৰ৷ 


 অসমৰ সৰ্বোচ্চ তাপমাত্ৰা

উত্তৰ ভাৰতৰ তুলনাত অসমৰ তাপমাত্ৰা সদায় আনন্দদায়ক বুলিয়েই ধৰি অহা হৈছিল৷ কিন্তু যোৱা কেইটামান বছৰৰ পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু গছ-গছনিৰ সংখ্যা কমি অহাৰ ফলতঅসমতো ঠাণ্ডা দিনৰ সংখ্যা কমি গৰম দিনৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ গুৱাহাটীৰ দৰে চহৰত শীত নাহে বুলি ক’লেও ভুল কৰা নহয়৷ অসমৰ সৰ্বোচ্ছ তাপমাত্ৰা অৱশ্যে ৰেকৰ্ড কৰা হৈছিল ১৯৬০ চনৰ ১ মে’ৰ দিনাখন৷ সিদিনা গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪০.৩ ডিগ্ৰী চেলছিয়াছ৷ তেতিয়া এই গৰম আছিল খন্তেকীয়া৷ কিন্তু আজিকালি গুৱাহাটীৰ গৰমে প্ৰায় প্ৰতিদিনতে ৪০ৰ ওচৰত থাকে৷ কম দিনৰ ভিতৰতে গুৱাহাটীৰ গৰমে যে এক নতুন ৰেকৰ্ড গঢ়িব, সেয়া নিশ্চিত৷ 

 পৃথিৱীৰ তাপমাত্ৰা আৰু প্ৰাণীকুলৰ অস্তিত্বৰ সংকট

সম্প্ৰতি গোলকীয় উষ্ণতা বা গড় তাপমাত্ৰা বৃদ্ধিৰ ফলত পৃথিৱীৰ জীৱবৈচিত্ৰ্য ভয়াৱহ ভাবুকিৰ মুখত পৰা দেখা গৈছে৷ বিজ্ঞানীসকলে সতৰ্ক কৰি কৈছে যে, যদি পৃথিৱীয়ে তাপমাত্ৰা কমাই আনিব নোৱাৰে, তেনেহ’লে প্ৰাণীকুল আৰু মানৱসভ্যতা চৰম সংকটত পৰিব৷ বৰ্তমান অৱস্থাত পৃথিৱীৰ স্বাভাৱিক প্ৰাকৃতিক ভাৰসাম্য ভাঙি যোৱাৰ উপক্ৰম হৈছে৷ ফলত প্ৰাকৃতিক পৰিৱেশত অস্থিৰতাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে বহু প্ৰজাতিৰ প্ৰাণীৰ বিলুপ্তি ঘটিছে আৰু বহু প্ৰজাতি বিলুপ্তিৰ পথত আগবাঢ়িছে৷ তাপমাত্ৰা বৃদ্ধিৰ আন এক ভয়ানক পৰিণতি হ’ল মেৰু অঞ্চলত দ্ৰুতগতিত বৰফ গলা প্ৰক্ৰিয়া৷ বৰফ আকাৰত সংৰক্ষিত হৈ থকা ব্যৱহাৰৰ উপযোগী পানী লাহে লাহে কমি আহিছে, উচ্চতা বাঢ়িছে সাগৰৰ আৰু সেয়েহে ক’ৰবাত যদি খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে, ক’ৰবাত হৈছে অত্যধিক বান৷ মুঠৰ ওপৰত চৌদিশে এক অস্থিৰতাই বিৰাজ কৰিছে৷ 

বিশেষজ্ঞসকলৰ মতে, গড় তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালেই সাগৰৰ পৰিৱেশতন্ত্ৰত মাৰাত্মক প্ৰভাৱ পৰিব৷  কোটি কোটি মানুহ পানী আৰু খাদ্য সংকটত পৰিব৷ আৰু যদি ২ ডিগ্ৰীৰ ওপৰত বৃদ্ধি হয়, তেতিয়াহ’লে বহু জীৱ স্থায়ীভাৱে বিলুপ্ত হৈ যাব৷ এই মাত্ৰাৰ উষ্ণতাই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশত এনে পৰিৱৰ্তন আনিব, যিয়ে মানুহ আৰু প্ৰাণীৰ বাবে জীৱনধাৰণ কঠিন কৰি তুলিব৷ তাপমাত্ৰা যদি ৩ ডিগ্ৰীৰ ওপৰলৈ বৃদ্ধি হয়, তেনেহ’লে বিশ্বজুৰি প্ৰাণীকুলৰ গণবিলুপ্তি হ’ব, উপকূলীয় অঞ্চলবোৰ ডুবি যাব আৰু লগতে পৃথিৱীৰ বহু অংশ বাসৰ অনুপযোগী হৈ মানৱসভ্যতাক অস্তিত্বৰ সংকটলৈ ঠেলি দিব৷ 

এই কাৰণেই বিজ্ঞানীসকলে বাৰে বাৰে আহ্বান জনাই আহিছে যাতে গড় তাপমাত্ৰা ১.৫  ডিগ্ৰীৰ মাজত সীমাৱদ্ধ ৰখা হয়৷ ২০১৫ চনৰ পেৰিছ জলবায়ু চুক্তিক আখৰে আখৰে পালন কৰিব নোৱাৰিলে মানৱসভ্যতা নিঃশেষ হোৱাটো নিশ্চিত৷