বিশ্বৰ অন্যতম জাহাজ নিৰ্মাতা ৰাষ্ট্ৰ হোৱাৰ পথত ভাৰত
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ অক্টোবৰঃ ২০৪৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষৰ ৫ খন জাহাজ নিৰ্মাতা দেশৰ অন্যতম হোৱাৰ দিশে আগবাঢ়িছে৷ ভাৰতে জাহাজ নিৰ্মাণ, বন্দৰ নিৰ্মাণ-উন্নয়নৰ দিশত ১০ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা হাতত লৈছে৷ মুম্বাইত সোমবাৰৰ পৰা আৰম্ভ হোৱা ‘মেৰীটাইম উইক-২০২৫’ত এই ঘোষণা কৰিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এই মেৰীটাইম উইকত ৬০০ খন বিভিন্ন ক্ষেত্ৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা৷ জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ১.৫ লাখ কোটি টকা, সেউজ ইন্ধনত ১.৭ লাখ কোটি টকা, পোতাশ্ৰয়-বন্দৰ আধুনিকীকৰণত ১.৫ লাখ কোটি টকা এই মেৰীটাইম উইকতে বিনিয়োগ হ’ব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
তেওঁ কয় যে, দেশৰ ভিতৰত জাহাজ নিৰ্মাণ হ’লে ভাৰতে পণ্য পৰিবহণৰ ক্ষেত্ৰত বিদেশী কোম্পানীৰ ওচৰত জাহাজৰ ভাৰা ভৰি থাকিব নালাগিব৷ এনে দীঘলীয়া পৰিকল্পনা হাতত লৈয়েই সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে আৰু দেশৰ স্বাধীনতাৰ ১০০ বছৰত সেই লক্ষ্য পূৰণ হ’ব৷ মুম্বাইত সোমবাৰে ভাৰতৰ চতুৰ্থ মেৰীটাইম উইক উদ্বোধন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷ তেওঁ কয় যে, মোদী চৰকাৰৰ ‘মেৰীটাইম ভিজন-২০৩০’ ৰ লক্ষ্য লৈ চৰকাৰ আগবাঢ়িছে আৰু সেই লক্ষ্য পূৰণ হ’বই৷ স্বাধীনতাৰ ১০০ বছৰত মোদী চৰকাৰৰ লক্ষ্য তাতকৈও বৃহৎ৷






