‘সাহিত্যৰ মহাকুম্ভ’ত জুবিনলৈ শ্ৰদ্ধাঞ্জলি
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ নৱেম্বৰঃ বলীউডত কেইবাবছৰো থাকি, নিজৰ ক্ষমতাৰ সকলোকে উমান দি প্ৰায় স্থায়ীভাৱে ঘৰৰ ‘ৰজা’ ঘৰলৈ উভতি অহা জুবিন গাৰ্গ তেওঁৰ অকাল বিদায়ৰ পাছত ‘নেচনেল আইকন’৷ ৰজাই নিজৰ ‘কিংডম’ এৰিব নালাগে বুলি জুবিন গাৰ্গে ধেমেলীয়া সুৰত কেতিয়াবাই কৈছিল৷ আক্ষৰিক অৰ্থতে নিজৰ ‘কিংডম’ত ৰাজত্ব কৰিছিল জুবিন গাৰ্গে৷ পিছে এতিয়া মৃত্যুৰ পাছত তেওঁৰ ‘কিংডম’ৰ পৰিধি ৩৮,৪৩৮ বৰ্গ কিলোমিটাৰৰ অসমতে সীমাৱদ্ধ হৈ থকা নাই৷ সেয়া ভাৰতৰ ৩,২৮৭,২৬৩ বৰ্গকিলোমিটাৰৰ পৰিধি অতিক্ৰম কৰি বিশ্বৰ চুকে-কোনে বিস্তৃত হৈ পৰিছে৷ দেশৰ বাঘা বাঘা চেলেব্ৰিটীয়ে বুজিছে–জুবিন গাৰ্গ কি?
জুবিন গাৰ্গৰ সেই মাহাত্ম্য বুজি পোৱা দেশৰ বহু সংগঠনৰ দৰে এইবাৰ জুবিন গাৰ্গক ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰাট সন্মান দিবলৈ প্ৰস্তুত হৈছে দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী আজতক৷ ‘সাহিত্য আজতক-২০২৫’ নামৰ এটা বৃহৎ সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানত এটা দিন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত লৈছে আয়োজকে৷ অহা ২১, ২২, ২৩ নৱেম্বৰত নতুন দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘লিটাৰেৰী মহাকুম্ভ’ বা সাহিত্যৰ মহাকুম্ভ শীৰ্ষক অনুষ্ঠান৷ এই সাহিত্যৰ মহাকুম্ভত ২২ নৱেম্বৰৰ দুপৰীয়াৰ সমগ্ৰ অনুষ্ঠান আজতকে জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে৷ দুপৰীয়া ৰ বজাৰ পৰা ৰ নম্বৰ মঞ্চত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ নাম ৰখা হৈছে ‘শ্ৰদ্ধাঞ্জলি’৷ দিনৰ ৰ১ বজাৰ পৰা জুবিন গাৰ্গৰ সোঁৱৰণত হ’বলগীয়া সেই ‘শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক অনুষ্ঠান সন্ধিয়া ৬ বজালৈকে অব্যাহত থাকিব৷ ‘শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ‘ইণ্ডিয়া টুডে গ্ৰুপ’ৰ অধ্যক্ষ ক’লী পুৰীয়ে৷ অনুষ্ঠানৰ মংগলাৰম্ভ কৰিব দেশৰ নমস্য গজল গায়ক অনুপ জলোটাই৷ গীতিকাৰ-কবি প্ৰসূন যোশীয়ে কবিতা আবৃত্তি কৰিব, কাহিনী শুনাব৷ আল্ট্ৰামাছ ফৰীডীয়ে ‘তেৰে ৱাস্তে’ শীৰ্ষক এক সাংগীতিক প্ৰদৰ্শন আগবঢ়াব৷ ৰাজ্যসভাৰ সদস্য তথা শ্বায়ৰ ইমৰান প্ৰতাপগঢ়ীয়ে শ্বায়েৰী আৰু ছিয়াসত গাব৷ প্ৰখ্যাত গায়ক বাদশ্বাহে পৰিৱেশন কৰিব সংগীত৷ দেৱী চিত্ৰলখীয়ে ধৰ্মকথা-প্ৰবচন কৰাৰ অন্তত গায়ক-গায়িকা বিশাল ভৰদ্বাজ-ৰেখা ভৰদ্বাজে ‘নমক ইস্ক কা...’ শীৰ্ষক সংগীতানুষ্ঠান উপহাৰ দিব৷
আয়োজকে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানলৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকো নিমন্ত্ৰণ জনোৱা হ’ব৷ গৰিমা গাৰ্গ সাহিত্যৰ মহাকুম্ভ অনুষ্ঠানত উপস্থিত থাকিব বুলি ইতিমধ্যে মিডিয়াত ব্যাপক প্ৰচাৰ হৈছে৷ অৱশ্যে তেওঁৰ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এতিয়াও আয়োজকে গৰিমা গাৰ্গৰ সৈতে যোগাযোগ কৰিব পৰা নাই৷ গৰিমা গাৰ্গ সম্প্ৰতি হেলথ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে৷ হয়তো সেয়ে আয়োজকে তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই৷ অৱশ্যে মানসিক আঘাতত ভাগি পৰা গৰিমা গাৰ্গে তেতিয়ালৈ হাস্পতালৰ পৰা ‘ৰিলিজ’ পালেও দিল্লীত গৈ তেনে অনুষ্ঠানত ভাগ ল’ব পৰাকৈ মানসিকভাৱে প্ৰস্তুত হৈ উঠিবনে নাই, সেয়া এতিয়াও অনিশ্চিত৷
আজতকে প্ৰকাশ কৰা অনুসৰি ‘শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতি গীতেৰে বিশেষভাৱে শ্ৰদ্ধা জনাব অসমৰ আন এক ৰত্ন, দেশে-বিদেশে খ্যাতি অৰ্জন কৰা শিল্পী পাপনে, তেওঁৰ গীতেৰে৷ মুঠতে ৪০টা মান ভাষা তথা দোৱানত ৪০ সহস্ৰাধিক গীত গোৱা, কেইবা সহস্ৰ গীত ৰচনা কৰা, সুৰাৰোপিত কৰা, বহুকেইখন ছবি নিৰ্মাণ কৰা, বহু ছবিৰ সংগীত পৰিচালনা কৰা জুবিন গাৰ্গৰ শিল্পী আৰু বিপ্লবী জীৱনটোৰ মূল্যায়ন এতিয়া সমগ্ৰ দেশতে ব্যাপক হাৰত হৈছে৷ জীয়াই থকা হ’লে নিজৰ ‘কিংডম’ৰ বিস্তৃতি দেখি জুবিন গাৰ্গ তৃপ্ত হ’লহেঁতেন৷ এতিয়া তেওঁৰ এনে মূল্যায়ন শতকোটি অনুৰাগীৰ বাবে বিষাদভৰা তৃপ্তি৷






