Logo
image

৬৯৫ কোটি টকাৰে ‘অমিত শ্বাহৰ পুখুৰী’ খান্দিব ৰাজ্যই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ নৱেম্বৰঃ  ‘ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ বাবে বৃহৎ পুখুৰী বা ৰিজাৰ্ভৰ খান্দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমক ৬৯৫ কোটি টকা দিছে৷’ বুধবাৰে বিধানসভাত এই কথা সদৰি কৰি ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাজ্যত বান নিয়ন্ত্ৰণৰ বাবে মাননীয় অমিত শ্বাহ ডাঙৰীয়াই আমাৰ ৬৯৫ কোটি টকা দিছে৷ এই টকাৰে ৰিজাৰ্ভৰ বনোৱা কাম আৰম্ভ হৈছে৷ ৰিজাৰ্ভাৰ বনাওঁতে বহুত মানুহে হাঁহিছিল৷ প্ৰথমে কাম কৰিলেটো হাঁহেই, যেতিয়ালৈকে মানুহে সুফল নেদেখে হাঁহিবই৷ যিসকলে অমিত শ্বাহৰ পুখুৰীবিলাক বিচাৰি ফুৰিছে, তেওঁলোকৰ সমষ্টিতে বেছি পুখুৰী খান্দিছো৷ ইফালে মন্ত্ৰীগৰাকীয়ে সদনত কয় যে– ‘যোৱা চাৰি বছৰত আমি ৯৫০ কিলোমিটাৰ মথাউৰি নতুনকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ৷ গ্ৰাম্য পথ যোগাযোগত বৈপ্লৱিক পৰিৱৰ্তন হৈছে৷ মই যেতিয়া  জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লৈছিলো তেতিয়া এঘাৰ শ, চাৰে এঘাৰ শ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল আছিল৷


অসমৰ নৈ-উপনৈ সমূহৰ ভিতৰত ১১০০ কিলোমিটাৰত মথাউৰি নাছিল৷ যোৱা চাৰি বছৰত আমি ৯৫০ কিলোমিটাৰ মথাউৰি আমি নতুনকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো৷ যদি সকলো ঠিকে থাকে আৰু ৭০ কিলোমিটাৰ মথাউৰি এই বিত্তীয় বৰ্ষতে আমি অনুমোদন দিম৷ কাম আৰম্ভ কৰিম আৰু হয়তো ৭০ কিলোমিটাৰ মাহে মথাউৰি নবনোৱা জেগা থাকিব৷ আমি তাতো মথাউৰি বনাম, কোনো অসুবিধা নাই৷ কিন্তু তাত মানুহে মাটি এৰি দিবনে নিদিয়ে, এই বিষয়ত কথা পাতিব লাগিব৷ অসমৰ দুটা সমস্যা এটা বানপানী আৰু আনটো হৈছে গৰাখহনীয়া৷ আমি প্ৰথম অগ্ৰাধিকাৰ আছিল বানপানী নাইকীয়া কৰা, যিটোৰ কাৰণে ৯৫০ কিলোমিটাৰ মথাউৰি বনালো৷ ইয়াৰ ফলত বানপানীৰ প্ৰকোপ কমিছে৷ বানপানী পূৰ্বৰ তুলনাত ৭০ শতাংশ কমিছে৷ আমাৰ দুটা প্ৰজেক্ট চলি আছে এটা ৱল্ড বেংক আৰু আনটো এডিবি৷ ৱল্ড বেংকৰ প্ৰজেক্টটো বেকী আৰু বুঢ়ীদিহিং ৰিলেটেড, যিটো এডিবি প্ৰজেক্ট চলি আছে সেইটো ব্ৰহ্মপুত্ৰ ৰিলেটেড৷ আৰআইডিএফ বা নাবাৰ্ডৰ পৰা পোৱা প্ৰায় ৭০ শতাংশ টকা আমি মথাউৰি নিৰ্মাণত খৰচ কৰিছোঁ৷’