Logo
image

গৰম বন্ধৰ আমেজ

গৰমৰ বন্ধ হৈছে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এক বিশেষ সময়, যি আনন্দ, বিশ্ৰাম আৰু নতুন অভিজ্ঞতাৰ অধ্যায়৷ এই বন্ধ সাধাৰণতে বিদ্যালয়ত জুলাইত দিয়া হয়৷ এই সময়তে বিদ্যালয়-কলেজ বন্ধ হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা অনুসৰি সময় অতিবাহিত কৰিবলৈ মুকলি স্থান পায়৷  এই বন্ধটো মাথোঁ বিদ্যালয়ৰ পৰা বিশ্ৰাম নহয়, ই হৈছে মনৰ উল্লাস আৰু নিজৰ বাবে অলপ সময় বিচাৰি লোৱাৰ এটা সুযোগ৷ কোনোবাই গাঁৱলৈ যায়, দেউতাক-আইতাকৰ লগত সময় কটায়, কোনোবাই পৰ্যটনস্থান ঘূৰি আহে৷ আন কিছুমানে কিতাপ পঢ়া, গান-বাদ্য, খেল, পছন্দৰ কাৰ্যকলাপত সময় অতিবাহিত কৰে৷ 


এই সময়টো ভালকৈ ব্যৱহাৰ কৰিলে আত্ম উন্নয়ন সম্ভৱ৷ নতুন কিতাপ পঢ়া, ন-ন কৌশল শিকিব পৰা, ইণ্টাৰনেটৰ সহায়ত বিভিন্ন পাঠ্য সমল অধ্যয়ন কৰা– এই সকলো বন্ধটোৱে অধিক ফলপ্ৰসূ কৰি তোলে৷ তদুপৰি, গৰমৰ বন্ধৰ সময়ত স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ গৰমৰ বন্ধ এটি আনন্দদায়ক সময় হ’লেও ইয়াক সৃজনশীলতা, আত্মউন্নয়ন আৰু বিশ্ৰামৰ এক চমৎকাৰ মিলনৰ সুযোগ হিচাপে গ্ৰহণ কৰিলে লাভজনক হ’ব পাৰে৷ আধুনিকতাৰ চাপত বহুতে এই গৰমৰ বন্ধৰ সঁচা আনন্দ পাহৰি গৈছে৷ কিন্তু যিসকলৰ মনত গাঁৱৰ ছাঁ, আইতাৰ কোলা, মামাৰ লগত ফুটবল খেলা বা সন্ধিয়া ধেমালি কৰাৰ অভিজ্ঞতা থাকে, তেওঁলোকে জানে গৰমৰ বন্ধ মাথোঁ ছুটী নহয়, ই হৈছে হূদয়ৰ এটি নিগূঢ় স্মৃতিৰ খনি৷