Logo
image

ভেক্‌চিনসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, দাম কমিছে মানুহৰ

আমাৰ অসম, ২৬ এপ্ৰিলঃ ‘জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছেযয’ত সোণতকৈয়ো মানুহৰ দাম অলপ হ’লেও বেছি আছে...৷’– সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ এই কালজয়ী গীতটো লাখ লাখ সংগীতপ্ৰেমীৰ অতি মৰমৰ৷ গীতটোত প্ৰেমৰ পৰা আৰম্ভ কৰি জীৱন দৰ্শনলৈকে বহু কথা সামৰি লোৱা হৈছে৷ মানুহৰ দাম সোণতকৈয়ো অলপ হ’লেও বেছি থকা এখন সমাজৰ কল্পনা কৰিছিল জনতাৰ শিল্পীগৰাকীয়ে৷ এতিয়াৰ ক’ভিডকালীন পৰিস্থিতিত ‘মানুহৰ দাম’ ক্ৰমাৎ হ্ৰাস পাইছে৷ তাৰ পৰিৱৰ্তে বৃদ্ধি পাইছে সকলো বস্তু-বাহানিৰ দাম৷ অতিমাৰী ক’ভিডে সমগ্ৰ পৃথিৱীৰ গতি স্তব্ধপ্ৰায় কৰি তোলাৰ সময়তে মানুহে ক’ভিড আৰু মূল্যবৃদ্ধি দুয়োটাৰে বিৰুদ্ধে অহৰহ যুদ্ধ কৰিবলগীয়া হৈছে৷ ক’ভিডে ক্ৰমাৎ সংকুচিত কৰিছে উপাৰ্জনৰ সমস্ত পথ৷ বেৰৰ জলঙাৰে আকাশৰ তৰা গণিবলগীয়া হোৱা লোকসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে৷ কেৱল দৰিদ্ৰই নহয়, নিম্ন মধ্যবিত্ত আৰু উচ্ছ মধ্যবিত্ত লোকসকলৰো জীৱন জটিল হৈ পৰিছে– বিশেষকৈ আমাৰ মুলুকত৷ অসম তথা ভাৰতবৰ্ষত এতিয়া দুবেলা দুমুঠি খাই কোনোমতে জীয়াই থকাটোৱেই কষ্টকৰ হৈ পৰিছে৷ ক’ভিড ভেক্‌চিনৰ পৰা আৰম্ভ কৰি সকলোৰে দাম বৃদ্ধি পাইছে৷ ক’ভিশ্বিল্ডৰ পাছত ক’ভাক্সিনৰ দাম বৃদ্ধি পাইছে৷ সৰিয়হৰ তেলকে ধৰি সকলো ধৰণৰ খোৱা তেলৰ মূল্য বৃদ্ধি পাইছে৷ দেশৰ উপৰি বিদেশৰ বজাৰতো হো হোৱাই বাঢ়িছে তেলৰ দাম৷ পাম তেল, চয়াবিনৰ তেল, ৰাইচ অইল, অলিভ অইল, তিলৰ তেল– সকলোৰে দাম বাঢ়িছে৷ সৰিয়হৰ তেলৰ মূল্য ৪২৫ শতাংশপৰ্যন্ত বৃদ্ধি পাইছে৷ বাদাম তেলৰ দাম ১৫,৭৬০ টকা পৰ্যন্ত হৈছে– বাদামৰ ৰিফাইন তেলৰ দাম প্ৰতি টিনত ২,৫৮০ টকা পৰ্যন্ত হৈছেগৈ৷ সৰিয়হৰ তেলৰ দাম কুইণ্টলে প্ৰতি ১৪,৮৫০ টকা, ঘানিৰ তেলৰ ২,৩২০ টকা [প্ৰতি টিন], কাচ্ছি ঘানিৰ তেল প্ৰতি টিনত ২,৪৫০ টকা, চয়াবিন তেলৰ ১৫,৩০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ শাক-পাচলিৰ উপৰি আলু-পিঁয়াজ আদিৰো দাম বৃদ্ধি পাইছে৷ কৰ’নাৰ দৰে ভয়ংকৰ মহামাৰীৰ সময়তো সক্ৰিয় হৈ আছে অসাধু ব্যৱসায়ী চক্ৰ৷ তেওঁলোকৰ বাবে মানুহ, মানৱতা, মনুষ্যত্ব, মানৱ প্ৰেম এইবোৰৰ কোনো মূল্য নাই৷ সোঁৱে-বাঁৱে কোৰোণাৰে ধন চপোৱাটোৱেই অসাধু ব্যৱসায়ীসকলৰ প্ৰধান লক্ষ্য৷ কৰ’নাই দেশত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে৷ মহাৰাষ্ট˜ আৰু দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দিল্লীত লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে৷ প্ৰতিনিয়ত বাঢ়িছে আক্ৰান্তৰ সংখ্যা৷ বিভিন্ন ঠাইত কৰ’নাৰ সংক্ৰমণে ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ অসমতো সন্ধিয়া ছয় বজাৰ পৰা দোকান-পোহাৰ, ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে৷ চৰকাৰী বে-চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি আৰু শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ উপস্থিতি ৫০ শতাংশ কৰা হৈছে৷ প্ৰাক-প্ৰাথমিক শ্ৰেণীসমূহ বন্ধ কৰি দিয়া হৈছে৷ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো পৰীক্ষা স্থগিত ৰখা হৈছে৷ দুই এটা পৰীক্ষা বাতিলো কৰা হৈছে৷ কৰ’নাৰ দ্বিতীয় ঢৌৱে দেশৰ আন আন ঠাইৰ লগতে অসমতো সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে বিশেষ বিশেষ ৰণকৌশল প্ৰস্তুত কৰা হৈছে৷ অসমতো প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, মৃতকৰ সংখ্যাও বাঢ়িছে৷ চৌদিশে এক ভয়ংকৰ পৰিস্থিতি৷ এনে পৰিস্থিতিৰ মাজতো বক্ৰ পথেৰে ধন ঘটিবলৈ এৰা নাই অসাধু ব্যৱসায়ী চক্ৰই৷ অসমৰ চৰকাৰ-প্ৰশাসন, খাদ্য আৰু অসামৰিক যোগান বিভাগ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আগৰে পৰাই বিফল৷ এতিয়া চৰকাৰ-প্ৰশাসন ব্যস্ত হৈ আছে ক’ভিড নিয়ন্ত্ৰণৰ কামত৷ গতিকে অসাধু ব্যৱসায়ীক কোনে পায়! এফালৰ পৰা বৃদ্ধি কৰি গৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰী, প্ৰয়োজনীয় সামগ্ৰী, খাদ্য-সামগ্ৰীৰ দাম৷ আলু, পিঁয়াজ, দাইলৰ পৰা আৰম্ভ কৰি চেনী, চাউল, মিঠাতেল, শাক-পাচলিলৈকে প্ৰায় সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে৷ কৃত্ৰিম নাটনিৰো সৃষ্টি কৰিছে অসাধু ব্যৱসায়ী চক্ৰই৷ নিশাটোৰ ভিতৰতে আলুৰ দাম কিলোত ৫ টকা, চেনীৰ ১০টকা, পিঁয়াজৰ ৫ টকা, দাইলৰ ১০ টকা আৰু মিঠাতেলৰ দাম লিটাৰত ৩০ টকা বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ী চক্ৰই৷ আলুৰ পৰা মিঠাতেললৈ সকলোৰে দাম বাঢ়িছে– বঢ়া নাই মাথোঁ মানুহৰ ‘দাম’, বঢ়া নাই মাথোঁ জীৱনৰ ‘মূল্য’৷ এতিয়া জীয়াই থকাটোৱেই কঠিন হৈ পৰিছে৷ কেনেবাকৈ জীয়াই থাকিলেও দুবেলা দুসাঁজ খাই-বৈ জীয়াই থকাটো আৰু অধিক টান হৈ পৰিছে৷ নটসূৰ্য ফণী শৰ্মা আৰু লক্ষীধৰ শৰ্মাৰ অমৰ সৃষ্টি ‘চিৰাজ’ৰ সেই বিখ্যাত সংলাপলৈ সকলোৰে মনত পৰিছে– ইয়াত হিন্দু আছে, ইয়াত মুছলমান আছে, ইয়াত মানুহ নাই...৷ শ্বেক্সপীয়েৰৰ ‘হেমলেট’ৰ চৰিত্ৰৰ দৰেই এতিয়া প্ৰতিজন সংবেদনশীল লোকৰ মনত অহৰহ এটা প্ৰশ্নই ভুমুকি মাৰে– ‘টু বি অৰ নট টু বি, ডেট ইজ দ্য কুৱেশ্বন...৷’

মঙলবাৰে ক’ভিড বিধি মানি আছুৰ প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড সংক্ৰমণে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ এনে জটিল ক্ষণত একাংশ অসাধু ব্যৱসায়ীয়ে ৰাইজৰ মূৰত মাধমাৰ শোধাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি নিজৰ মুনাফা লুটাত ব্যস্ত হৈ পৰিছে৷ এয়া অত্যন্ত দুৰ্ভাগ্যজনক৷– এই ভাষ্য সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথৰ৷ সোমবাৰে হুছেইন আৰু নাথে ‘আমাৰ অসম’ক কয়– ‘ক’ভিডৰ ভয়াৱহতাৰ মাজতে অত্যাৱশ্যয়ীক সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিত ৰাইজ কোঙা হৈ পৰিছে৷ এই ক্ষেত্ৰত প্ৰশাসনৰ মৌনতা আশ্চৰ্যজনক৷ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ২৭ এপ্ৰিল মঙলবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ক’ভিড প্ৰট’কল মানি গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব৷’

‘ক’ভাক্সিন’ৰ দাম বঢ়ালে ভাৰত বায়’টেকে

এতিয়াৰে পৰা ৰাজ্য চৰকাৰসমূহ কৰ’নাৰ প্ৰতিষেধক ‘ক’ভাক্সিন’ অধিক দামত ক্ৰয় কৰিব লাগিব৷ সেই অনুসৰি ভাৰত বায়’টেকে প্ৰস্তুত কৰা ‘ক’ভাক্সিন’ নামৰ প্ৰতিষেধকবিধৰ প্ৰতিটো ডজত ৰাজ্য চৰকাৰসমূহে ভৰিব লাগিব ৬০০ টকাকৈ৷ আনহাতে বেচৰকাৰী চিকিৎসালয়সমূহৰ বাবে প্ৰতি ডজ ক’ভাক্সিনৰ দাম নিৰ্দিষ্ট কৰা হৈছে ১২০০ টকা৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰোজনেকাৰ যুটীয়া উদ্যোগত প্ৰস্তুত কৰা ‘ক’ভিশ্বিল্ড’ নামৰ প্ৰতিষেধকবিধৰ দাম নিৰ্ধাৰণ কৰি দিছিল ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই৷ ৰাজ্য চৰকাৰসমূহৰ বাবে ছিৰামে প্ৰতিডোজ ক’ভিশ্বিল্ড ভেক্‌চিনৰৰ দাম নিৰ্ধাৰণ কৰিছিল ৪০০ টকাকৈ৷ আনহাতে বেচৰকাৰী চিকিৎসালয় সমূহৰ বাবে প্ৰতিডোজ ক’ভিশ্বিল্ডৰ দাম নিৰ্ধাৰণ কৰা হৈছিল ৬০০ টকাকৈ৷ ইয়াকে লৈ পুণেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটো তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগাত পৰে৷ কিন্তু ইয়াৰ মাজতে শনিবাৰে নিশা ভাৰত বায়’টেকে ক’ভাক্সিন ভেক্‌চিনৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷

ক’ভাক্সিনৰ দাম ইমান বেছি কিয় কৰিব লগীয়া হ’ল সেই সন্দৰ্ভত ভাৰত বায়’টেকে যুক্তিও আগবঢ়াইছে৷ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কুঞ্জ এম ইল্লাৰ দাবী– কৰ’না ভাইৰাছৰ প্ৰতিষেধকবিধ প্ৰস্তুত কৰোতে হোৱা খৰচৰ ব্যয় মূল্য উলিয়াবলৈয়ে ভেক্‌চিনবিধৰ দাম বৃদ্ধি কৰিবলগীয়া হ’ল৷ কিয়নো প্ৰতিষেধকবিধৰ উৎপাদনৰ লগতে ইয়াৰ পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত যি খৰচ হৈছে সেই সমস্ত ভাৰত বায়’টেকৰ নিজৰ পুঁজিৰ পৰা বহন কৰিবলগীয়া হৈছে৷

স্মৰ্তব্য যে ভাৰতত সম্প্ৰতি কৰ’নাৰ টিকাকৰণ কাৰ্যসূচীত ক’ভাক্সিন আৰু ক’ভিশ্বিল্ড নামৰ প্ৰতিষেধক দুবিধৰ ডোজ দি থকা হৈছে৷ ইয়াৰ মাজতে ছিৰামৰ প্ৰতিষেধকবিধ ৰাজ্য চৰকাৰসমূহে কিয় ৪০০ টকাকৈ কিনিবলগীয়া হৈছে তাকে লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে৷ কিয়নো এই একেবিধ প্ৰতিষেধক ছিৰাম কতৃৰ্পক্ষই কেন্দ্ৰীয় চৰকাৰক প্ৰতিটো ডোজত ডেৰশ টকাকৈ বিক্ৰী কৰিছে৷ এনে ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ বাবে ক’ভিশ্বিল্ডৰ দাম ৪০০ টকা আৰু বেচৰকাৰী চিকিৎসালয়সমূহৰ বাবে ৬০০ টকা কিয় কৰিলে তাকে লৈ সমালোচনাৰ সন্মুখীন হৈছে ছিৰাম কতৃৰ্পক্ষ৷

দিল্লীত পুনৰ এসপ্তাহলৈ লকডাউন বৃদ্ধি, ২৪ হাজাৰজন নতুনকৈ আক্ৰান্ত, ৩৫৭জনৰ মৃত্যু

কাল কৰ’নাৰ গ্ৰাসত দেশৰ ৰাজধানী নতুন দিল্লী৷ কাৰ্যতঃ দিল্লীৰ কৰ’না পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণহীন৷ যাৰ ফলত অসহায় হৈ পৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ এনে অৱস্থাত পুনৰ  এসপ্তাহৰ বাবে দিল্লীত লকডাউন বৃদ্ধি কৰাৰ কথা আজি ঘোষণা কৰে কেজৰিৱালে৷ সেই অনুসৰি অহা ৩ মে’লৈকে দিল্লীত সম্পূৰ্ণ লকডাউন বলৱৎ হৈ থাকিব৷ ইয়াৰপূৰ্বে যোৱা সপ্তাহত মুখ্যমন্ত্ৰীজনে কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে ৬ দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল৷ কিন্তু কৰ’না নিয়ন্ত্ৰণ হোৱাৰ পৰিৱৰ্তে এই সময়ছোৱাত ভয়াৱহ ৰূপ ধাৰণ কৰে৷ মুহূৰ্তে মুহূৰ্তে ৰাজধানী চহৰখনৰ নাগৰিক কৰ’নাত আক্ৰান্ত হৈছে৷ ফলত দিল্লীৰ হাস্পতালত ৰোাগীৰ বাবে  বিছনাৰ লগতে অক্সিজেনৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে৷ শুকুৰবাৰৰ পৰা যোৱা দুটা দিনত দিল্লীৰ দুখন হাস্পতালত কমেও ৫০ জন কৰ’না ৰোগীয়ে অক্সিজেন নাপাই তিলতিলকৈ মৃত্যুক সাৱটি ল’ব লগাত পৰে৷ এনে অৱস্থাত মুখ্যমন্ত্ৰী কেজৰিৱালে অক্সিজেন বিচাৰি প্ৰধানমন্ত্ৰী মোদীৰ শৰণাপন্ন হোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত কাৰ্যতঃ ভাগি পৰা দেখা যায়৷ প্ৰধানমন্ত্ৰীক দিল্লীত অক্সিজেনৰ অভাৱত উদ্ভৱ হোৱা পৰিস্থিতি বুজাবলৈ গৈ ভাগি পৰে কেজৰিৱাল৷ দেওবাৰে সংবাদ মেলত কেজৰিৱালে দিল্লীত অহা ৩ মে’ৰ পুৱা ৫ বজালৈকে লকডাউন অব্যাহত থাকিব বুলি ঘোষণা কৰে৷ আনহাতে দেওবাৰেও দিল্লীত কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে অক্সিজেনৰ অভাৱ ঘটা বুলি সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰীজনে৷ কেজৰিৱালে সাংবাদিকক জনায় যে এই মুহূৰ্তত দিল্লীত ৭০০ টন অক্সিজেনৰ প্ৰয়োজন৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিপৰীতে আৱণ্টন দিছে ৪৮০ টন অক্সিজেন৷ এনে অৱস্থাত অক্সিজেনৰ সংকটৰ পৰা মুক্তি পাবলৈ কেজৰিৱালে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক অক্সিজেন বিচাৰি  পত্ৰ লিখিছে৷ যোৱা ২৪ ঘণ্টাত নতুন দিল্লীত ২৪ হাজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে৷ এই সময়ছোৱাত  দিল্লীত কৰ’নাত মৃত্যু ঘটে ৩৫৭ জনৰ৷

দেশত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৩,৪৯,৬৯১

একেদিনাই ২,৭৬৭ জনৰ মৃত্যু

ভাৰতৰ কৰ’না পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,৪৯,৬৯১ জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত হয়৷ ইয়াৰ বিপৰীতে এই একেই সময়ছোৱাত ২,৭৬৭ জনৰ মৃত্যু ঘটে৷ সেই অনুসৰি ভাৰতত এতিয়ালৈকে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৰ কোটি ৬৯ লাখ ৬০ হাজাৰ ১৭২ জন হৈছে৷ এক কথাত ক’বলৈ গ’লে ভাৰতৰ কৰ’না পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা পৰিলক্ষিত হৈছে৷  অৱশ্যে ইয়াৰ মাজতে ৰ কোটি ৪০ লাখ ৮৫ হাজাৰ ১১০ জন লোক কৰ’নাৰ পৰা মুক্তি লাভ কৰিছে৷ দেশত কৰ’নাত মৃত্যুৰ সংখ্যা ৰ লাখ ৯২ হাজাৰ ৩১ৰ জন হৈছে৷ ইপিনে ভাৰতত শেহতীয়াকৈ অক্সিজেনৰ তীব্ৰ সংকটে দেখা দিছে৷ এনে অৱস্থাত এই সংকটৰ পৰা মুক্তি পাবলৈ দেশৰ বিভিন্ন হাস্পতালত ৫৫১ টা অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে৷ এই প্ৰকল্পসমূহৰ সমস্ত ব্যয় বহন কৰা হ’ব পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা৷ আনহাতে ভাৰতৰ সংকট কালত  সহায়ৰ বাবে শেহতীয়াকৈ আগবাঢ়ি আহিছে জাৰ্মানী, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়াকে ধৰি কেইবাখনো দেশে৷ ভাৰতৰ চিৰ বৈৰীৰূপে পৰিচিত পাকিস্তানেও আনকি শত্ৰুতা পাহৰি সংকটকালত সহায়ৰ বাবে আগবাঢ়ি অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো ভাৰতক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ বাবে আশ্বাস প্ৰদান কৰাৰ লগতে ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কেঁচা সামগ্ৰী যোগানৰ বাবে সন্মতি আগবঢ়াইছে৷ শনিবাৰলৈকে আমেৰিকাই নিজৰ দেশত টিকাকৰণ ১০০ শতাংশ সম্পূৰ্ণ হোৱা বুলি নিশ্চিত নোহোৱালৈকে ভাৰতক ভেকচিন প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কেঁচা সামগ্ৰী যোগান ধৰা নহয় বুলি স্পষ্ট কৰি দিছিল৷ আমেৰিকাৰ  এই স্থিতিক বিশ্বৰ বিভিন্ন দেশে তীব্ৰ সমালোচনা কৰিবলৈ ধৰাত অৱশেষত দেশখনে ভাৰতক সহায়ৰ বাবে সন্মতি প্ৰদান কৰিছে৷ ইপিনে ভাৰতৰ কৰ’না পৰিস্থিতি অতি শোচনীয় হৈ পৰাত  সীমান্ত পথ ছীল কৰি দিয়াৰ কথা ঘোষণা কৰিছে বাংলাদেশে৷ সেই অনুসৰি কাইলৈৰ পৰা ১৪ দিন ভাৰত-বাংলাদেশৰ সীমান্ত পথ বন্ধ থাকিব বুলি আজি ঘোষণা কৰে বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে৷

কৰ’নাতংকৈও ভয়াৱহ সন্তানাতংক!

কৰ’নাই কেৱল অসম বা ভাৰতৰবৰ্ষতে নহয় বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাইও হাৰ মানিছে কৰ’নাৰ ওচৰত৷ মানৱ সভ্যতাৰ বাবে প্ৰত্যাহ৩ান হৈ পৰা কৰ’নাকালত বহুজনে আনৰ বাবে নিজৰ জীৱনলৈ অহা ভাবুকিকো পৰোৱাই নকৰি সেৱা আগবঢ়াই গৈছে৷ এনে সময়তো নিজৰ পিতৃ-মাতৃৰ প্ৰতি সামান্য সেয়াও আগবঢ়াবলৈ কুণ্ঠাবোধ কৰা, জন্মদাতা পিতৃ-মাতৃক অৱহেলাৰ দৃষ্টি দিয়া কাৰ্যই লজ্জানত কৰিছে মানৱ সমাজক৷ এজন পিতৃ বা এগৰাকী মাতৃৰ বাবে এয়া কৰ’নাতংক বেছি ভয়াৱহ হৈ পৰিছে৷ নগাঁৱৰ খুটীকচীয়ো নিবাসী সচেতন নাগৰিক অঞ্জলি মহন্তই এই সন্দৰ্ভত ফেচবুকত দিয়া পোষ্ট হৃদয় চুই গৈছে প্ৰতিজন হৃদয়বান অসমীয়াৰ৷ ফেচবুকত দিয়া পোষ্টটোৰ পূৰ্ণ পাঠ এনেধৰণৰ–‘অসুখীয়া পৃথিৱীৰ বিষাদময় খবৰৰ মাজতেই পুৱা এটি বাতৰি পাইছিলো যে দিল্লীত প্ৰায় ৮০ বছৰীয়া পিতৃ ক’ভিড পজিটিভ হোৱাৰ বাবে পুত্ৰ বোৱাৰীয়েকে ঘৰৰ পৰা অকলে উলিয়াই দিলে৷ অসহায়, অসুখীয়া মানুহজন এসময়ত গৃহমন্ত্ৰালয়ৰ কৰ্মচাৰী আছিল৷ থৰক-বৰক খোজেৰে তেওঁ ৰ’দে পোৰা বাটেৰে গৈ থাকোতে ভাবি গৈছিল কেনেকৈ পুত্ৰক সুখত ৰাখিবলৈ তেওঁ যে কিমান কষ্ট কৰিছিল আৰু কিমান ত্যাগ কৰিছিল৷ জীয়াই থকাৰ ইচ্ছা নোহোৱা হ’ল৷ সেই সময়ত মুম্বাইত থকা জীয়ৰীয়ে খবৰ পাই স্থানীয় পুলিচ থানালৈ ফোন কৰি দেউতাকক যেনে তেনে হাস্পতালত ভৰ্তি কৰাবলৈ অনুৰোধ কৰাত এজন কনিষ্টবলে তেখেতক হাস্পতাললৈ লৈ গৈছিল৷ বাতৰিতো পঢ়ি বৰ দুখ লাগিছিল আৰু ভাবিছিলো সঁচাকৈ মানৱতা হেৰাই গ’ল৷ তেনেতে ফোনত খবৰ পালো আমাৰ আত্মীয় খুৰী এগৰাকী অসমত ক’ভিড হোৱা নোহোৱাৰ সময়তেই তীৰ্থলৈ গৈছিল কিন্তু দেশত ক’ভিড ৰোগীৰ সংখ্যা বাঢ়ি যোৱাত তেওঁলোকে মাত্ৰ মন্দিৰ দৰ্শন কৰিয়েই উভতি আহিল৷ যদিও কেইদিনমান ফুৰিব বুলি গৈছিল৷ এয়াৰপৰ্টত ক’ভিড টেষ্টত নিগেটিভ অহাত তেওঁ লোক ঘৰলৈ ঘূৰি আহিল৷ ঘৰলৈ আহিয়েই তেওঁ মুখামুখি হ’ব লগা হ’ল এক অনাহুত পৰিস্থিতিৰ৷ চিকিৎসক বোৱাৰীয়ে শাহুৱেকক দেখিয়েই চকুলৈকে মুখখন বান্ধি গোটেই ঘৰৰ কাষে কাষে ব্লিচিং পাউদাৰ ঢালি শাহুৱেকক মাতবোল নকৰাকৈ ল’ৰা-ছোৱালী দুটা আৰু স্বামীক লগত লৈ মাকৰ ঘৰলৈ গুচি গ’ল৷ খুৰীগৰাকী বাৰাণ্ডাতে ৰৈ থৰ লাগিল৷ তেওঁ এনেয়েও এসপ্তাহ কোঠাৰ ভিতৰত থাকিলেহেঁতেন নিয়ম-নীতি মানি কিন্তু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বোৱাৰীয়কৰ ক’ভিড ডিউতি পৰিলে ল’ৰা-ছোৱালী দুটাক তেৱেঁই খোৱা বোৱা দিছিল৷ বোৱাৰী বাৰু বোৱাৰীয়েই কিন্তু পুত্ৰ? সৰুতে দীৰ্ঘদিনীয়া অসুখত ভোগা লৰাটোক বহুত দিনলৈকে কোলাত লৈ থাকিবলগীয়া হোৱাত তেওঁৰ কঁকালৰ বিষ হৈছিল, নিশা দেৰিকৈ কেতিয়াবা দূৰৰ পৰা আহিলে হাঁড় কঁপোৱা ঠাণ্ডাটো গৰম পানী কৰি দিছিল আৰু কিমান কি কৰিছিল মনত পেলাবলৈ মন নগল তেওঁৰ৷ এই সমস্ত কথা কৈ তেওঁ মোক কয়– এনেকুৱা এটা ভেক্‌চিন উলিয়াব নোৱাৰিনে যি ভেক্‌চিনৰ দ্বাৰা পিতৃ মাতৃৰ ত্যাগ বুজি পাব? মই নিশ্চুপ হৈ শুনি আছিলো৷ তেওঁ ক’লে বুজিছা অঞ্জলী কৰ’নাতংকতকৈয়ো ভয়াবহ সন্তানাতংক।