Logo
image

১০ দিনৰ ব্যৱধানত অসমলৈ আহিব মোদী, অমিত শ্বাহ

'আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ আগষ্টঃ  ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ বাবে ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী ৰিং ৰোড, নাৰেংগী-কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন, নুমলীগড়ত বায় ৰিফাইনেৰী উদ্বোধন আদি কাৰ্যসূচীতো অংশ ল’ব৷ আনহাতে ২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ শুকুৰবাৰে   গুৱাহাটীত এখন সংবাদমেলত এই তথ্য সদৰি কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৮ ছেপ্টেম্বৰত অসমলৈ আহিব৷ নুমলীগড় শোধনাগাৰত ফিনলেণ্ডৰ কোম্পানীৰ লগত লগ লাগি ৪ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা বায় ৰিফাইনেৰী প্ৰধানমন্ত্ৰী মোদীয়ে ৮ ছেপ্টেম্বৰৰ পুৱা উদ্বোধন কৰিব৷ ইয়াৰ পাছতে নুমলীগড় শোধনাগাৰতে তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিব৷ নুমলীগড়ৰ পৰা তেওঁ দৰঙলৈ আহিব৷ মঙলদৈত তেওঁ ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প গুৱাহাটী ৰিং ৰোড, ব্ৰহ্মপুত্ৰৰ ওপৰত কুৰুৱা-নাৰেংগী দলং আৰু মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ মঙলদৈৰ পৰা তেওঁ গুৱাহাটীলৈ আহিব আৰু ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব৷ এই অনুষ্ঠানত ১০০০ শিল্পীয়ে ২৩ মিনিট ধৰি ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব৷ অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, অগ্নি যুগৰ ফিৰিঙতি মই, সাগৰ সংগমত, ক’ত জোৱানৰ মৃত্যু হ’ল, দীল হুম হুম কৰে, আমি অসমীয়া নহও দুখীয়া, মহাবাহু ব্ৰহ্মপুত্ৰ আদি গীতৰ প্ৰথম কলি গোৱা হ’ব৷


ইয়াত তেওঁৰ অসমীয়া, বাংলা আৰু হিন্দী সন্নিবিষ্ট কৰা হ’ব৷ প্ৰতিখন কলেজৰ বিগত বৰ্ষৰ শ্ৰেষ্ঠ গায়ক গায়িকা আৰু বয়োজ্যেষ্ঠ শিল্পী সকলক ইয়াৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব৷ সাংস্কৃতিক মহা মহাৰণত ভাল ফলাফল প্ৰদৰ্শন কৰা সকলকো মতা হ’ব৷ তেওঁৰ জীৱনী এখনো উন্মোচন কৰা হ’ব৷ বিভিন্ন সময়ত ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা প্ৰতিখন জিলাৰ পৰা ৫০ জনকৈ মানুহ এই কাৰ্যসূচীলৈ লৈ অনা হ’ব৷ ৰাজ্য চৰকাৰৰ অতিথি হিচাপে তেওঁলোক গুৱাহাটীলৈ আহিব৷ যিসকলে অনুষ্ঠানটো চাব বিচাৰে তেওঁলোককে পোৰ্টেল যোগে ২০ আগষ্টৰ ভিতৰত চৰকাৰক জনাব লাগিব৷ আনহাতে ২৯ আগষ্টত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব৷ সেইদিনা পুৱা তেওঁ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ৰাজভৱন উদ্বোধন কৰিব৷ তাৰ পাছত বিজেপি আৰু এজিপিৰ টিকটত পঞ্চায়ত নিৰ্বাচনত জয় লাভ কৰা গাঁও পঞ্চায়তৰ সদস্য,  আঞ্চলিক আৰু জিলা পৰিষদৰ সদস্য-সভাপতিসকলৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত অভিবৰ্তনত উপস্থিত থাকিব অমিত শ্বাহ৷ প্ৰতিখন গাঁৱতে আমি এখনকৈ সমবায় সমিতি আৰম্ভ কৰিব বিচাৰিছো৷ গাঁৱত খালী পৰি থকা মাটি কৃষি, ডায়েৰী আদি কামত ব্যৱহাৰ কৰাৰ দায়িত্ব দিয়া হ’ব সমবায় সমূহক, যাতে খালী মাটি আৰু বেদখল নহয়৷ চৰকাৰৰ পৰা ভাৰাত লৈ এই কাম কৰিব পাৰিব৷ গধূলি ৫ বজাত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি নিশা তেওঁ দিল্লীলৈ উভতি যাব৷