Logo
image

ছেপ্টেম্বৰৰ পৰা এটিএমত কমিব ৫০০টকীয়া নোট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ আগষ্টঃ  ৫০০টকীয়া নোট বন্ধ হৈ যাব– এনেধৰণৰ এটা ইউটিউব ভিডিঅ’ই বিগত কিছুদিন ধৰি দেশত চাঞ্চল্যৰ সৃষ্টি কৰি আছে৷ বিমুদ্ৰাকৰণৰ ভয়ংকৰ সময় মনত পেলাই দিয়া এই ভিডিঅ’ই ভীতিগ্ৰস্ত কৰি তুলিছে দেশবাসীক৷ আতংকত ভুগিছে সকলোৱে৷ সঁচাই বন্ধ হৈ যাব নেকি ৫০০টকীয়া নোট, ১০০০টকীয়া নোটৰ দৰে! এতিয়ালৈকে ভাৰতীয় ৰিজাৰ্ভ বেংক বা কেন্দ্ৰীয় চৰকাৰৰ পৰা  তেনে কোনো নিৰ্দেশ নাই৷ কিন্তু এটিএম অৰ্থাৎ ‘অটোমেটিক টেলাৰ মেছিন’ত অহা ৩০ ছেপ্টেম্বৰৰ পৰা গ্ৰাহকক ৭৫ শতাংশ ১০০ আৰু ২০০টকীয়া নোট যোগান ধৰিবলৈ দেশৰ সকলো বেংকক নিৰ্দেশ দিছে ৰিজাৰ্ভ বেংকে৷


তদুপৰি ২০২৬ চনৰ মাৰ্চৰ পৰা এটিএমত ১০০ আৰু ২০০টকীয়া নোট ৯০ শতাংশ বৃদ্ধি কৰিবলৈ ৰিজাৰ্ভ বেংকে নিৰ্দেশ জাৰি কৰিছে৷ এই নিৰ্দেশৰ ফলতে ৫০০টকীয়া নোট বন্ধ কৰি দিব বুলি তুমুল প্ৰচাৰ হৈছে৷ প্ৰকৃততে গ্ৰাহকৰ অসুবিধা নহ’বৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে৷ কিন্তু বিমুদ্ৰাকৰণৰ ভয়ংকৰ শাস্তিত ভোগা দেশবাসীয়ে এয়া ৫০০টকীয়া নোট বন্ধৰ আগজাননী বুলি ভাবিবলৈ বাধ্য হৈছে৷