Logo
image

হাগ্ৰামাৰ দপ্‌দপনি চলিছে, এমাহতে অপসাৰণ কৰা হ’ল কোক্‌ৰাঝাৰৰ এছপিক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ নৱেম্বৰঃ  ক্ষমতালৈ আহিয়ে নিজৰ পূৰ্বৰ ৰূপলৈ যেন উভতি আহিছে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী৷ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যজনৰ মুকলি আশীৰ্বাদতে শ্ৰীৰামপুৰ চেকগেটত কয়লাৰ চিণ্ডিকেট ৰাজ চলাবলৈ সাজু হৈছে তেওঁৰে একাংশ অনুগত আৰু ঘনিষ্ঠ৷ অভিযোগ অনুসৰি পূৰ্বেও শাসনত থকাৰ সময়ত শ্ৰীৰামপুৰ চেকগেটত কয়লাৰ যি চিণ্ডিকেট ৰাজ চলিছিল সেয়া প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰিছিল হাগ্ৰামা বাহিনীয়ে৷ তৰুণ গগৈ চৰকাৰৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে দিছপুৰৰ পৰা লাভ কৰা অবাধ ক্ষমতাৰ বলতে শ্ৰীৰামপুৰ চেকগেট সম্পূৰ্ণ নিজৰ  নিয়ন্ত্ৰণত ৰাখিছিল হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ অনুগত বাহিনীয়ে৷ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতো মহিলাৰীয়ে এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল৷ কিন্তু বিগত পাঁচ বছৰ ক্ষমতাৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ ফলত হাগ্ৰামা মহিলাৰীৰ হাতৰ পৰা ওলাই গৈছিল শ্ৰীৰামপুৰৰ কয়লাৰ চিণ্ডিকেট৷ কিন্তু শেহতীয়াভাৱে পুনৰ ক্ষমতালৈ আহিয়ে শ্ৰীৰামপুৰ দখলত নামি পৰে হাগ্ৰামা বাহিনী৷ আৰু ইয়াৰে অংশ হিচাপে কোকৰাঝাৰ জিলাৰ পূৰ্বৰ আৰক্ষী অধীক্ষকজনক মাত্ৰ ২০/২২ দিনতে বদলি কৰি নিজৰ পচন্দৰ আৰক্ষী অধীক্ষকক কোকৰাঝাৰত বহুৱাই লয়৷ উল্লেখ্য যে ৯ অক্টোবৰত হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিছিল৷


শপত গ্ৰহণৰ ১৮ দিন পাছতে কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী পদলৈ বদলি কৰা হয় অসম আৰক্ষীৰ সেৱাৰ বিষয়া নোমল মাহাত্বোক৷ ২৭ অক্টোবৰত মহাতোই কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে৷ কিন্তু এমাহ নৌহওঁতেই জ্যেষ্ঠ আৰক্ষী অধীক্ষকজনক কোকৰাঝাৰৰ পৰা গুৱাহাটীৰ ডি চি পি পদলৈ বদলি কৰা হয়৷ কোকৰাঝাৰৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গক বদলি কৰা হয় ২৩ নৱেম্বৰৰ দিনাখন৷ অভিযোগ অনুসৰি শ্ৰীৰামপুৰ ছেকগেটত দীৰ্ঘদিন ধৰি চলি থকা কয়লাৰ চিণ্ডিকেট হাগ্ৰামা মহিলাৰীয়ে পুনৰ নিজৰ হাতলৈ নিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে৷ আৰু ইয়াৰে অংশ হিচাপে মহিলাৰীয়ে নিজৰ পচন্দৰ বিষয়াক জিলাখনলৈ বদলি কৰি আনিছে দিছপুৰৰ ওপৰত হেচা দি৷ অৰ্থাৎ হাগ্ৰামা মহিলাৰী শাসনলৈ অহাৰ প্ৰায় ডেৰ মাহৰ ভিতৰত দুজনকৈ আৰক্ষী অধীক্ষকক সলনি হয় কোকৰাঝাৰ জিলাত৷ আগন্তুক দিনবোৰত স্পষ্ট হ’ব হাগ্ৰামা মহিলাৰী আশীষধন্য সকল শ্ৰীৰামপুৰ চেকগেটক কেন্দ্ৰ কৰি কয়লাৰ চিণ্ডিকেট কিদৰে চলায় আৰু  আলফাৰ দপদপনি ৰোধৰ ক্ষেত্ৰত দিছপুৰৰ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ স্থিতি কি হয়?