Logo
image

ওমান উপসাগৰৰ পাৰত আবেলি

মৰু চহৰ ডুবাইৰ বালিৰ মাজৰ পৰা অলপ অৱকাশ বিচাৰি কেতিয়াবা কিছু সময়ৰ বাবে হ’লেও সাগৰৰ পাৰলৈ যাবলৈ মন যায়৷ সংযুক্ত আৰব এমিৰেটৰ সীমাত দুখন উপসাগৰ লাগি আছে, পাৰস্য আৰু ওমান উপসাগৰ৷ কেইদিনমান আগতে আজমানলৈ যাওঁতে পাৰস্য উপসাগৰৰ পাৰত কিছু সময় কটাইছিলোঁ৷ সেয়ে এইবাৰ ওমান উপসাগৰৰ পাৰলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ৷ ওমান উপসাগৰ হ’ল আৰব সাগৰৰ উত্তৰ-পশ্চিম দিশৰ জলৰাশি আৰু হৰমুজ প্ৰণালীৰ মাধ্যমত পাৰস্য উপসাগৰৰ লগত সংযুক্ত৷ ওমান উপসাগৰৰ উত্তৰ দিশত ইৰান আৰু দক্ষিণ দিশত ওমান আৰু সংযুক্ত আৰব এমিৰেট৷ গতিকে ওমান হ’ল সংযুক্ত আৰব এমিৰেটৰ সীমাত লাগি থকা দেশ আৰু ওমান উপসাগৰ সীমাত লাগি থকা জলৰাশি৷ পাৰস্য উপসাগৰৰ উপকূলত সংযুক্ত আৰব এমিৰেটৰ ছখন এমিৰেট ক্ৰমে আবুধাবি, ডুবাই, শ্বাৰজাহ, আজমান, উম্ম আল কুৱেইন আৰু ৰাছ-আল-খাইমা অৱস্থিত; আৰু একমাত্ৰ ‘ফুজাইৰাহ এমিৰেট’ ওমান উপসাগৰৰ উপকূলত অৱস্থিত৷ উপকূলীয় এই চহৰখনৰ নাম ‘ফুজাইৰাহ’৷ ডুবাইৰ পৰা ফুজাইৰাহ চহৰলৈ দূৰত্ব ১২০ কিলোমিটাৰ, গাড়ীৰে গ’লে প্ৰায় ডেৰ-দুই ঘণ্টা লাগে৷ 

ওমান উপসাগৰৰ পাৰত আবেলিটো পাৰ কৰিবলৈ ২৭ জুলাই দেওবাৰৰ দিনা আমি থকা ডুবাইৰ মেৰিনা অঞ্চলৰ হোটেল ‘জান্নাহ’ৰ পৰা দিনৰ প্ৰায় ১ বজাত গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ ইয়াৰ ৰাস্তা-ঘাটবোৰ সমান আৰু মসৃণ [আমাৰ ৰাস্তাৰ দৰে ওখোৰা-মোখোৰা, গাঁতেৰে ভৰপূৰ নহয়], গতিবেগ ঠায়ে ঠায়ে প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ আৰু সন্ধিয়া হয় সাত বজাৰ পাছত, সেয়ে ১ বজাত যাত্ৰা আৰম্ভ কৰিলেও সাগৰৰ পাৰত আবেলিটো উপভোগ কৰিবলৈ পূৰামাত্ৰাই সময় পোৱা যাব বুলিয়ে আমি ৰ বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ ৰাস্তা-ঘাটসমূহ সম্পূৰ্ণৰূপে সমান আৰু মসৃণ হোৱাৰ লগতে অহা-যোৱা, প্ৰতিটো ৰাস্তাই স্থানবিশেষে দুটাৰ পৰা আঠটা লেনযুক্ত৷ প্ৰতিখন গাড়ী লেন মানি চলাচল কৰে৷ ইটো লেনৰ পৰা সিটো লেনলৈ যাব লগা হ’লে ইণ্ডিকেটৰ লাইট জ্বলাই কিছু সময় সংকেত নিদিয়াকৈ কেতিয়াও নাযায়৷ সেয়ে সৰু গাড়ীৰ লগতে ট্ৰাকসমূহো বিনাদ্বিধাই চলাচল কৰা দেখিছিলোঁ৷ আমাৰ দেশৰ দৰে ৰাস্তাত অকণমান খালী ঠাই পালেই ড্ৰাইভাৰে গাড়ী সোমোৱাই নিনিয়ে৷ যি দুই-এজন ড্ৰাইভাৰে ইয়াত এনে কৰে বা ৰাস্তাত দুৰ্ঘটনা সংঘটিত কৰে, তেওঁলোকৰ বেছিভাগেই ভাৰত বা পাকিস্তানৰ বুলি কোৱা শুনিছিলোঁ৷ সমগ্ৰ আৰব এমিৰেটতে ট্ৰেফিক নিয়ম যথেষ্ট কঠোৰ, সকলো মূল ৰাস্তাতে কেমেৰা সংযুক্ত, কিছুমান ৰাস্তা ৰাডাৰেৰে নিৰীক্ষণ কৰে৷ সেয়ে আমাৰ দৰে ৰাস্তাত ট্ৰেফিক পুলিচ গিজ্‌গিজাই নাথাকিলেও ট্ৰেফিক আইন ভংগ কৰি কোনো সাৰি যাব নোৱাৰে৷ আইন ভংগৰ বাবে হোৱা জৰিমনাৰ জাননী মেইলত আহে৷ দুৰ্ঘটনা আদি হ’লেও ‘ডুবাই পুলিচ এপ’ ইনষ্টল কৰি এপৰ জৰিয়তে অভিযোগ দিব লাগে, থানালৈ যোৱাৰ প্ৰয়োজন নাই৷ কিছুমান ৰাস্তাত ‘টোল’ আদায় দিব লাগে, কিন্তু তাৰ বাবে কোনো ‘টোল গেট’ দেখা নাছিলোঁ৷ ‘ফাষ্ট টেগ’ৰ দ্বাৰাই দিব লাগে, নাথাকিলে মেইলত দিব লগা ‘টোল টেক্স’ আহি যায়, সময় নষ্ট কৰি ৰাস্তাত টোল পৰিশোধ কৰিবলৈ ৰৈ থাকিব নালাগে৷ ৰাস্তাবোৰ এনেদৰে নিয়াৰিকৈ ইটোৰ লগত সিটো সংযুক্ত যে, ট্ৰেফিক আইন মানি গাড়ী চলালে দুৰ্ঘটনা হোৱাৰ কোনো আশংকা নাথাকে৷ ডুবাই চহৰৰ ৰাস্তাত দৈনিক গড়ে ৩.৫ মিলিয়ন গাড়ী চলাচল কৰে, তথাপি পথচাৰীয়ে ৰাস্তা পাৰ হ’বলৈ ৰৈ থাকিব নালাগে, জেব্ৰা ক্ৰছিংত থিয় হ’লেই গাড়ী ৰখাই দি পথচাৰীক ৰাস্তা পাৰ হ’বলৈ সুবিধা দিয়ে৷ আমাৰ দৰে ফুট অভাৰব্ৰীজৰ প্ৰয়োজন নাই বা পুলিচে ৰাস্তাৰে চলাচল কৰা গাড়ী ৰখাই পথচাৰীক ৰাস্তা পাৰ কৰাই দিয়াৰো প্ৰয়োজন নাই৷ ৰাস্তাৰ সংখ্যা ইমানেই বেছি যে, গুগ্‌ল মেপ অবিহনে গন্তব্যস্থানলৈ অহা-যোৱা কৰা প্ৰায় অসম্ভৱ বুলিয়ে ক’ব পাৰি৷ ৰাস্তাৰ কাষৰ ছাইনব’ৰ্ডত ট্ৰেফিক লাইট ভংগৰ জৰিমনা হিচাপে লিখা দেখা পাইছিলোঁ পাঁচশ ডিৰহাম আৰু সেয়া ভংগ কৰি ট্ৰামত খুন্দিয়ালে জৰিমনা ত্ৰিছ হাজাৰ দিৰহাম৷ ভাৰতীয় মুদ্ৰাত মূল্য হ’ব প্ৰায় ১১,৫০০ টকা আৰু ৬,৯০,০০০ টকা৷ 

ডুবাইৰ পৰা ফুজাইৰালৈ মূল সংযোগী পথৰ নম্বৰ, ই-৮৪, এই ৰাস্তাক শ্বেখ খলিফা বিন জায়েদ পথ বুলিও কোৱা হয়৷ আমি ই-৪৪ [ডুবাই হাট্টা] পথেৰে হাট্টা পৰ্বতমালাৰ মাজেৰে গৈ ছাৰজাহ আৰু ৰাছ আল খাইমাহ পাৰ হৈ ই-৮৪ পথত উঠোঁ আৰু হাজাৰ পৰ্বতমালাৰ মাজেৰে গৈ প্ৰায় তিনি বজাত ফুজাইৰাহ চহৰ সোমাওঁ৷ ৰাস্তাৰ দুই পাৰে দেখা হোট্টা আৰু হাজাৰ পৰ্বতমালা, গছ-গছনিবিহীন শিলৰ পৰ্বত৷ প্ৰকৃতিৰ সৃষ্টি গছ-গছনি নোহোৱা পাহাৰ-পৰ্বতসমূহৰো যে এক বেলেগ প্ৰাকৃতিক সৌন্দৰ্য আছে, সেয়া নেদেখিলে উপলব্ধি কৰা কঠিন৷ ৰাস্তাইদি গৈ থাকোঁতে দেখা পাইছিলোঁ দুজনমানে হাজাৰ পৰ্বত মালাৰ কিছু উচ্ছতালৈ হাইকিং কৰি আছে আৰু দূৰৈত কিছুলোকে হয়তো ট্ৰেইলিং কৰি আছিল৷ ৰাস্তাৰ দুয়োকাষে অধিকাংশ স্থান মৰুভূমিৰ বালি আৰু বালি, মাজে মাজে দুই-এডোখৰ ঠাই ডেভেলপ কৰিবৰ বাবে বুলড’জাৰ, ডাম্পাৰ আদি ডাঙৰ ডাঙৰ গাড়ী, বনুৱা আদিয়ে প্ৰচণ্ড গৰমকো নেওচি কামত ব্যস্ত৷ কিছুমান ঠাইত প্ৰাথমিকভাৱে ৰাস্তা নিৰ্মাণ হোৱাৰ পাছত আৱাসিক অঞ্চল নিৰ্মাণৰ বাবে ওখ ওখ ক্ৰেন লৈ বহুমহলীয়া অট্টালিকা সজাত ব্যস্ত থকা দেখা পাইছিলোঁ৷ মৰুভূমিৰ বালিময় ঠাই উন্নয়নৰ বাবে গৰমৰ মাজতো বিষয়া, কৰ্মচাৰী, বনুৱা আদিয়ে কাম কৰি থকা দেখা পাই মনলৈ আহিছিল, কোনে কয়, মৰুভূমিত মানুহ বাস কৰিব নোৱাৰে, আধুনিক বিজ্ঞানে সেয়া সম্ভৱ কৰি তুলিছে৷ 


বালিময় মৰুভূমিৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ থাকোঁতে এঠাইত ছাইনব’ৰ্ডত দেখা পাইছিলোঁ, Welcome to Fujairah লিখা আছে৷ মনটো ভাল লাগি গৈছিল গন্তব্যস্থান প্ৰৱেশ কৰা বুলি জানিব পাৰি৷ কিছুদূৰ গৈ থকাৰ পাছত ই-৮৪নম্বৰ ৰাস্তাৰ কাষত সোঁফালে দেখা পালোঁ এখন ডাঙৰ ছাইনব’ৰ্ড, সোঁদিশলৈ কাঁড়চিহ্নৰে আৰবী আৰু ইংৰাজীত লিখা আছে, Fujairah Court House অৰ্থাৎ ফুজাইৰাহৰ ন্যায়িক আদালত ভৱন৷ সন্মুখৰ দিশে ৰাস্তাৰ কাষত ওখকৈ আঁৰ-বেৰ দিয়া আছে, যাতে ৰাস্তাৰ পৰা আদালত ভৱন কাৰো দৃষ্টিগোচৰ নহয়৷ আদালত ভৱন এলেকাৰ লগতে লাগি আছে ‘Fujairah public prosecution’ৰ কাৰ্যালয়৷ ইয়াৰ পৰা অলপ দূৰ যোৱাৰ পাছতহে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, ওখ ওখ অট্টালিকা আদি দেখা পায়৷ ফুজাইৰাহ চহৰৰ প্ৰৱেশদ্বাৰতে ন্যায়িক আদালত ভৱন আৰু public prosecutionৰ কাৰ্যালয় অৱস্থিত৷ সমুদ্ৰ তীৰ পোৱাৰ উৎকণ্ঠাৰে গৈ থাকোঁতে দেখা পাইছিলোঁ সংযুক্ত এমিৰেটৰ দ্বিতীয় বৃহৎ মছজিদ– শ্বেখ জায়েদ মছজিদ৷ মছজিদ পাৰ হৈ পূব দিশে কিছু দূৰ আগুৱাই গৈ আমি উপস্থিত হৈছিলোঁ আমাৰ গন্তব্যস্থানত, ওমান উপসাগৰৰ পাৰৰ ‘আমব্ৰেলা বীচ্ছ’ত৷ 

পাৰ্কিং স্থানত গাড়ী পাৰ্ক কৰি নামি গৈছিলোঁ সমুদ্ৰ তীৰলৈ৷ পাৰ্কিং স্থানৰ কাষতে আছে ৰেস্তাৰাঁ, ক’ফী শ্বপ, ফুড ট্ৰাক আদিৰ শাৰী৷ সেয়া পাৰ হৈ পাইছিলোঁ সেউজীয়া ঘাঁহনি, খেজুৰ গছৰ দীঘলীয়া শাৰী, মানুহ খোজকাঢ়ি অহা-যোৱা কৰিবলৈ আহল-বহল ফুটপাথ৷ তাৰ পাছত এক নিৰ্দিষ্ট দূৰত্বত মাটিত শাৰী শাৰীকৈ স্থায়ীভাৱে নিৰ্মিত বিভিন্ন ৰঙৰ ডাঙৰ ডাঙৰ ছাতি, লগতে ভ্ৰমণকাৰী বহিবলৈ বেঞ্চ আৰু তাৰ পাছতে বী২৬১ ইটো মূৰৰ পৰা সিটো মূৰলৈ খুঁটাত শকত ৰছীৰে আৱৰি সমুদ্ৰৰ দিশে বেৰা দিয়া আছে৷ ৰছীৰ বেৰাৰ লগত কিছু দূৰে দূৰে সাগৰলৈ নামি যাবৰ বাবে চিৰিৰ সুবিধা আছে৷ সুন্দৰ বগা বালি, পৰিষ্কাৰ পানী, আৰু চহকী সাগৰীয় জীৱৰ বাবে এই বীচ্ছত স্নৰ্কলিং আৰু ডাইভিং কৰাৰ সুবিধাৰ বাবে জনাজাত যদিও অন্যান্য কিছুমান বীচ্ছৰ দৰে ভ্ৰমণকাৰীৰ ভিৰ দেখা নাছিলোঁ৷ দূৰে দূৰে দুই-চাৰিজনকৈ লোক সাগৰৰ পানীত নামি কিছুমানে ছান বাথ কৰা আৰু কিছুমানে সাগৰৰ ঢৌত শুই, বহি আমেজ লোৱা দেখিছিলোঁ৷ দূৰত দুখনমান জাহাজ গৈ আছিল৷ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ আহল-বহল বীচ্ছ এলেকাত স্নানাগাৰ, ৱাছৰূম, চেঞ্জিং ৰূম, ৰেষ্ট ৰূম আৰু শিশুৰ খেলা-ধূলাৰ সুবিধাও আছে৷ ২০২১ চনৰ ডিচেম্বৰত মুকলি কৰা আমব্ৰেলা বীচ্ছলৈ অহা যিকোনো লোকে একে আষাৰতে ক’ব যে, সকলো সুবিধা থকা, পৰিষ্কাৰ-পৰিচ্ছন্ন এক well maintained বীচ্ছ৷ লাহে লাহে সন্ধিয়া নামি অহাত আমি বীচ্ছৰ পৰা শ্বেখ জায়েদ গ্ৰেণ্ড মছজিদলৈ আঁহো সন্ধিয়াৰ নামাজ আদায় কৰিবলৈ৷ 

এক বিশাল এলেকাৰ মাজত থকা শ্বেখ জায়েদ গ্ৰেণ্ড মছজিদৰ চাৰিওফালৰ পাৰ্কিং এলেকাও যথেষ্ট ডাঙৰ  আৰু আহল-বহল৷ ২০১৫ চনৰ ছেপ্টেম্বৰত ফুজাইৰাৰ শাসক শ্বেখ হামাদ বিন মহম্মদ আল শ্বাৰকীয়ে ঈদৰ নামাজৰ ইমামতি কৰি এই মছজিদৰ দুৱাৰ মুকলি কৰে৷ জানিব পৰা মতে, মছজিদ এলেকাৰ ভিতৰত থকা চোতালত ১৪ হাজাৰ, মছজিদৰ ভিতৰত ১৪ হাজাৰ আৰু মহিলা এলেকাত ২,৫০০গৰাকী মহিলাই নামাজ পঢ়াৰ সুবিধা থকা ৩৯,০১৯ বৰ্গমিটাৰ এলেকাৰ এই মছজিদ সংযুক্ত আৰব এমিৰেটৰ দ্বিতীয় বৃহত্তম মছজিদ৷ আমি ইয়াতে মগৰীবৰ নামাজ আদায় কৰোঁ৷ মছজিদৰ ওপৰ অংশ পুৰুষে নামাজ পঢ়াৰ বাবে আৰু বেছমেণ্টত মহিলাই নামাজ পঢ়াৰ সুবিধা আছে৷ বেছমেণ্টৰ এটা দিশত পুৰুষৰ অজু কৰা ঠাই, ৱাছৰূ¸ম আৰু শৌচাগাৰ আদি আছে৷ মহিলাৰ দিশত কোনো পুৰুষ যাব নোৱাৰি, কোনোবা লোক ভুলতে সেই দিশে গ’লেও কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে বাধা দিয়ে৷ মছজিদৰ মাজত থকা মূল গম্বুজটো ৪৫ মিটাৰ বহল আৰু ইয়াৰ মাজডোখৰ ৰঙা আৰু সোণোৱালী ৰঙৰ৷ মছজিদটোত বগা মাৰ্বলৰ ১০০ ফুট উচ্চতাৰ চাৰিটা আৰু ৮৯ ফুট উচ্চতাৰ দুটা, মুঠ ছটা মিনাৰ আৰু ভিন ভিন আকাৰৰ ৬৫টা গম্বুজ আছে৷ ভিতৰৰ ফালে গম্বুজৰ পৰা তললৈ ওলমি থকা কেইবাটাও চেণ্ডেলিয়াৰ আছে৷ মূল গম্বুজৰ পৰা ওলমি থকা চেণ্ডেলিয়াৰটোৰ ওজন ৭ টন, উচ্চতা ১৮ মিটাৰ আৰু বহল ১৩.৫ মিটাৰ৷ 

ফুজাইৰাহত মাটি আৰু ইটাৰে নিৰ্মিত আন এক পুৰণি মছজিদ আছে, নাম ‘আল-বিদিয়ামছজিদ’৷ প্ৰত্নতাত্ত্বিক বিভাগে কোৱা মতে, এই মছজিদ ১৪৪৬ খ্ৰীষ্টাব্দত নিৰ্মিত সংযুক্ত আৰব এমিৰেটৰ আটাইতকৈ পুৰণি মছজিদ৷ ফুজাইৰাহ দুৰ্গ, ব্ৰঞ্জ আৰু লোহা যুগৰ অস্ত্ৰ-শস্ত্ৰ, ২,২০০ বছৰ আগৰ উটপক্ষীৰ কণীৰ বাটি থকা মিউজিয়াম আছে, সময়ৰ অভাৱত সেয়া চাব নোৱাৰি আমি ডুবাইলৈ ঘূৰি আহিছিলোঁ৷ নিশাৰ যাত্ৰাও আছিল ৰোমাঞ্চকৰ৷ ঘন অন্ধকাৰময় নিশা, জনপ্ৰাণীহীন পৰ্বতমালাৰ মাজে মাজে ৰাস্তাৰ মাজত থকা নিয়ন লাইটৰ পোহৰত আলোকিত হৈ থকা ৰাস্তাৰে, শুকান বালি আৰু ওমান উপসাগৰৰ প্ৰাকৃতিক দৃশ্য মনত লৈ আহি নিশা চাৰে নমান বজাত আমাৰ হোটেল পাইছিলোঁ৷