Logo
image

বিধানসভাত ‘নেলীৰ ভূত’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ নৱেম্বৰঃ  ৪০ বছৰৰ পাছত পুনৰ বিধানসভাত দাখিল হ’ব নেলী কাণ্ড সম্পৰ্কীয় প্ৰতিবেদন৷ ১৯৮৩ চনৰ অশান্তিৰ ঘটনাক লৈ ত্ৰিভূৱন প্ৰসাদ তিৱাৰীয়ে প্ৰস্তুত কৰা প্ৰতিবেদন কাইলৈ বিধানসভাত পুনৰ দাখিল কৰা হ’ব৷ মুখ্যমন্ত্ৰী শৰ্মাই ইতিমধ্যে সদৰি কৰিছে এই কথা৷ দেওবাৰে অসম কেবিনেটৰ বৈঠকত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল সন্দৰ্ভত সিদ্ধান্ত  গ্ৰহণ কৰা হয়৷ উল্লেখ্য, ১৯৮৩ চনৰ ১৪ জুলাইত অসম চৰকাৰে ১৯৮৩ চনত ঘটা নিৰ্বাচনী হিংসাৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰিছিল এখন আয়োগ৷ এই আয়োগখনৰ দায়িত্ব দিয়া হৈছিল প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া ত্ৰিভূৱন প্ৰসাদ তিৱাৰীৰ ওপৰত৷ ১৯৮৪ চনৰ মে’ মাহত আয়োগে প্ৰতিবেদন দাখিল কৰিছিল৷ আয়োগে মুখ্যতঃ সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদক দোষী সাব্যস্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল৷ উক্ত প্ৰতিবেদন ১৯৮৭ চনৰ ৩১ মাৰ্চত অনুষ্ঠিত বিধানসভাত অধিৱেশনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উত্থাপন কৰিছিল৷ লক্ষণীয় যে তিৱাৰী আয়োগৰ প্ৰতিবেদনত নাই কোনো স্বাক্ষৰ৷ আয়োগৰ অধ্যক্ষ ত্ৰিভূৱন প্ৰসাদ তিৱাৰী বাদেই আন কোনো সদস্যৰো স্বাক্ষৰ নাই প্ৰতিবেদনখনত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদ মেলত উল্লেখ কৰিছে যে প্ৰফুল্ল মহন্তৰ কাৰ্যকালত তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত উত্থাপন কৰা হৈছিল যদিও কোনো সদস্যক প্ৰতিবেদনৰ কপী দিয়া হোৱা নাছিল৷ কিন্তু প্ৰাক্তন বিধায়ক হেমেন দাসে ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে যে প্ৰতিবেদন সকলো সদস্যক দিয়া হৈছিল৷ তেওঁ নিজেও পাইছিল প্ৰতিবেদনৰ প্ৰতিলিপি৷ বিধানসভাৰ এক সূত্ৰ মতে ৪০ বছৰ পূৰ্বে তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল হৈছিল বিধানসভাৰ ৰীতি অনুসৰি৷ সেই সময়ত লিঠু কৰি প্ৰতিবেদনৰ প্ৰতিলিপি বিতৰণ কৰা হৈছিল৷ বিধানসভাৰ অধ্যক্ষই যাৰ যাৰ প্ৰয়োজন প্ৰতিবেদনৰ প্ৰতিলিপি কৰি ল’বলৈ কৈছিল৷ ২০২৬ চনৰ নিৰ্বাচনৰ বাবে হয়তো নেলী কাণ্ডক ৰাজনীতিৰ বিষয় কৰাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে৷ নেলী কাণ্ডক সাম্প্ৰদায়িক ৰং সানি পুনৰ ২০২৬ অত দিছপুৰ দখল কৰাৰ সপোন ৰচিছে বিজেপি দলে৷ অৰ্থাৎ বিধানসভাত যে ৪০ বছৰ পাছত নেলীৰ ‘ভূত’ক লৈ চৰ্চা হ’ব সেই কথা নিশ্চিত৷ ইতিমধ্যেই অসম চৰকাৰে বিধানসভাৰ মজিয়াত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল তথা আলোচনা হ’ব বুলি প্ৰকাশ কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাই বিধানসভাত মেহতা আয়োগৰ প্ৰতিবেদনো দাখিল কৰিবলৈ আহ৩ান জনায়৷ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মেহতা আয়োগৰ প্ৰতিবেদনো দাখিল কৰাৰ সিদ্ধান্ত লয়৷ ইতিমধ্যে চৰকাৰে তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন কাইলৈ অৰ্থাৎ বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভণিৰ দিনটোতে উত্থাপন কৰাৰ বাবে সিদ্ধান্ত কৰিছে৷ যদি কোনো কাৰণত বিধানসভাৰ অধিৱেশন স্থগিত ৰখা হয় হয়তো উক্ত প্ৰতিবেদন পৰৱৰ্তী দিনত উত্থাপন কৰা হ’ব৷ উল্লেখ্য, বিৰোধী শিবিৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক লৈ বিধানসভাত সভা স্থগিত প্ৰস্তাৱ আনিব পাৰে৷ এই বিষয়ক লৈ যদি সদনত অচলাবস্থাৰ সৃষ্টি হয় তেনে পৰিস্থিতিত হয়তো বিধানসভা স্থগিত ৰখা হ’ব পাৰে৷ তেতিয়া বিধানসভাৰ পৰৱৰ্তী দিনত উত্থাপন হ’ব তিৱাৰী আয়োগ আৰু মেহতা আয়োগৰ প্ৰতিবেদনক৷ তিৱাৰী আয়োগ আৰু মেহতা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা প্ৰসংগত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়–১৯৮৩ চনত সাংবিধানিক বাধ্যবাধকতাৰ দোহাই দি অসমত নিৰ্বাচন জাপি দিয়া হ’ল৷


বিদেশীৰ নাম থকা অশুদ্ধ ভোটাৰ তালিকাৰে অনুষ্ঠিত কৰিব খোজা সেই নিৰ্বাচনক অসমৰ ৰাইজে অবৈধ আখ্যা দিলে; নিৰ্বাচন বৰ্জন কৰিলে৷ বহু স্থানত ভোট গ্ৰহণ কেন্দ্ৰত এটাও ভোট নপৰিল৷ অবৈধভাৱে জাপি দিয়া সেই নিৰ্বাচনে ৰাজ্যখন অশান্ত কৰিলে৷ সংঘাতময় পৰিৱেশৰ সৃষ্টি হ’ল৷ হত্যা-হিংসাৰ পৰিৱেশৰ সূচনা হ’ল৷ ১৯৮৩ চনৰ অনাকাংক্ষিত ঘটনাৰাজিৰ সন্দৰ্ভত তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰি দিয়ে Commission of Enquiry on Assam Disturbances, ১৯৮৩; চমুকৈ ‘তিৱাৰী আয়োগ’৷ অধ্যক্ষ ত্ৰিভুৱন প্ৰসাদ তিৱাৰী৷ এই আয়োগে প্ৰতিবেদন দাখিল কৰে ১৯৮৪ চনত৷ অবৈধ নিৰ্বাচনত এটাৰ অন্তত চৰকাৰে গঠন কৰা আয়োগ৷ অৱধাৰিতভাৱে আন্দোলনকাৰী পক্ষৰ সাক্ষ্যই মান আৰু স্থান দুয়োটাই নাপালে তিৱাৰী আয়োগৰ প্ৰতিবেদনত৷ একে সময়তে, অসম ৰাজ্যিক মুক্তি-যুঁজাৰু সন্মিলনে গঠন কৰি দিলে ‘১৯৮৩ চনৰ অসমৰ নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী মেহতা ন্যায়িক তদন্ত আয়োগ’, চমুকৈ ‘মেহতা আয়োগ’৷ অধ্যক্ষ টি. ইউ. মেহতা, প্ৰাক্তন মুখ্য ন্যায়াধীশ, হিমাচল প্ৰদেশ৷ আয়োগৰ সচিব আছিল আৰ. এন. নবিশ৷ আয়োগৰ সদস্য আছিল দুজন অৱসৰপ্ৰাপ্ত আই. এ. এছ. বিষয়া ক্ৰমে জি.চি. ফুকন আৰু ৰাইহান শ্বাহ৷ মেহতা আয়োগৰ প্ৰতিবেদনত আন্দোলনকাৰী পক্ষ, ৰাইজৰ ভাষ্য লিপিবদ্ধ হৈছে৷ চৰকাৰৰ ভূমিকাৰো পৰ্যালোচনা হৈছে৷ তিৱাৰী আয়োগৰ প্ৰতিবেদন ১৯৮৭ চনতে বিধান সভাত উত্থাপন কৰা হ’ল৷ কিন্তু প্ৰতিলিপি বোধহয় ভগোৱা নহ’ল৷ মেহতা আয়োগৰ প্ৰতিবেদন ১৯৮৫ চনৰ অক্টোবৰ মাহত প্ৰকাশ হ’ল৷ সেই সময়ত প্ৰতিবেদনখন উপলব্ধ আছিল যদিও এতিয়া দুৰ্লভ; যিহেতু যোৱা চাৰিটা দশকত পুনৰ মুদ্ৰণ হোৱা নাই৷ আছুৰ হাতত ১৯৮৫ চনতে প্ৰকাশ পোৱা প্ৰতিবেদনৰ প্ৰতিলিপি মজুত আছে৷ অসম চৰকাৰে এতিয়া তিৱাৰী আয়োগৰ প্ৰতিবেদনখন বিধানসভাত পুনৰ উত্থাপন কৰি প্ৰতিলিপি ৰাজহুৱা কৰিব বিচাৰিছে৷ আয়োগ গঠন হৈছিল, আয়োগে প্ৰতিবেদন দিছিল; গতিকে তাত কি লিখা আছে ৰাইজক জনোৱাত আপত্তি নাই৷ বৰঞ্চ ৪২ বছৰে ৰাইজক অন্ধকাৰত ৰখাটোহে উচিত হোৱা নাই৷ কিন্তু এই প্ৰতিবেদন প্ৰকাশৰ লগে লগে ১৯৮৩ চনৰ পৰিস্থিতি পুনৰ আলোচনাৰ মাজলৈ আহিব পাৰে; যুক্তি-প্ৰতিযুক্তিৰ উজান উঠিব পাৰে৷ আলোচনা যিহেতু হ’বই আলোচনা নিৰপেক্ষ হোৱা উচিত৷ কেৱল চৰকাৰী পক্ষৰ কথাবোৰেই নাপাতি আন্দোলনকাৰী ৰাইজৰ মনৰ কথাখিনিয়েও আলোচনাত ঠাই পোৱা উচিত৷ সেয়েহে তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ সমান্তৰালকৈ মেহতা আয়োগৰ প্ৰতিবেদনখনো বিধান সভাত উত্থাপন কৰাটো আছুৱে বিচাৰিছোঁ৷