Logo
image

৭ কোটি অতিক্ৰম কৰিলে ‘ৰৈ ৰৈ বিনালে’ৰ আয়ে

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৪ নৱেম্বৰঃ অসমীয়া ছবি উদ্যোগলৈ এটি নতুন লহৰ আনিছে ‘ৰৈ ৰৈ বিনালে’ ছবিখনে৷ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত শেষৰখন ছবি চাবলৈ দৰ্শক, অনুৰাগীৰ উচাহ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ শেষ য’ত হয় তাৰ পৰাই আৰম্ভণি কৰা অসমৰ প্ৰাণৰ শিল্পী  জুবিন গাৰ্গৰ অভিনয়ে সকলোকে মুগ্ধ কৰে৷  জুবিন গাৰ্গে বিচাৰিছিল অসমীয়া ছবিয়ে হলিউডকো ফেৰ মাৰি নিজৰ জয়যাত্ৰা অব্যাহত ৰাখক৷ সপোন দেখি ভালপোৱা আৰু সপোন সাকাৰ কৰিবলৈ জুবিন গাৰ্গে কৰিছিল কঠোৰ শ্ৰম৷ বহু সপোন তেওঁ বুকুত বান্ধি লৈ ফুৰিছিল৷ অসমীয়া ছবি উদ্যোগটো জীৱনমুখী কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল৷ তেওঁ প্ৰতিখন বিহু, সাংস্কৃতিক মঞ্চৰ জৰিয়তে ৰাইজক অসমীয়া ছবি চাবলৈ উৎসাহিত কৰিছিল৷ মহানায়ক জুবিন গাৰ্গে বন্ধ ছবিগৃহৰ দুৱাৰ মুকলি কৰিবলৈ, নতুন নতুন ছবি গৃহ নিৰ্মাণ কৰিবলৈ ৰজা ঘৰকো আহ্বান জনাইছিল৷ জীৱনৰ গান, মানৱতাৰ গান গোৱা বিশাল মনৰ অধিকাৰী জুবিন গাৰ্গৰ সপোনবোৰো আছিল সাগৰৰ দৰে বিশাল৷  তেওঁৰ সপোনৰ প্ৰকল্প আছিল ‘ৰৈ ৰৈ বিনালে’৷ জনকণ্ঠ জুবিন গাৰ্গৰ অতি জনপ্ৰিয় আৰু অমৰ সৃষ্টি ‘ৰৈ ৰৈ বিনালে’ শীৰ্ষক গীতটোক ছবিলৈ ৰূপান্তৰ কৰিলে৷ এটা গীতক ছবিৰ ৰূপ দিবলৈ যাওঁতে যথেষ্ট শ্ৰম কৰিবলগীয়া হৈছিল জুবিন গাৰ্গে৷ অসমৰ প্ৰথমখন মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’৷ চলিত বৰ্ষটোৰ ২১ নম্বৰ অসমীয়া ছবিখন হৈছে ‘ৰৈ ৰৈ বিনালে’৷  ‘ৰৈ ৰৈ বিনালে’ কেৱল এখন অসমীয়া ছবি নহয়, ‘ৰৈ ৰৈ বিনালে’ হৈছে অসম আৰু অসমীয়াৰ আবেগ৷ জুবিন যুগৰ, জুবিন সময়ৰ ইতিহাস৷ সম্প্ৰীতি ছবিখনৰ প্ৰায় ৮০০ স্ক্ৰিণীং হৈ আছে৷ ১৫ নম্বেৰৰ পৰা বিদেশটো জুবিনৰ জোৱাৰ উঠিব৷  কাৰণ বিদেশতো মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে’৷ ছবিখনে ৩১ অক্টোবৰৰ মুক্তিৰ দিনাৰ পৰা এতিয়ালৈ  ৭ কোটি টকাৰ আয় অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু মুক্তি লাভ কৰা প্ৰতিটো ছবিগৃহ হাউছ ফুল হৈ আছে৷ এতিয়া আগন্তক তিনিমাহলৈ নতুন অসমীয়া ছবিৰ মুক্তিৰ কোনো সম্ভৱনা কোনো নাই৷ জুবিন গাৰ্গৰ ১৯ বছৰ আগৰ এটা কাহিনীক আৰু এটি জনপ্ৰিয় গীত ‘ৰৈ ৰৈ বিনালে’ক ছবিৰ ৰূপ দি গ’ল অসমীয়াৰ প্ৰাণৰ শিল্পীজনে৷ ২০২৪ চনৰ ১৮ নৱেম্বৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটোত ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ নাম ঘোষণা কৰা হৈছিল আৰু ২০২৫ চনৰ জানুৱাৰী মাহত ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হৈছিল৷ 


মাৰ্চৰ ভিতৰত ছবিৰ কাম সমাপ্ত হয়৷ মঙলবাৰে সন্ধিয়া ‘ৰৈ ৰৈ বিনালে’ ৰ শেষৰটো গীত’ ‘চকুলোৰে ৰৈ ৰৈ’ মুকলি কৰা হয়৷ এই গীতটোত কণ্ঠ দিছে জুবিন গাৰ্গ আৰু আচুৰ্য বৰপাত্ৰই৷ জীল ক্ৰিয়েচনৰ ইউটিউব চেনেলত উপলব্ধ হোৱা গীতটো মুক্তিৰ লগে লগে জুবিন অনুৰাগীসকলে আদৰি লৈছে৷ উল্লেখ্য,  জুবিন গাৰ্গে অসমৰ প্ৰতিটো ঘৰলৈ যাব পৰালৈ এখন চিঠি লিখি গৈছিল৷ য’ ত তেওঁ লিখিছিল ‘ৰৈ ৰৈ বিনালে’ মোৰ নতুন চিনেমা.. চাবলৈ আহিবা৷ ‘মৰম’ জুবিন দা...৷’ জুবিন গাৰ্গক অকালতে হেৰুৱা অনুৰাগী, গুণমুগ্ধসকলে চিঠিখন হাতত লৈ আৰু ছবিখন চাই কেৱল চকুপানী টুকি ছবি গৃহৰ পৰা ওলাই আহিছে৷ মঙলবাৰৰ দিনটোতো সেই দৃশ্য প্ৰতিটো ছবি গৃহত দেখিবলৈ পোৱা গৈছে৷ সোম বাৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু অসমীয়া সমাজৰ সৈতে যুগজয়ী শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ চোৱাৰ লগতে মহান শিল্পীজনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইফালে ছবিখনৰ পাইৰেছী কৰা সকললৈ আজিও টীম ‘ৰৈ ৰৈ বিনালে’ৰ তৰফৰ পৰা এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ প্ৰতিজন দৰ্শকক বিনম্ৰ অনুৰোধ জনাইছে৷ ‘টীম ৰৈ ৰৈ বিনালে’ ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমৰ জৰিয়তে কৈছিল যে- আমি সকলোৱে জানো, আপোনালোৰ্ক আটাইৰে বাবে এয়া আৱেগৰ সময়৷ জুবিন গাৰ্গৰ অভিনয়, গীত, তেওঁৰ উপস্থিতিক ৰূপালী পৰ্দাৰ জৰিয়তে অনুভৱ কৰি আপোনালোকো ভাঙি পৰিব, তেওঁৰ অভিনয় মোবাইলতেই ধৰি ৰাখিবলৈ বিচাৰিব৷ কিন্তু আপোনালোকলৈ আহ্বান জনাইছোঁ, জুবিন গাৰ্গৰ সপোন হৈছে ‘ৰৈ ৰৈ বিনালে৷’ সেই সপোন সাকাৰ কৰাৰ দিশত আপোনালোক অংশীদাৰ হওক, সামাজিক মাধ্যমত চিনেমাখনৰ ক্লিপ আপলোড কৰি ‘পাইৰেছী’ নকৰিব৷ মনত ৰাখিব, জুবিন গাৰ্গেও ‘পাইৰেছী’ৰ বিৰোধিতা কৰিছিল৷ এগৰাকী অনুৰাগী হিচাবে আহক আমি তেওঁক হৃদয়তে সজীৱ কৰি ৰাখোঁ৷ ‘উল্লেখ্য, অসমৰ বাবে থকা দায়বদ্ধতাৰ বাবে বলীউডক এৰি অহা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ছবিখনৰ প্ৰতি অনুৰাগী, দৰ্শক সকলে উচিত সন্মান জনাই পাইৰেছী কৰাৰ পৰা বিৰত থাকিলে হৈ প্ৰাণৰ শিল্পীজনৰ প্ৰতি উচিত শ্ৰদ্ধা জনোৱা হ’ব৷