Logo
image

শিক্ষকৰ ১,২৭১টা পদত নোলাল যোগ্য প্ৰাৰ্থী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ নৱেম্বৰঃ ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ ৫,৫৫০টা পদৰ চূড়ান্ত ফলাফল ঘোষণা হ’ল যদিও ১,২৭১টা শিক্ষক পদৰ বাবে নোলাল কোনো যোগ্য প্ৰাৰ্থী৷ শুকুৰবাৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৫,৫৫০টা নিম্ন প্ৰাথমিক আৰু উচ্ছ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বিজ্ঞাপনৰ ভিত্তিত চূড়ান্ত নিযুক্তি তালিকা প্ৰকাশ কৰে৷ ২০২৩ চনৰ ২৬ ডিচেম্বৰতে প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত সুদীৰ্ঘ দুবছৰৰ পাছত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিম্ন প্ৰাথমিক ৩,৮০০টা পদ  আৰু উচ্চ প্ৰাথমিক ১,৭৫০টা শিক্ষক পদৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰে শিক্ষা বিভাগে৷ অৱশ্যে, এই ৫,৫৫০টা  প্ৰাথমিক শিক্ষক পদৰ বিপৰীতে ৪,২৭৯টা জন প্ৰাৰ্থীকহে নিযুক্তিৰ বাবে বাছনি কৰে শিক্ষা বিভাগে৷ অৰ্থাৎ নিম্ন প্ৰাথমিকৰ ৩,৮০০টা শিক্ষক পদৰ বিপৰীতে যোগ্য বিবেচিত হয় ২,৯৮০ জন চাকৰি প্ৰত্যাশী৷


আনহাতে ১,৭৮০টা উচ্চ প্ৰাথমিক শিক্ষক পদৰ বিপৰীতে বাছনিত উঠে ১,২৯৯জন প্ৰাৰ্থী৷ এক কথাত নিম্ন প্ৰাথমিকত ৮২০টা পদ আৰু উচ্চ প্ৰাথমিকত ৪৫১টা পদসহ মুঠ ১,২৭১টা শিক্ষক পদ যোগ্য প্ৰাৰ্থীৰ অভাৱত খালী হৈ থাকে৷ যি সময়ত ৰাজ্যত ৩৬ লাখ পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি হাহাকাৰ কৰি আছে, ঠিক তেনে সময়ত ১,২৭১টা প্ৰাথমিক শিক্ষক পদৰ বাবে যোগ্য প্ৰাৰ্থী নোলোৱাটো সঁচাকৈয়ে চৰ্চাৰ বিষয় হৈ পৰিছে৷ অৱশ্যে, শিক্ষা বিভাগে উপযুক্ত অৰ্হতাৰ অভাৱত খালী হৈ ৰোৱা এই ১,২৭১টা পদ পদৰ অধিকাংশই পাহাৰীয়া জনজাতি আৰু দিব্যাগংৰ বাবে সংৰক্ষিত পদ বুলি জানিবলৈ দিছে৷ ইফালে শিক্ষা বিভাগে প্ৰাথমিক শিক্ষকৰ বাবে বাছনি কৰা ৪,২৭৯জন প্ৰাৰ্থীক কাইলৈ অৰ্থাৎ দেওবাৰে নিযুক্তি পত্ৰ বিতৰণ কৰিব৷ খানাপাৰাত প্ৰাৰ্থীসকলৰ হাতত নিযুক্তি পত্ৰ তুলি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে উচ্চ আৰু উচ্ছতৰ মাধ্যমিকৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক ৭,৮৫০জন প্ৰাৰ্থীক ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ বিতৰণ কৰিব৷ ইয়াৰে স্নাতক শিক্ষক পদৰ বাবে ৬,৫৭১জন প্ৰাৰ্থী আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে ১,২৭৯ জন প্ৰাৰ্থীক বাছনি কৰিছে৷