Logo
image

সত্ৰাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ শ্ৰাদ্ধ-কৰ্মাদি সম্পন্ন: 'শ্ৰদ্ধাৰ্ঘ আৰু সোঁৱৰণ' উন্মোচন

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী, পণ্ডিত-সাহিত্যিক মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ বৃহস্পতিবাৰে মাহেকীয়া শ্ৰাদ্ধ-কৰ্মাদিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখনি স্মৃতিচাৰণ সভা। সত্ৰৰ চৌহদত অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: ডম্বৰুধৰ নাথে। মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড' আনন্দ হাজৰিকাই আঁত ধৰা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। সভাত নাৰায়ণ চন্দ্র গোস্বামীৰ স্মৃতিচাৰণ কৰি ক্ৰমে ভব গোস্বামী, ড' দেবজিৎ শইকীয়া আৰু বদন দোলাকাষৰীয়াই প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ কৰ্ম-আদৰ্শক আলোকপাত কৰে। সভাত "সত্ৰাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামী, শ্ৰদ্ধাৰ্ঘ আৰু সোঁৱৰণ" নামা কৰণেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে মাজুলী জিলাৰ মুখ্যমন্ত্রীৰ প্ৰতিনিধি বিমল বৰা আৰু মুখ্যমন্ত্রী কাৰ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ড'প্ৰকাশ কাশ্যপে। শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ মুখ্য সম্পাদনা আৰু আমাৰ অসম কাকতৰ ৰবীন ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা আলোকচিত্ৰ সহ ৩৭২ পৃষ্ঠাৰ স্মৃতি গ্ৰন্থখনিত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ গুণী-জ্ঞানী লোকে বহু মূল্যবান লেখা উপস্থাপন কৰিছে। কাৰ্যসূচীত নাৰায়ণ চন্দ্র গোস্বামীৰ জীৱনৰ শেষ ওপৰত ভিত্তি কৰি"মাটি-চাকি" নামেৰে বৰপেটা সত্ৰৰ বৈষ্ণব দেবজিৎ ডেকাই নিৰ্মাণ কৰা এখনি আলেখ্য উপস্থিত ৰাইজক প্ৰদৰ্শন কৰাই। কাৰ্যসূচীৰ অংশ হিচাপে দুপৰীয়া সত্ৰৰ নামঘৰত এখনি অংকীয়া ভাওনা পৰিবেশন কৰে।