Logo
image

পাচলি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ ‘বালিকা বধূ’ৰ পৰিচালকৰ

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ অতিমাৰী কৰ’না কালে মানুহৰ জীৱন-জীৱিকা সলনি কৰিছে৷ মহামাৰীয়ে বাৰুকৈয়ে কোঙা কৰিছে লাইট-চাউণ্ড-কেমেৰা-এক্সন জগতত নিয়োজিত লোকক৷ তাৰে এক উজ্বল নিদৰ্শন হ’ল জনপ্ৰিয় টিভি ধাৰাবাহিক ‘বালিকা বধূ’ৰ পৰিচালক ৰামবৃক্ষ গৌড়৷ কৰ’না কালৰ বাবে তেওঁৰ সকলো উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাত পৰিচালকজনে এতিয়া উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে পাচলি বিক্ৰী কৰা বেপাৰীৰ পন্থা৷ বলীউড আৰু ভোজপুৰী চিনেমা জগতত ৰামবৃক্ষ গৌড় আছিল এক পৰিচিত নাম৷ ২০০২ চনত তেওঁ উত্তৰ প্ৰদেশৰ আজমগড়ৰ পৰা মুম্বাইত ভৰি দিছিল৷ জ্ঞাতব্য যে ৰামবৃক্ষই অতি জনপ্ৰিয় ধাৰাবাহিক ‘বালিকা বধূ’ পৰিচালনা কৰিছিল৷ তদুপৰি কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালক আছিল তেওঁ৷ বলীউডৰ জনপ্ৰিয় তাৰকা সুনীল শেট্টী আৰু ৰণদীপ হুদাৰ সৈতেও কাম কৰিছিল ৰামবৃক্ষ গৌড়ে৷ কৰ’না কালত কাম-কাজ নোহোৱাত পৰিচালকজন হৈ পৰে বেকাৰ৷ অৰ্থ সংকটত ভূগি তেওঁ সংসাৰৰ ৰথখন চলোৱাত অসুবিধা হৈ পৰে৷ জমা টকাও নাইকীয়া হয়৷ উপায়হীন হৈ গৌড়ে জীৱিকা হিচাপে বাচি লয় পাচলিৰ ব্যৱসায়৷