Logo
image

পেঙেৰীত আপকু'ৰ ২৮ তম্ প্ৰতিষ্ঠা দিৱস ও নৱনিৰ্বাচিত জিলা সমিতিৰ দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান

আমাৰ অসম, ৩০ এপ্ৰিলঃ কৰ'না ভাইৰাছৰ ভয়াবহ  সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সংগঠনটোৰ ২৮ তম প্ৰতিষ্ঠা দিৱসটি বিভিন্ন জিলাৰ লগতে আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগতো আৰু পেঙেৰীৰ কফু'কান ছিটৰিঅ' কাৰাটে ক্লাৱৰ সহযোগত জিলাখনৰ অন্তৰ্গত পেঙেৰী প্ৰগতিশীল যুৱক সংঘৰ পেক্ষাগৃহত  সম্পূৰ্ণ ক'ভিড প্ৰট'কল ৰক্ষা কৰি শুকুৰবাৰে অনুষ্ঠিত কৰা হয়। পুৱা প্ৰথম কাৰ্যসূচী অনুসৰি আপকু'ৰ পতাকা উত্তোলন কৰে আপকু'ৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰবিন মৰাণে, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বিনন্দ কোঁ‌ৱৰে।দিনৰ ভাগত আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰবিন মৰাণৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি আৰু অভিনন্দন অনুষ্ঠানটো আত ধৰে আপকুৰ নৱ-নিৰ্বাচিত তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সুৰজিৎ বড়াই।মুকলি ও অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি বক্তৱ্য আগবঢ়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক সুৰজিৎ মৰাণ,তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপ্লৱ নেওঁগ,সদৌ মৰান ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক মুনিন দুৱৰা,এছিঅ' প্ৰাক্তন  নেতা তথা যুৱ ব্যৱসায়ী লালন মৰাণ, বৰডুমচা শতদল শাখা সাহিত্য সভাৰ সভাপতি সুমন মৰাণ,যুৱ নেতা পূৰ্ণ বৰুৱা , নৃত্য সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তৱ্য  আগবঢ়াই।আপকুৰ প্ৰতিষ্ঠা  দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অভিনন্দন অনুষ্ঠানত পেঙেৰী,বৰডুমচা ,ফিল'বাৰী অঞ্চলৰ চিত্ৰশিল্পী সমুজ্জল শইকীয়া,নংচেং চিংফৌ,যুৱ ব্যৱসায়ী নত্ৰ ভূৰ্ষণ সোনোৱাল,মহেন্দ্ৰ নেওগ,প্ৰশান্ত শইকীয়া,কুলদিপ শৰ্মা,হিতেশ্বৰ কচাৰী,কুটিশিল্প পিঠেশ্বৰ চেতিয়া,নৱ চলিহা,নৃত্য শিল্পী বলীন গোহাঁই মৰাণ,সমৰ কলা খেলূৱৈ অঞ্জু ছেত্ৰী,ছাত্ৰ নেতা ৰাজা বালিমৰা,সেইজ বিপ্লৱী ইন্দ্ৰ কুমাৰ ফুকন,আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়া,ঘনকান্ত গগৈক অভিনন্দন জনাই অভিনন্দন পত্ৰ,ফুলাম গামোচা আৰু একোটিকৈ গছ পুলিয়ে। আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰবিন মৰাণে তেখেতৰ ভাষণ প্ৰসংগত কয় ১৯৯৩ চনৰ ৩০ এপ্ৰিলত জন্ম লাভ কৰা আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৱে জন্মলগ্নৰে পৰা ৰাজ্যখনৰ মফচলীয় সাংবাদিক সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত মাত মাতি আহিছে। তদুপৰি ইতিমধ্যে আপকুৱে জনোৱা কেইবাটাও দাবী চৰকাৰে মানি লৈ কাৰ্যকৰী কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয় যে এশ এবুৰি সমস্যাৰ মাজত ককবকাই থকা বিশেষকৈ মফচলীয় সাংবাদিক সকলৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তা প্ৰদানৰ লগতে সাংবাদিক সকলক এককালীন আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাবলৈ চৰকাৰক দাবী জনায়। কাৰ্যসূচীত নৃত্যশিল্পী প্ৰশিক্ষক বলীন মহন্ত,শিশু শিল্পী মুগ্ধা বৰচেতিয়া আৰু মান্যতা বৰচেতিয়া নৃত্য প্ৰদশন কৰাৰ লগতে কফ'কান ছিটৰিঅ' কাৰাটে ক্লাৱৰ প্ৰশিক্ষকসহ ছাত্ৰ- ছাত্ৰী,পেঙেৰী আৰু বৰডুমচা শতদল শাখা সাহিত্যসভা  বিষয়ববীয়া লগতে আপকু'ৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য-সদস্যা সকল উপস্থিত থাকে।