Logo
image

চুমিলাৰ বাবে কান্দিব কোনে

আমাৰ অসম, ২৬ এপ্ৰিলঃ চুমিলা ৰংহাংপী৷ পখিলা খেদাৰ বয়সতে নৰপিশাচৰ জিঘাংসাৰ চিকাৰ হ’ল চুমিলা৷ পেটৰ ভাতমুঠিৰ বাবে কাৰ্বি আংলঙৰ পৰা আহি ৰহাত লোকৰ ঘৰত বন কৰি দুপইচা অৰ্জন কৰা ১২/১৩ বছৰীয়া ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ কৰা হ’ল ৰহস্যজনক পৰিস্থিতিত৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰাপ্ত তথ্য মতে এয়া দুৰ্ঘটনাজনিত মৃত্যুৰ ঘটনা নোহোৱাৰ সম্ভাৱনাই অধিক৷ কাৰণ পাৰিপাশ্বিৰ্ক পৰিৱেশ আৰু তথ্যই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি ইংগিত দিছে৷ এইবাবেই দুই অভিযুক্ত ক্ৰমে– ৬৮ বছৰীয়া প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ ৩১ বছৰীয়া পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক তদন্তকাৰী আৰক্ষীয়ে অহৰহ জেৰা কৰি আছে৷ এই বাতৰি যুগুতোৱা পৰলৈকে অভিযুক্তই দোষ স্বীকাৰ কৰা নাই যদিও তদন্তকাৰী আৰক্ষীৰ এটা সূত্ৰই জনোৱা মতে অতি সোনকালে তেওঁলোকে এই সন্দৰ্ভত সকলো কথা আৰক্ষীক অৱগত কৰিব৷ এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এজনী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ প্ৰতিবাদ কৰিছে বিভিন্ন দল-সংগঠনে৷ আছু, যুৱ-ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ, অসম যুৱ পৰিষদ, কংগ্ৰেছ, অগপ আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনে এই ঘটনাৰ খৰতকীয়া তদন্তৰ দাবী জনোৱাৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছে৷ কিন্তু অভিযুক্তপক্ষ অত্যন্ত প্ৰভাৱশালী আৰু চহকী হোৱাৰ বাবে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পৰিয়ালে ন্যায় পাব নে নাপায় আৰু ন্যায় পালেও এই প্ৰক্ৰিয়াটো কিমান দীঘলীয়া হ’ব সেই লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে৷ ক’ভিডকালীন পৰিস্থিতিত চুমিলাৰ বাবে কোনে কান্দিব– এই প্ৰশ্নও বহুজনৰ মুখে মুখে৷ অৱশ্যে তদন্তকাৰী আৰক্ষী, জিলা প্ৰশাসন, কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি স্বায়ত্তশাসিত কতৃৰ্পক্ষই এই ঘটনাটো বিশেষ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ ইপিনে, চুমিলা ৰংহাংপীৰ পিতৃগৃহলৈ ২২ এপ্ৰিলৰ পৰাই সোঁত বৈছে জনতাৰ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ অতি দুৰ্গম দুৰং অঞ্চলৰ ছাৰ্থে ক্ৰ’ৰ কুদাম ৰংহাং গাঁওখন সম্প্ৰতি ৰাজ্যৰ এখন পৰিচিত গাঁও হৈ পৰিছে৷ জিলাখনৰ বিভিন্ন দল-সংগঠন, ছাত্ৰ সমাজ, সাংবাদিকৰ দল, নাৰী সমাজৰ উপৰি মহিলা আয়োগৰ দল উক্ত গাঁওখনলৈ গৈ মৃতকৰ আত্মীয়ক সাক্ষাতেৰে মৃতকৰ যাৱতীয়ক সকলো সহায়-সহযোগিতা আগবঢ়াইছে৷ উল্লেখ্য যে, ৰহাৰ খাইগড় গাঁৱৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰলৈ পশ্চিম কাৰ্বি আংলঙৰ অতি দুৰ্গম অঞ্চল ছাৰ্থে ক্ৰ’ৰ কুদাম ৰংহাং গাঁৱৰ চুমিলা ৰংহাংপী নামৰ নাবালিকা ছাত্ৰীগৰাকী চাৰি-পাঁচ বছৰ আগতে আহিছিল– ঘৰুৱা কাম কৰাৰ লগতে স্কুলীয়া শিক্ষা গ্ৰহণৰ বাবে৷ কিন্তু ৰহস্যজনকভাৱে চুমিলা অগ্নিদগ্ধ হৈ মৃত্যু হয়৷ এই ঘটনাৰ আঁৰত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নজ্যোতি বৰঠাকুৰ জড়িত থকা বুলি বিভিন্ন পক্ষই কৰা অভিযোগ পৰীক্ষা কৰি আৰক্ষীয়ে এই অভিযোগৰ ভিত্তি বিচাৰি পায় আৰু সেই সূত্ৰেই প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক ৰহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মৰণোত্তৰ পৰীক্ষাত চুমিলা অন্তঃসত্ত্বা আছিল বুলি প্ৰমাণ হোৱাৰ পাছত ঘটনাই নতুন মোৰ লৈছে৷ ইপিনে, শনিবাৰে বিয়লি ৰংহাংপীৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে কাৰ্বি আংলং জিলা মহিলা আয়োগৰ সভানেত্ৰী সীমা ৰংহাংপীয়ে৷ তেওঁ দোষীক কঠোৰতম শাস্তি বিহাৰ লগতে ফাষ্টট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰে দোষীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে৷ 

অভিযুক্ত প্ৰকাশ বৰঠাকুৰৰ পত্নীও জেৰাৰ আওটিত

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰহাৰ খাইগড়ত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা সন্দেহজনক অগ্নিকাণ্ডত এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যু হোৱাৰ ৭২ ঘণ্টাৰ পাছতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বৃহস্পতিবাৰে খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত চুমিলা ৰংহাংপী নামৰ ১২ বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ পাছত বিভিন্ন দল-সংগঠনে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি হত্যাকাৰীক চৰম শাস্তিৰ দাবী জনাই আহিছে৷ বনকৰা কিশোৰী চুমিলা ৰংহাংপীক মালিক প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰে হত্যা কৰি জ্বলাই দিয়া বুলি অভিযোগ তুলিছে সংগঠনসমূহে! এই ঘটনাৰ সন্দৰ্ভত ৰহা আৰক্ষীয়ে ৰহা আৰক্ষী থানাত ৯৭/২১ নম্বৰত ৩০২, ১২০বি ধাৰাত এটা গোচৰ ৰুজু কৰি অভিযুক্ত পিতা-পুত্ৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে যদিও দেওবাৰপৰ্যন্ত অভিযুক্তই এই ঘটনাৰ কোনো স্বীকাৰ কৰা নাই৷ ইপিনে দেওবাৰে বিয়লি আৰক্ষীয়ে প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ পত্নী ৰীণা বৰঠাকুৰকো জেৰাৰ আঁউটিলৈ আনিছে৷ ইপিনে এই অমানৱীয় ঘটনাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ঘটনাৰ সন্দৰ্ভত আজি ৰহা আঞ্চলিক সাংবাদিক সন্থায়ো এই জঘন্য কাণ্ডৰ তীব্ৰ গৰিহণা দি ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দাবী কৰাৰ লগতে শিশু আইন ভংগকাৰীক কঠোৰ শাস্তিৰ দাবীৰে জিলা উপায়ুক্তৰ দ্বাৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেইদৰে দেওবাৰে ৰহাত সদৌ তিৱা ছাত্ৰ সন্থা, আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নৱ আলোক, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, নগাঁও জিলা ট্ৰাইবেল সংঘ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক সাংবাদিক সন্থা আদি জাতীয় সংগঠনৰ একাংশ প্ৰতিনিধিৰ এক যৌথ সভা অনুষ্ঠিত হয়৷ উক্ত সভাত অভিযুক্তৰ হৈ কোনো অধিবক্তাই যাতে সহযোগ নকৰে তাৰ বাবে অধিবক্তাসকলক যৌথ সভাই আহ্বান জনাইছে৷ লগতে অহা ২৮ এপ্ৰিলত ৰহাত এক কাৰ্যসূচীও ৰূপায়ণ কৰাৰ সিন্ধান্ত লয় যৌথ সভাই৷ কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে, প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ বাসগৃহৰ পাছফালে অতি ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লোৱা ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ জেৰাত এতিয়াও মুখ খোলা নাই অভিযুক্তই৷ আৰক্ষীয়ে যোৱা দুদিনৰ বাবে পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক অধিক জেৰাৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মালৈ আনিছিল যদিও অভিযুক্তই কোনো মুখ নোখোলাত পুনৰ তিনিদিনৰ বাবে সোধ-পোছৰ বাবে আদালতৰ অনুমতিসাপেক্ষে আৰক্ষী জিম্মালৈ আনিছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে বাট চাইছে আৰক্ষীয়ে৷ তদুপৰি, উক্ত ঘটনাৰ পাছত ৰহাৰ লগতে নগাঁও জিলাৰ বিভিন্ন লোকৰ ঘৰত বনকৰা হিচাপে ৰখা শিশু-কিশোৰ-কিশোৰীক অতিশীঘ্ৰে অভিভাৱকক চমজাই দিবলৈ বিভিন্ন দল-সংগঠনে আহ৩ান জনাইছে৷ কিন্তু অতিকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে, শিশু সুৰক্ষা আয়োগৰ দৰে এটা শক্তিশালী আয়োগ থকাৰ পাছতো শিশু শ্ৰমিক সুৰক্ষাৰ নামত কিধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ লক্ষণীয়৷

হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত বোকাজানত প্ৰতিবাদ

কাৰ্বি পাহাৰৰ জীয়ৰী চুমিলা ৰংহাংপীৰ ৰহস্যজনক হত্যাকাণ্ডৰ বিৰুদ্ধে আজি দুই-তিনিদিন ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনকে ধৰি সাধাৰণ জনতাই৷ নগাঁও জিলাৰ ৰহাত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ১২/১৩বছৰীয়া চুমিলা ৰংহাংপীৰ এই হত্যাকাণ্ডৰ পাছতেই চুমিলাৰ  প্ৰতি প্ৰকৃত ন্যায় বিচাৰি কাৰ্বি পাহাৰত চলি আহিছে তীব্ৰ প্ৰতিবাদ৷ আজি দিনৰ ভাগতো বোকাজান মহকুমাৰ দেওপানী অঞ্চলত চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাম্ব্‌লি নামৰ এটা বেচৰকাৰী সংস্থাৰ কৰ্মকৰ্তাসকলে৷ বে-চৰকাৰী সংস্থাৰ জাম্বলিৰ সভাপতি মানস তেৰাং আৰু সম্পাদক হিমে বংৰোঙৰ নেতৃত্বত যোৱা প্ৰতিবাদকাৰী পুৰুষ-মহিলা, যুৱক-যুৱতীসকলে হাতে হাতে প্লে’কাৰ্ড, ফেষ্টুন আদি লৈ দেওপানী অঞ্চলৰ মাজেৰে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে চুমিলা ৰংহাপীৰ হত্যাকাৰীক ফাঁচী দিয়ক, চুমিলাই ন্যায় পাব লাগিব, চুমিলাৰ হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি নোপোৱালৈকে ক্ষান্ত নাথাকোঁ আদি বিভিন্ন শ্ল’গানেৰে অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে৷

দোষীক ফাঁচী দিয়াৰ দাবী আছু, যুৱ-ছাত্ৰ, কে এছ এ, মহিলা সমিতিৰ

সভ্য সমাজক লজ্জানত কৰা ৰহাকাণ্ডৰ দোষীৰ ফাঁচীৰ দাবী আজিও দল-সংগঠনে অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাজনৈতিক নেতাৰ বাহিৰে সাধাৰণ লোকৰ অৰ্থনৈতিক অৱস্থা অতি পুতৌ লগা৷ তদুপৰি, ৰাজনৈতিক সদ্দিচ্ছাৰ অভাৱ আৰু একাংশ শিক্ষকৰ দায়িত্বৰ প্ৰতি অৱহেলাৰ বাবেই পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী বিদ্যালয়ত ভালদৰে পাঠদান নহয়৷ আৰ্থিকভাৱে দুৰ্বল অভিভাৱকসকলে ব্যক্তিগত মালিকানাধীন বিদ্যালয়টো নিজ সন্তানক পঢ়ুৱাব নোৱাৰে৷ সেয়ে সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন লোকৰ ঘৰত থৈ ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুৱাই৷ এনেদৰে নগাঁও জিলাৰ বিভিন্ন লোকৰ ঘৰত থকা বহু ছাত্ৰ-ছাত্ৰীয়ে ভালদৰেই পঢ়া-শুনা কৰি আহিছে৷ নিজৰ ঘৰত কৰাৰ দৰেই বহুতে তাতো ঘৰুৱা কাম-কাজ কৰি পঢ়াশুনা কৰি আহিছে৷ কিন্তু সমাজত সকলো মানুহ একে নহয়৷ কিছুমান লোকে কণমানিহঁতক পঢ়ুৱাম বুলি নি অধিক সময় ঘৰুৱা কামত ব্যস্ত ৰাখে৷ আন একাংশই কৰে শাৰীৰিক-মানসিক অত্যাচাৰ৷ তেনে কুৰুচিৰ এজন ব্যক্তি হ’ল নগাঁও জিলাৰ ৰহাৰ বেংক বিষয়া প্ৰকাশ বৰঠাকুৰ৷ এইজন ব্যক্তিয়ে ভাল শিক্ষা দিয়াৰ প্ৰলোভনেৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙৰ পৰা চাৰিবছৰ আগেয়ে নিছিল সুমিলা ৰংহাংপী নামৰ এটি কণমাণিক৷ বৰঠাকুৰৰ পৰিয়ালে ] বছৰীয়া সুমিলাক ৪ বছৰে ঘৰলৈ যাবলৈ দিয়া নাছিল৷ ২২ এপ্ৰিলত ঘটিল মানৱ সভ্যতাক লজ্জানত কৰা ঘটনাটো৷ বৰঠাকুৰৰ ঘৰত পত্নী ৰাণী বৰঠাকুৰ নাছিল তেতিয়া৷ প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ  নয়নজ্যোতি বৰঠাকুৰ আছিল ঘৰত৷ তেওঁলোকৰ ঘৰৰ পিছফালে সুমিলাক অগ্নিদগ্ধ অৱস্থাত দেখি চুবুৰীয়াই চিঞৰ-বাখৰ কৰি বৰঠাকুৰৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে যদিও ইতিমধ্যে সুমিলাৰ মৃত্যু হৈছিল৷ গাঁৱৰ জীয়ৰী-বোৱাৰী আৰু স্থানীয় ৰাইজে লগে লগে আৰক্ষীক খবৰ দি এয়া নৃশংস হত্যাকাণ্ড বুলি দাবী কৰি দুয়োকে আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়ে বৰঠাকুৰ আৰু পুত্ৰক সিদিনাই গ্ৰেপ্তাৰ কৰে৷ এই জঘন্য ঘটনাটোৰ সন্দৰ্ভত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে কিশোৰীগৰাকীক পৰিয়ালটোৱে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা বুলিও অভিযোগ কৰিছে৷ ৰহা-কাণ্ডক লৈ সমগ্ৰ ৰাজ্যতে আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ কৰ’না মহামাৰীয়ে যি সময়ত মানৱ সভ্যতালৈ বিভীষিকা নমাই আনিছে সেই সময়ত ভদ্ৰতাৰ মুখাপিন্ধা প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালে পৰিকল্পিতভাৱেই এগৰাকী নিষ্পাপ কিশোৰীক জীৱন্তে জ্বলাই দিলে৷ কে এন চি এৰ সভানেত্ৰী প্ৰতীমা ইংতিপীয়ে এই বৰ্বৰতাক নিন্দা কৰাৰ ভাষা নাই বুলি কৈ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰে৷ কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সম্পদিকা সুবৰ্ণ চেতিয়াই এই জঘন্য হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে কয় দোষীক এনে দৃষ্টান্তমূলক শাস্তি দিব লাগে যাক দেখি ভৱিষ্যতলৈ আন কোনেও কন্যা শিশু বা নাৰীৰ ওপৰত অত্যাচাৰ কৰিবলৈ সাহস নকৰিব৷ আছুৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক বেদান্ত শইকীয়াই আজি পুনৰ দোষীক ফাঁচী দিব লাগে বুলি দাবী কৰে৷ ছাত্ৰনেতাজনে কয়– মানৱ জাতি বাছি থাকিব নে নাই তাকে লৈ সকলো উদ্বিগ্ন হৈ থকাৰ সময়ত ৰহা কাণ্ডই আমাক মৰ্মাহত কৰিছে৷ এই গোচৰৰ বিচাৰ ফাষ্ট˜ৰ্টেক আদালতত কৰাৰ বাবেও তেওঁ ৰাজ্য চৰকাৰক দাবী কৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলাৰ সম্পাদক অপূৰ্ব দাসে কয় যে, আমি ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পাছৰে পৰা দাবী কৰি আহিছোঁ যে এই গোচৰ ফাষ্ট˜ৰ্টেক আদালতত কৰি দোষীক কঠোৰতম শাস্তি দিব লাগে৷ সুমিলা ৰংহাংপীৰ দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰে ২০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে৷ লগতে কি পৰিস্থিতিৰ বাবে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এইদৰে শিশুসকল শিক্ষাগ্ৰহণৰ বাবে থাকিব লাগে সেয়া চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে উপলব্ধি কৰি ব্যৱস্থা গ্ৰহণ কৰাৰো তেওঁ দাবী কৰে৷ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমিয়ন ৰংফাৰে প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক আৰক্ষীয়ে সিদিনাই গ্ৰেপ্তাৰ কৰিলে যদিও এই ঘটনাত ৰাণী বৰঠাকুৰৰো অৰিহণা থকাৰ সন্দেহ কৰি তেওঁকো গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে৷ আছু কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক সৰজুন হাঞ্চেই ৰহাকাণ্ডৰ দোষী প্ৰত্যেকজনকে আইন অনুসৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী কৰে৷ স্মতৰ্ব্য যে, কাৰবি আংলং জিলাৰ উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়ত কিয় প্ৰতিবছৰে শ শ ছাত্ৰ-ছাত্ৰী নগাঁও মৰিগাঁও আৰু ডিফুৰ অৱস্থাপন্ন লোকৰ ঘৰত থাকি পঢ়িবলৈ আহি বনকৰা ল’ৰা-ছোৱালী হ’ব লগা হয় সেয়া নেতাসকলে ভবা উচিত৷ শিশু শ্ৰমিক আইনে, শ্ৰম বিভাগে এইবোৰ কিয় নেদেখাকৈ থাকে৷ নগাঁও আৰু ডিফুৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত চাইল্ডলাইন আৰু শ্ৰম বিভাগে সততাৰে এক জৰীপ চলালেই সকলো কথা স্পষ্ট হ’ব৷