Logo
image

বিদেশলৈ ‘ৰৈ ৰৈ বিনালে’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৮ নৱেম্বৰঃ  অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ বিদেশযাত্ৰা ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ এতিয়া বিদেশত থকা প্ৰবাসী অসমীয়াই জুবিন গাৰ্গৰ সদ্য মুক্তিপ্ৰাপ্ত ছবিখনৰ আন্তৰ্জাতিক প্ৰদৰ্শনী উপভোগ কৰিবলৈ সাজু হৈছে৷ জনকণ্ঠ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দুখৰ মাজতে ছবিখন উপভোগৰ বাবে সাজু হৈছে সাত সাগৰ তেৰ নদীৰ সিপাৰত বাস কৰা প্ৰৱাসী অসমীয়াসকল৷ ইতিমধ্যে, ৩১ অক্টোবৰত ভাৰতৰ সকলো প্ৰান্ততে মুক্তি লাভ কৰা জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবিয়ে সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে৷ ছবিখন ১৫ নৱেম্বৰত কানাডাৰ টৰ’ণ্টৰ লগতে আমেৰিকাৰ নৰ্থ কেৰ’লাইনাত প্ৰদৰ্শন কৰা হ’ব৷ ১৬ নৱেম্বৰত ইলিনয়ৰ ছিকাগ’, মিছিগানৰ ডেট্ৰইট, জৰ্জিয়াৰ আটলাণ্টা, টেক্‌চাছৰ অ’ষ্টিন আৰু ডালাছত প্ৰদৰ্শিত হ’ব ছবিখন৷ ৭ ডিচেম্বৰত নিউ-জাৰ্চি আৰু ব’ষ্টনত ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে৷ ৯ ডিচেম্বৰত ছান ফ্ৰান্সিছক’ৰ বে এৰিয়াত ‘ৰৈ ৰৈ বিনালে’ চাবৰ বাবে সাজু হৈছে প্ৰৱাসী অসমীয়াসকল৷ ছিয়াটলত ১৩ আৰু ১৪ ডিচেম্বৰত ছবিখন প্ৰদৰ্শন কৰাৰ বিষয়ে আলোচনা কৰা হৈছে যদিও এতিয়ালৈ চূড়ান্ত হোৱা নাই৷ লছ এঞ্জেলছতো ডিচেম্বৰ নতুবা জানুৱাৰী মাহত চিনেমাখন প্ৰদৰ্শন কৰাৰ বাবে চেষ্টা চলোৱা হৈছে৷ উল্লেখ্য, বিদেশত অসমীয়া ছবি প্ৰদৰ্শনৰ বাবে ছবিখনে মুক্তি লাভ কৰাৰ পাছত তিনি মাহৰ পৰা ছয় মাহ সময় অপেক্ষা কৰিবলগীয়া হয়৷ ছবিৰ মুক্তিৰ ১৫ দিনৰ ভিতৰত আমেৰিকাতো মুক্তি পাবলগীয়া ‘‘ৰৈ ৰৈ বিনালে’ প্ৰথমখন অসমীয়া ছবি৷ ইয়াৰ আৰঁত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ লগতে প্ৰযোজক শ্যামন্তক গৌতম আৰু গৰিমা শইকীয়া গাৰ্গৰ উপৰি সমগ্ৰ দলটোৰ কষ্ট জড়িত হৈ আছে৷ এতিয়া অপেক্ষা মাথোঁ ১৫ নৱেম্বৰলৈ৷ অধীৰ আগ্ৰহেৰে ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সকলো প্ৰৱাসী অসমীয়া সাজু হৈ আছে৷


‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে গণেশ টকীজৰ বন্ধ দুৱাৰ মুকলি

‘আমাৰ অসম’ৰ জাগীৰোডৰ বিশেষ প্ৰতিবেদকঃ  জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনীৰে মুখৰ জাগীৰোডৰ গণেশ ট’কিজ চিনেমা হল৷ টিকটৰ বাবে শাৰী পাতি দৰ্শকে জুৰিলে মায়াবিনী ৰাতিৰ বুকুত৷ জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন দাৰ মৃত্যুৰ ন্যায় লাগে আদি ধবনিৰে মুখৰ চিনেমা হলৰ চৌহদ৷ উল্লেখ্য, মুক্তিৰ এসপ্তাহৰ পিছত আজিৰে পৰা জাগীৰোডত চলিল জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’৷ বিগত ৬ বছৰে বন্ধ হৈ থকা জাগীৰোডৰ ছবিগৃহটো পুনৰ মুকলি কৰা হ’ল ‘ৰৈ ৰৈ বিনালে’ প্ৰদৰ্শনীৰ বাবে৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আশা আছিল জাগীৰোডৰ চিনেমাগৃহটো মুকলি কৰাৰ৷ আজি শিল্পীজনৰ ইচ্ছাই বাস্তৱ ৰূপ পাবলৈ সক্ষম হয়৷ জুবিন অনুৰাগীসকলে এই বিষয়লৈ যথেষ্ট সমৰ্থন আগবঢ়াইছিল৷ জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে খুলিলে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহৰ দুৱাৰ৷ জাগীৰোডৰ গণেশ ট’কিজে পুনৰ প্ৰাণ পায় উঠিল জুবিন গাৰ্গৰ অন্তিমখন ছবিৰে৷ ১৯৮৫ চনতে স্থাপন হোৱা হলটো প্ৰায় ৬ বছৰ বন্ধ হৈ থকা জাগীৰোডৰ মাজমজিয়াত থকা ছবিগৃহটো পুনৰ মুকলি হোৱাত এতিয়া উৎফুল্ল জাগীৰোডবাসী৷ ‘জুবিন গাৰ্গ ফেন ক্লাব’ আৰু জাগীৰোডবাসীৰ প্ৰচেষ্টাত ছবিগৃহ কতৃৰ্পক্ষই লোৱা এই সিদ্ধান্তই এতিয়া হাঁহি বিৰিঙাইছে চলচ্চিত্ৰপ্ৰেমীৰ মাজত৷  উল্লেখ্য, জাগীৰোডৰ এক অনুষ্ঠানত জুবিন গাৰ্গে ব্যক্ত কৰিছিল ছবিগৃহটো পুনৰ মুকলিৰ কথা৷ সেই সপোনেই যেন এতিয়া বাস্তবায়িত হ’বলৈ পালে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ অন্তিমখন ছবিৰে৷ ৩১ অক্টোবৰত মুক্তি লাভ কৰা প্ৰাণৰ শিল্পীজনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ যোগেৰেই দৰ্শকৰ বাবে পুনৰ মুকলি কৰা হ’ল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা জাগীৰোডৰ গণেশ ট’কিজ৷ এতিয়া লক্ষ লক্ষ অনুৰাগীৰ এটাই অপেক্ষা কিদৰে চিনেমাৰ যোগেৰে জীৱন্ত ৰূপত আকৌ এবাৰ চাব পাৰে প্ৰাণৰ শিল্পীজনক৷