শিল্পী ৰমেন বৰুৱা নিৰুদ্দিষ্ট হোৱাৰ এবছৰ
ডিজিটেল সংবাদ, গুৱাহাটী ২১ জুলাইঃ নিৰুদ্দিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক উভতি অহাৰ বাবে তেওঁৰ গুণমুগ্ধ সকলে একত্ৰিত হৈ মঙ্গলবাৰে এক সাংস্কৃতিক আহ্বান জনাব। সকলোৰে গভীৰ আশা আদৰৰ শিল্পীগৰাকী কুশলে আছে। অধীৰ অপেক্ষা মানুহজন উভতি অহাৰ বাবে। লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতি, সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু অনুৰাগী সমাজে শিল্পী গৰাকী নিৰুদ্দিষ্ট হোৱাৰ এবছৰ পূৰ্ণ হোৱা দিনটোতে লতাশিল খেলপথাৰত সন্ধিয়া ৬-৩০ বজাত তেখেতৰ সুৰাৰোপিত গীতসমূহৰ স্মৃতিৰ সজল ৰোমন্থনৰ 'যুগমীয়া' শীৰ্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।
অনুষ্ঠানত সমবেত অনুৰাগীসকলে সংগীত শিল্পীগৰাকীক উভতি আহি সৃষ্টিশীল জীৱনত পুনৰ মনোনিবেশ কৰিবলৈ আকুল আহ্বান জনাব। উদ্যোক্তা সকলে ৰমেন বৰুৱাৰ গুণমুগ্ধ সকলৰ উপস্থিতি সাদৰেৰে কামনা কৰিছে।






