
ড০ পাৰ্থ সাৰথি মহন্তৰ ৰচনা-পৰিচালনা কৰা ছবি ‘অনসুনী চিঁখে’লৈ Indian Independent Film Festivalৰ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা
'আমাৰ অসম'ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ জুনঃ অসমীয়া চুটি ছবি "অনসূনী চিঁখে"ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত বিশেষ চৰ্চা লাভ কৰি ইতিমধ্যে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ড° পাৰ্থসাৰথি মহন্তই ৰচনা -পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে অলপতে কলকাতাত অনুষ্ঠিত 'ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেল' (মে'-জুন ২০২৫)ত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে। বলিষ্ঠ কাহিনী আৰু কাৰিকৰী উপস্থাপনৰ বাবে চুটি ছবিখনে এই সন্মান লাভ কৰিছে। অভিনেত্ৰী সীমা বিশ্বাসৰ একক অভিনয়ে চুটি ছবিখনৰ কাহিনীক গভীৰতা প্ৰদান কৰাৰ লগতে বৰ্ণনাত্মক দিশটোক অধিক মনোগ্ৰাহী কৰি তুলিছে ।
চলিত বছৰটোৰ আৰম্ভণিতে ১৭-২১ জানুৱাৰী, ২০২৫ত জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৱৰ্ল্ডৱুড ইণ্টাৰনেশ্যনেল পানোৰামা (আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শ্ৰেণী)ত এই চুটি ছবিখন নিৰ্বাচিত হৈছিল আৰু দুটা শীৰ্ষ সন্মান লাভ কৰিছিল। শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে সীমা বিশ্বাসে আৰু চুটি ছবি শ্ৰেণীত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ড° পাৰ্থসাৰথি মহন্তই। ২০২৫ চনৰ দিল্লী চুটি চলচ্চিত্ৰ মহোৎসৱতো ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰি সমকালীন ভাৰতীয় চলচ্চিত্ৰৰ এক উল্লেখযোগ্য সৃষ্টি হিচাপে দৃঢ় স্থান দখল কৰিছে। এটা গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে ছবিখন সম্প্ৰতি কান চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চে ডু ফিল্ম (অনলাইন শাখা)ত দেখুওৱা হৈছিল, য’ত মৰ্মস্পৰ্শী বিষয়বস্তু আৰু কাহিনী বৰ্ণনাৰ বাবে বিশ্বব্যাপী দৰ্শকে ছবিখনক অতি উচ্চ প্ৰশংসা কৰিছিল। সূক্ষ্ম পৰিচালনা, শক্তিশালী একক অভিনয়, আৰু বিশ্বজনীন আবেদনেৰে "অনসূনী চিঁখে"ই অসমীয়া আৰু ভাৰতীয় চুটি ছবিৰ মান উন্নত কৰি বিশ্বৰ মঞ্চ অধিকাৰ কৰিছে।